/asomiyapratidin/media/media_files/2025/03/13/2DjMOgbBW67UTsjwSDg7.jpg)
ডিজিটেল ডেস্কঃ ডায়েবেটিছ ৰোগীৰ বাবে সকাহ। বহুমূত্ৰ ৰোগৰ ঔষধ এম্পাগ্লিফ্ল’জিনৰ মূল্য ৯০ শতাংশ পৰ্যন্ত হ্ৰাস পাই প্ৰতি টেবলেটত হ'ব ৫.৫ পাউণ্ড । এই পদক্ষেপে দেশৰ লাখ লাখ ডায়েবেটিছ ৰোগীক উপকৃত কৰিব।
চলিত মাহৰ আৰম্ভণিতে ব’ৰিংগাৰ ইংগেলহাইম (বি আই) ঔষধৰ জেনেৰিক সংস্কৰণ কেইবাটাও ফাৰ্মা কোম্পানীয়ে মুকলি কৰাৰ লগে লগে মূল ৬০ টকাৰ পৰা ৯ টকালৈ হ্ৰাস পাব বহুমূত্ৰ ৰোগৰ ঔষধৰ মূল্য।
এই ঔষধ মুকলি কৰিব বিচৰাসকলৰ ভিতৰত আছে মানকাইণ্ড ফাৰ্মা , টৰেণ্ট, আলকেম, ডাঃ ৰেডীজ আৰু লুপিন। বজাৰ অংশীদাৰিত্বৰ হিচাপত ভাৰতৰ চতুৰ্থ বৃহত্তম প্ৰতিষ্ঠান মানকাইণ্ড ফাৰ্মাই প্ৰতি টেবলেটত ৬০ টকাৰ দহ ভাগৰ এভাগত এম্পাগ্লিফ্ল’জিন প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে।