/asomiyapratidin/media/media_files/2025/05/06/SMp53mwOjfnYIearu9B5.jpg)
২০২৫ চনৰ মাৰ্চ ত্ৰৈমাসিকত এপল ইণ্ডিয়াৰ বজাৰৰ চাহিদা ২৫ শতাংশ বৃদ্ধি
ডিজিটেল ডেস্ক : সোমবাৰে চাইবাৰমিডিয়া ৰিচাৰ্চে এক প্ৰতিবেদন প্ৰকাশ কৰিছে। এই প্ৰতিবেদনত উল্লেখ কৰা তথ্য অনুসৰি ২০২৫ চনৰ মাৰ্চ ত্ৰৈমাসিকত ভাৰতত এপলৰ আইফোনৰ যোগান পূৰ্বৰ বছৰৰ তুলনাত ২৫ শতাংশ বৃদ্ধি পাইছে ।
এই সময়ছোৱাত আইফোনে ৮ শতাংশ বজাৰ অংশীদাৰিত্ব দখল কৰিবলৈ সক্ষম হৈছে। চীনৰ স্মাৰ্টফোন কোম্পানী ভিভ’ই ভাৰতৰ সামগ্ৰিক স্মাৰ্টফোন বজাৰত ২০ শতাংশ অংশীদাৰিত্বৰে আগবাঢ়ি আছে। ২০২৫ চনৰ জানুৱাৰী-মাৰ্চত কোৰিয়াৰ স্মাৰ্টফোন কোম্পানী চেমচাঙে ১৮ শতাংশ অংশীদাৰিত্বৰে দ্বিতীয় স্থানত আছে।
একেদৰে তৃতীয় স্থানত আছে ছাইঅ’মি কোম্পানী। কোম্পানীটোৱে এই সময়ছোৱাত ১৩ শতাংশ বজাৰ অংশীদাৰিত্বৰে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, এপলে ২৫ শতাংশ চাহিদা বৃদ্ধিৰে খুচুৰা বজাৰত ৮ শতাংশ অংশীদাৰিত্ব লাভ কৰাতো এক উল্লেখযোগ্য যে দিশ। প্ৰতিবেদনত কোৱা হৈছে যে আইফোন ১৬ইকে ধৰি আইফোন ১৬ ছিৰিজে এই বৃদ্ধিত যথেষ্ট অৰিহণা যোগাইছে।