ভাল আচৰণ নকৰা শিশুৰ অভিভাৱকে এইসমূহ দিশত গুৰুত্ব দিব

ভাল আচৰণ নকৰা শিশুৰ অভিভাৱকে এইসমূহ দিশত গুৰুত্ব দিব

ডিজিটেল ডেস্ক: কিছুমান শিশুৰ খং খুব বেছি।সৰু সৰু কথাতেই তেওঁলোক জাঙুৰ খাই উঠে। বহুসময়ত তেওঁলোকে সম বয়সৰ শিশুক প্ৰহাৰ পৰ্যন্ত কৰে।যদি আপোনাৰ সন্তানেও এনে কাম কৰে, তেন্তে ইয়াৰ অৰ্থ হৈছে তেওঁলোকৰ আচৰণ আনৰ প্ৰতি ভাল নহয়।এনে আচৰণৰ বাবে  সকলো তেওঁৰ পৰা আঁতৰি যাব। কোনো সংগ নহ’ব, আনকি কোনেও শিশুটোৰ লগত কথাও নাপাতিব। এনে হোৱাৰ ফলত শিশু এটাৰ মানসিক বিকাশ ভাল নহয়।ফলত সকলোবোৰ তেওঁলোকে নেতিবাচক দিশৰেই চোৱা আৰম্ভ কৰিব।যদি আপোনাৰ সন্তানো এনেকুৱা হয়, তেন্তে এনে অভ্যাস কেনেদৰে উন্নত কৰিব পাৰি, আজি সেই বিষয়ে জানো আহক-

শাস্তি নিদিব 

যদি আপোনাৰ সন্তানে আনৰ সৈতে ভাল ব্যৱহাৰ নকৰে, আপুনি তেওঁলোকক শাস্তি নিদিব। শাস্তি দিলে এই সমস্যাটো সমাধান নহ'ব।শিশুসকল এই বদ অভ্যাসৰ বিষয়ে জ্ঞাত নহয়, সেয়েহে আপুনি তেওঁলোকক এই বিষয়ে ভালকৈ বুজাই দিব। এবাৰ নুবুজিলে আকৌ বুজাবলৈ চেষ্টা কৰিব। শাস্তি দিয়াৰ সলনি শিশুটোক আচৰণ সংশোধন কৰিবলৈ সুযোগ দিব। 

অনুপ্ৰাণিত কৰিব 

প্ৰতিজন অভিভাৱক তেওঁলোকৰ সন্তানৰ আদৰ্শ। গতিকে যদি আপুনি তেওঁলোকক অনুপ্ৰাণিত নকৰে, তেন্তে কোনে কৰিব ? শিশুৱে কৰা কামবোৰত উদগনি দিয়ক। যদি আপুনি তেওঁলোকে কৰা কামবোৰ সন্দৰ্ভত বেছিকৈ আলোচনা কৰে আৰু কয় যে সেয়া ভাল হোৱা নাই, তেনেহ'লে ই তেওঁলোকৰ হৃদয়ত আপোনাৰ বাবে প্ৰতিশোধৰ ভাৱ সৃষ্টি কৰিব পাৰে।

অত্যাধিক কঠোৰ নহ'ব 

বহুসময়ত শিশুৱে অতি খং কৰে। যাৰ ফলত তেওঁলোকে আনৰ সৈতে দুৰ্ব্যৱহাৰ কৰা আৰম্ভ কৰে। ইয়াৰ কাৰণ হৈছে যে অভিভাৱকসকলে তেওঁলোকৰ সৈতে ভাল ব্যৱহাৰ নকৰে আৰু তেওঁলোকক গালি-গালাজ কৰি থাকে।সকলো সময়তে শিশুসকলক গালি-গালাজ কৰি থাকিলে তেওঁলোকৰ মনত আৰু অধিক প্ৰতিশোধৰ ভাৱ জাগি উঠে।এনে পৰিস্থিতিত, শিশুৰ প্ৰতি কঠোৰ হোৱাৰ পৰিৱৰ্তে তেওঁলোকক বুজাবলৈ চেষ্টা কৰক। তেওঁ কি ভুল কৰিছে আৰু কিয় কৰিছিল, সেই বিষয়ে তেওঁক কওঁক। ই শিশুটোক অভদ্ৰ আচৰণ কৰাত বাধা দিব।

অপমান নকৰিব 

বহুসময়ত অভিভাৱকে শিশুসকলক সঠিক পাঠ দিবলৈ অপমান কৰা আৰম্ভ কৰে। বিশেষকৈ যদি তেওঁলোকক আনৰ সন্মুখত অপমান কৰা হয়, ইয়াৰ অৰ্থ হৈছে যে তেওঁলোকৰ আত্মসন্মান আঘাত প্ৰাপ্ত হৈছে। এনে পৰিস্থিতিত, যদি তেওঁলোকৰ সৈতে বাৰে বাৰে এনে হয়, তেওঁলোক খং উঠিব। নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে তেওঁলোকৰ আৰু অধিক খং উঠিব।সেয়েহে কিবা বুজাবলগীয়া থাকিলে শিশুটোক অকলে বুজাব।

ভাল আচৰণ নকৰা শিশুৰ অভিভাৱকে এইসমূহ দিশত গুৰুত্ব দিব
শিশুটিক মাৰ-পিট নকৰিব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in