/asomiyapratidin/media/media_files/2025/10/03/garlic-2025-10-03-15-06-50.jpg)
ডিজিটেল ডেস্ক: খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে আমি সকলোয়ে ৰন্ধন প্ৰক্ৰিয়াত নহৰু ব্যৱহাৰ কৰো। নহৰু স্বাস্থ্যৰ পক্ষেও খুব উপকাৰী। নহৰুক মংগল আৰু সমৃদ্ধিৰ প্ৰতীক বুলিও গণ্য কৰা হয়। আয়ুৰ্বেদ আৰু বাস্তু শাস্ত্ৰত নহৰুৰ গুৰুত্ব অতি বিশেষ। জীৱনটোক সুখৰ কৰি তুলিবলৈ আপুনি নহৰু আপোনাৰ পকেটতো ৰাখিব পাৰে। আজি এই বিষয়ে জানো আহক-
ভাল টোপনি, মানসিক চাপ দূৰ
যদি আপুনি অনিদ্ৰা বা মানসিক চাপৰ সৈতে যুঁজি আছে তেন্তে নহৰু আপোনাৰ বাবে এটা সহজ প্ৰতিকাৰ হ’ব পাৰে। শুই থকাৰ সময়ত আঠুৱাৰ তলত নহৰু ৰাখিলে ইয়াৰ প্ৰাকৃতিক সুগন্ধি আৰু শক্তিৰে মন শান্ত হয় বুলি বিশ্বাস কৰা হয়। ইয়াৰ ফলত মানসিক চাপ কমি যায়, মন লঘু হয়, গভীৰ আৰু জিৰণিদায়ক টোপনিৰ প্ৰসাৰ ঘটে।
ঋণাত্মক শক্তিৰ পৰা সুৰক্ষা
অতীজৰে পৰা নহৰুক নেতিবাচক শক্তি আৰু অশুভ দৃষ্টিৰ পৰা ৰক্ষাকৱচ হিচাপে বিবেচনা কৰি অহা হৈছে। বিশ্বাস কৰা হয় যে পকেটত নহৰু ৰাখিলে ই নেতিবাচক শক্তিৰ পৰা আপোনাক আঁতৰাই ৰাখে আৰু জীৱনলৈ ইতিবাচকতা আনে। ইয়াৰ ফলত আত্মবিশ্বাস বৃদ্ধি পায় আৰু জীৱনত উৎসাহ বৰ্তি থাকে।
ঘৰখনক সুৰক্ষা
বাস্তু শাস্ত্ৰত নহৰুক ঘৰুৱা সুৰক্ষাৰ ঔষধ হিচাপে গণ্য কৰা হয়। কোৱা হয় যে এটা কোঠাত নহৰু আৰু নিমখ ৰাখিলে নেতিবাচক শক্তিৰ প্ৰৱেশত ই বাধা দিয়ে। ইয়াৰ ফলত ঘৰৰ পৰিৱেশ নিৰ্মল আৰু শান্তিপূৰ্ণ হৈ থাকে আৰু পৰিয়ালৰ ভিতৰত সুখ, সমৃদ্ধি বজাই ৰাখে।
দুঃস্বপ্নৰ পৰা মুক্তি
ৰাতি দুঃস্বপ্নৰ অসুবিধা হ’লে নহৰুক ইয়াক ফলপ্ৰসূ প্ৰতিকাৰ হিচাপে গণ্য কৰা হয়। শোৱাৰ আগতে হনুমান চলিছা বা সুন্দৰকাণ্ড পাঠ কৰি আঠুৱাৰ তলত নহৰু ৰাখিলে দুঃস্বপ্ন দূৰ কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ ফলত ভয় দূৰ হয় আৰু টোপনিলৈ শান্তি আৰু নিৰাপত্তা আনে।
লাভ কৰিব ধন-সম্পত্তি
বাস্তু শাস্ত্ৰৰ মতে, নহৰুক সৌভাগ্য আৰু সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়। নিজৰ পকেটত নহৰু ৰাখিলে মানুহৰ আৰ্থিক অৱস্থা শক্তিশালী হয়, আৰ্থিক বাধা নাইকিয়া হয়, জীৱনত প্ৰগতি আৰু সফলতাৰ নতুন সুযোগ মুকলি হয় বুলি বিশ্বাস কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us