/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/9c8fa031-6b3e-419a-85ce-c5b8b35fb5a3/AP_FOR_WEB_grapes.jpg)
ডিজিটেল ডেস্ক: স্বাস্থ্যৱান হৈ থাকিবলৈ পুষ্টিকৰ খাদ্য খোৱাটো অতি প্ৰয়োজনীয়। আন খাদ্য সামগ্ৰীৰ বিপৰীতে ফল আৰু পাচলিত পোৱা পুষ্টিয়ে শৰীৰটোক সুস্থ কৰি ৰখাত যথেষ্ট সহায় কৰে। শৰীৰক বহু পুষ্টি যোগান ধৰা এনে এবিধ ফল হৈছে ক'লা আঙুৰ। আমাৰ বহুতৰে প্ৰিয় এই ক’লা আঙুৰত বহু পৰিমাণে ভিটামিন-চি, ভিটামিন-এ, ভিটামিন-বি ৬, প্ৰ'টিন, কেলচিয়াম, ফছফৰাছ আৰু মেগনেছিয়াম থাকে। আজি ক'লা আঙুৰ খোৱাৰ লাভালাভ সন্দৰ্ভত জানো আহক-
হৃদযন্ত্ৰ হয় স্বাস্থ্যকৰ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/f9d7d5d0-80fc-4e66-981c-bd59599db9ca/heathy_heart.jpg)
ক'লা আঙুৰ হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী। ইয়াত পটাছিয়াম, চাইটোকেমিকেলৰ দৰে পুষ্টি থাকে যি হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে। তদুপৰি, আঙুৰত পলিফেনল পোৱা যায়, যিয়ে আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ক'লা আঙুৰে কলেষ্টেৰলো নিয়ন্ত্ৰণত ৰাখে। বিশেষজ্ঞসকলৰ মতে, নিয়মীয়াকৈ ক'লা আঙুৰ খালে হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকা বহু পৰিমাণে হ্ৰাস হয়।
বৃদ্ধি হয় দৃষ্টিশক্তি
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/7f96ad7b-185c-4af1-b1ae-290b2f3f5c19/eye.jpg)
দৃষ্টিশক্তি বৃদ্ধিৰ বাবে ক'লা আঙুৰক অতি উপকাৰী বুলি গণ্য কৰা হয়। এক গৱেষণা অনুসৰি, ক'লা আঙুৰত ৰেচভেৰাট্ৰল নামৰ এক ৰাসায়নিক পদাৰ্থ থাকে, যাৰ এণ্টিঅক্সিডেটিভ আৰু এণ্টি-ইনফ্লেমেটৰী গুণাগুণ থাকে। সেয়ে ক'লা আঙুৰে চকুৰ ছানি পৰা সমস্যাৰ পৰা আপোনাক বচায় ৰাখিব পাৰে।
শক্তিশালী হয় ৰোগ প্ৰতিৰোধ ক্ষমতা
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/697bf774-e70a-4200-903c-ed1eed263469/2nd.jpg)
ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। ভিটামিন-চিকে ধৰি আৰু বহুতো পুষ্টি ক'লা আঙুৰত পোৱা যায়, যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ক'লা আঙুৰে বহু প্ৰকাৰৰ ৰোগ আৰু সংক্ৰমণৰ পৰাও সুৰক্ষা দিয়ে।
হাড় হয় শক্তিশালী
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/146992a6-3ca3-43ae-8018-6741ca18a4ed/bone.jpg)
ক'লা আঙুৰ খালে হাড় শক্তিশালী হয়। ইয়াত ৰেচভেৰাট্ৰল ৰাসায়নিক পদাৰ্থ পোৱা যায় যি হাড়ৰ বাবে অতি উপকাৰী। ই হাড়ৰ ঘনত্ব বৃদ্ধি কৰাতো সহায় কৰে। তদুপৰি, ক'লা আঙুৰত বহু পৰিমাণে কেলচিয়াম থাকে। কেলচিয়ামে হাড় শক্তিশালী কৰে।ক'লা আঙুৰ খোৱাটোৱে হাড়ৰ বিষৰ সমস্যাও আঁতৰ কৰে।
নিয়ন্ত্ৰণত থাকে ডায়েবেটিচ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/c6cab56d-e8c3-45e4-a449-ef7d15603725/diebetics.jpg)
ডায়েবেটিচ ৰোগীসকলৰ বাবে ক'লা আঙুৰ অতি উপকাৰী বুলিও গণ্য কৰা হয়। ইয়াৰ ডায়েবেটিক ৰোধী গুণাগুণো আছে। ই ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে। ইয়াত এণ্টিহাইপাৰগ্লাইচেমিক গুণাগুণেৰে সমৃদ্ধ ৰেচভেৰাট্ৰল নামৰ এক ৰাসায়নিক পদাৰ্থ থাকে। ই শৰীৰত ইনচুলিনৰ স্তৰ বৃদ্ধি হোৱাত বাধা দিয়ে। যদি আপুনি ডায়েবেটিচৰ দৰে বিপদজনক ৰোগৰ সৈতে যুঁজি আছে, তেন্তে আপুনি চিকিৎসকৰ পৰামৰ্শ অনুসৰি ক'লা আঙুৰ খাব পাৰে।