গ্ৰেট আটলাণ্টিক ছাৰ্গাছম বেল্টক লৈ চিন্তিত সমগ্ৰ বিশ্ব

আটলাণ্টিক মহাসাগৰত সংঘটিত হৈছে এক আচৰিত পৰিঘটনা। হয়, এক বিশেষ শেলাইৰ তৰপে আটলাণ্টিক মহাসাগৰৰ পৰা মেক্সিকো উপসাগৰলৈকে প্ৰায় ৮,৮৫০ কিলোমিটাৰ দৈৰ্ঘ্য আৱৰি ধৰিছে।

author-image
সংগীতা দাস
New Update
seo  শেলাই

ডিজিটেল ডেস্ক: আটলাণ্টিক মহাসাগৰত সংঘটিত হৈছে এক আচৰিত পৰিঘটনা। হয়, এক বিশেষ শেলাইৰ তৰপে আটলাণ্টিক মহাসাগৰৰ পৰা মেক্সিকো উপসাগৰলৈকে প্ৰায় ৮,৮৫০ কিলোমিটাৰ দৈৰ্ঘ্য আৱৰি ধৰিছে। এই সমগ্ৰ শেলাইৰ তৰপটোক গ্ৰেট আটলাণ্টিক ছাৰ্গাছম বেল্ট (GASB) নামেৰে নামাকৰণ কৰা হৈছে। কিদৰে শেলাইয়ে এনে এক বৃহৎ পৰিসৰ  আৱৰি ধৰিবলৈ পালে, তাকে লৈ এতিয়া সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকল চিন্তিত হৈ পৰিছে। এই বেল্টটোৱে সাগৰীয় পৰিৱেশ তন্ত্ৰৰ লগতে মানৱ জীৱনলৈও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। 

ছাৰ্গাছম কি, ই কিয় বিপদজনক?

এসময়ত ছাৰ্গাছ’ সাগৰত আৱদ্ধ হৈ থকা সাগৰীয় শেলাই হৈছে ছাৰ্গাছম। ই সাগৰৰ পৃষ্ঠত 'ড্ৰিফ্ট' কৰাৰ সময়ত সৰু সৰু সাগৰীয় জীৱ আৰু মাছৰ বাবে প্ৰাকৃতিক বাসস্থান হৈ পৰে। কিন্তু এতিয়া এয়া সীমিত এলেকাৰ ভিতৰত সীমাবদ্ধ নহৈ বৃহৎ এলেকা ছানি ধৰিছে। সাগৰখনত এই শেলাইৰ আবিৰ্ভাৱ ২০১১ চনত হৈছিল। তেতিয়াৰ পৰা ইয়াৰ আকাৰ বছৰি দুগুণ বৃদ্ধি পাইছে। 

উষ্ণ আৰু পুষ্টিকৰ পানীয়ে ইয়াৰ দ্ৰুত বৃদ্ধিত ইন্ধন যোগায়। কৃষি পানী, নলা-নৰ্দমা আৰু উদ্যোগিক নিৰ্গমনৰ পৰা অতিৰিক্ত নাইট্ৰ’জেন আৰু ফছফৰাছ নদীত প্ৰৱেশ কৰি সাগৰলৈ বৈ যায়।

বৈজ্ঞানিক সতৰ্কবাণী

ফ্ল’ৰিডা আটলাণ্টিক বিশ্ববিদ্যালয়ৰ হাৰ্বাৰ ব্ৰাঞ্চ অ’চেন’গ্ৰাফিক ইনষ্টিটিউটৰ গৱেষণাৰ পৰা দেখা গৈছে যে ১৯৮০ চনৰ পৰা ২০২০ চনৰ ভিতৰত ছাৰ্গাছামত নাইট্ৰ’জেনৰ পৰিমাণ ৫৫% বৃদ্ধি পাইছে। নাইট্ৰজেন আৰু ফছফৰাছৰ অনুপাত ৫০% বৃদ্ধি পাইছে। শেলাইবোৰ এতিয়া আগতকৈ বেছি দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু অভাৱনীয় ভাৱে বৃহৎ এলেকা বাদামী ৰঙৰ দলিছাৰে ছানি ধৰিছে। 

সাগৰীয় জীৱৰ ওপৰত এই শেলাইৰ প্ৰভাৱ

ছাৰ্গাছম বেল্টে সাগৰীয় জীৱৰ প্ৰতি এক বৃহৎ ভাবুকিৰ সৃষ্টি কৰিছে। শেলাই জমা হোৱা ঠাইত সূৰ্যৰ পোহৰ সোমাব নোৱাৰে, যাৰ ফলত প্ৰবাল প্ৰাচীৰত সালোক সংশ্লেষণ বন্ধ হৈ পৰে। সাগৰৰ দ্বাৰা কাৰ্বন নিষ্কাশনৰ ক্ষেত্ৰতো ক্ষতি হয়। ছাৰ্গাছমৰ পচনৰ ফলত হাইড্ৰজেন ছালফাইড, মিথেন আৰু অন্যান্য সেউজ গৃহ গেছ নিৰ্গত হয়, যাৰ ফলত জলবায়ু পৰিৱৰ্তন ত্বৰান্বিত হয়। আনহাতে, যেতিয়া শেলাইবোৰ উপকূলত উপনীত হয়, তেতিয়া দুৰ্গন্ধ আৰু বিষাক্ত গেছে ওচৰৰ জনসংখ্যাৰ বাবে স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে।

অৰ্থনৈতিক প্ৰভাৱ

উপকূলত ছাৰ্গাছম জমা হোৱাৰ ফলত পৰ্যটনত ব্যাঘাত জন্মে আৰু মাছ ধৰাৰ কাম বন্ধ হৈ পৰে। ইফালে, এই শেলাই পৰিষ্কাৰ কৰিবলৈ লাখ লাখ টকা খৰচ হয়। ১৯৯১ চনত ফ্ল’ৰিডাৰ উপকূলত ইমানেই বৃহৎ সঞ্চয় হৈছিল যে এটা পাৰমাণৱিক শক্তি কেন্দ্ৰ সাময়িকভাৱে বন্ধ কৰিবলগীয়া হৈছিল। ইয়াৰ পৰা প্ৰমাণিত হয় যে ছাৰ্গাছম পৰিৱেশৰ সংকট। এই ক্ষেত্ৰত যদিহে সোনকালে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে অনাগত বছৰবোৰত এই ‘ছাৰ্গাছম মনষ্টাৰ’ অৰ্থাৎ  শেলাইৰ তৰপে সমগ্ৰ কেৰিবিয়ান আৰু আমেৰিকাৰ উপকূলক আগুৰি ধৰাৰ এশ শতাংশ সম্ভাৱনা আছে।