সাৱধান হওঁক, অন্যথা হেৰুৱাব মগজুৰ শক্তি

আপুনিও ঘৰ বা কাৰ্যালয়ত ঘণ্টা ঘণ্টা ধৰি বহি কাম কৰি থাকে নেকি ? যদি কৰে, তেন্তে আপোনাৰ বাবে বেয়া খবৰ ! বহু সময় ধৰি বহি থাকিলে মগজুৰ কাৰ্যক্ষমতা হ্ৰাস হয়। এক গৱেষণাত এই কথা পোহৰলৈ আহিছে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
seo  web ap 14

ডিজিটেল ডেস্ক: আপুনিও ঘৰ বা কাৰ্যালয়ত ঘণ্টা ঘণ্টা ধৰি বহি কাম কৰি থাকে নেকি? যদি থাকে, তেন্তে আপোনাৰ বাবে বেয়া খবৰ ! বহু সময় ধৰি বহি থাকিলে মগজুৰ কাৰ্যক্ষমতা হ্ৰাস হয়। এক গৱেষণাত এই কথা পোহৰলৈ আহিছে। আচৰিত কথাটো এয়ে যে নিয়মিতভাৱে ব্যায়াম কৰিলেও দীৰ্ঘ সময় বহি থাকিলে মগজুৰ ক্ষতি হ’ব পাৰে। হয়, সাত বছৰীয়া এক অধ্যয়নত দেখা গৈছে যে দীৰ্ঘ সময় বহি থকা প্ৰাপ্তবয়স্কসকলৰ মগজুৰ সংকোচন আৰু মানসিক অৱনতি অধিক হয়। 

Advertisment

মগজুৰ স্বাস্থ্যত দীৰ্ঘ সময় বহি থকাৰ প্ৰভাৱ

ভেণ্ডাৰবিল্ট বিশ্ববিদ্যালয়ৰ মেম’ৰী এণ্ড এলঝেইমাৰ চেণ্টাৰৰ গৱেষকসকলে সাত বছৰৰ ভিতৰত ৪০৪ জন বয়সস্থ প্ৰাপ্তবয়স্ক (গড় বয়স ৭১)ক হাতত মনিটৰ ব্যৱহাৰ কৰি কাৰ্য্যকলাপৰ মাত্ৰা জুখিবলৈ অনুসৰণ কৰিছিল। অংশগ্ৰহণকাৰীসকলে দৈনিক গড়ে ১৩ ঘণ্টা বহি কাম কৰে, তেওঁলোকৰ স্মৃতিশক্তি আৰু এলঝেইমাৰৰ সৈতে জড়িত মগজুৰ অঞ্চলবোৰ পাতল হোৱাৰ লগতে স্মৃতিশক্তি পৰীক্ষাত ফলাফল খুবেই বেয়া। তদুপৰি তেওঁলোকৰ হিপ’কেম্পেল ভলিউম দ্ৰুতভাৱে হ্ৰাস পায়। স্মৃতিশক্তিৰ বাবে মগজুৰ এটা মূল অংশ। যাৰ বাবে এলঝেইমাৰকে ধৰি বহু ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়।

অধ্যয়নত পোহৰলৈ আহিল এই তথ্য

বিশেষকৈ এলঝেইমাৰৰ সম্ভাৱনা বৃদ্ধি কৰা APOE-ε4 জিন ভেৰিয়েণ্ট বহন কৰাসকলৰ বাবে বহি থকা আৰু মগজুৰ স্বাস্থ্যৰ মাজত এক চিন্তনীয় সম্পৰ্ক উন্মোচিত হৈছে। বহি বহি অধিক সময় কটোৱা APOE-ε4 বাহকসকলৰ মগজুৰ পদাৰ্থ বিশেষকৈ ফ্ৰন্টাল আৰু পেৰিটেল লোবত বহি নথকাসকলৰ তুলনাত যথেষ্ট বেছি হ্ৰাস পোৱা দেখা গৈছিল।

উল্লেখ্য যে, পূৰ্বৰ বহু গৱেষণাত বহি থকাৰ ফলত হৃদৰোগ, ডায়েবেটিছ আৰু কেন্সাৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি হয় বুলি প্ৰমাণিত হৈছিল। এই গৱেষণাই পাছত সেই তালিকাত মগজুৰ স্বাস্থ্যৰ বিষয়টোও সংযোজন হৈছে। দীৰ্ঘদিন বহি থাকিলে মগজুৰ ৰক্তবাহী নলীৰ ক্ষতি, প্ৰদাহ বৃদ্ধি হোৱাৰ লগতে মগজুৰ কোষৰ সংযোগত ব্যাঘাত জন্মে। এই অধ্যয়নত অংশগ্ৰহণকাৰীসকলে জ্ঞানমূলক মূল্যায়নও সম্পূৰ্ণ কৰিছিল আৰু এলঝেইমাৰ ৰোগত আক্ৰান্তসকলক গুৰুত্ব আৰোপ কৰি মগজুৰ স্কেন কৰা হৈছিল। 

কিদৰে সুৰক্ষিত কৰিব মগজুক ?

প্ৰযুক্তি, স্মাৰ্টফোন, এআই, ৰিম’ট আদিয়ে দৈনন্দিন জীৱনক অধিক সুবিধাজনক কৰি তোলাৰ বাবে আজিকালি  বহি বহি কাৰ্যালয়ৰ বা ঘৰৰ কাম কৰাটো কোনো আচৰিত কথা নহয়। অধ্যয়নটোত উল্লেখ কৰা মতে, গড় বয়স্ক প্ৰাপ্তবয়স্কই দিনটোত ৯ ঘণ্টাৰো অধিক সময় বহি কটায়। Covid-19 মহামাৰীৰ পাছত সকলোৰে অধিক সময় বহি কাম কৰাৰ অভ্যাস গঢ় লৈ উঠিছিল। আনহাতে, আপুনি য'তেই কাম নকৰক কিয়, কাম কৰাৰ মাজে মাজে উঠি চলা-ফুৰা কৰি থাকিব।