14 Powerful Health Benefits Of Tulsi: তুলসী পাতৰ ঔষধি গুণ

14 Powerful Health Benefits Of Tulsi: তুলসী পাতৰ ঔষধি গুণ

ডিজিটেল ডেস্ক: ভাৰতৰ হিন্দু ধৰ্মালম্বী লোকৰ ঘৰ আৰু আয়ুৰ্বেদত তুলসীৰ এক বিশেষ স্থান আছে।হিন্দুসকলে তুলসীক পবিত্ৰ জ্ঞান কৰি পূজা-অৰ্চনা কৰে।তুলসীপাতত ভিটামিন এ, চি, কে আৰু কেলচিয়াম, মেগনেছিয়াম, ফছফৰাছ, লো আৰু পটাছিয়ামৰ দৰে খনিজ পদাৰ্থ থাকে।তুলসীত যথেষ্ট পৰিমাণে প্ৰ'টিন আৰু আঁহ আছে।তুলসীৰ বহু উপকাৰী গুণ আছে।অজস্ৰ স্বাস্থ্য লাভালাভৰ বাবে তুলসীক 'বনৌষধিৰ ৰাণী' বুলি কোৱা হয়।আজি জানো আহক পবিত্ৰ তুলসীৰ ঔষধী গুণ-

ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধক

তুলসী ভিটামিন চি আৰু জিংক সমৃদ্ধ।তুলসীয়ে মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধক হিচাপে কাম কৰে।তুলসীত অপৰিসীম এণ্টি-বেক্টেৰিয়া, এণ্টি-ভাইৰেল আৰু এণ্টি-ফাংগাল গুণ আছে যিয়ে আমাক বিভিন্ন সংক্ৰমণৰ পৰা সুৰক্ষিত কৰে।

জ্বৰ-বিষ দূৰ কৰে

তুলসীত থকা এণ্টি-বেক্টেৰিয়া আৰু এণ্টি-ভাইৰেল গুণে জ্বৰ হোৱাৰ পৰা শৰীৰটোক সুৰক্ষা দিয়ে।ক'লা জালুকৰ গুৰিৰ সৈতে তুলসীৰ সতেজ ৰস সেৱন কৰিলে জ্বৰ নিৰাময় হয়।তুলসীৰ পাত পানীত উতলাই ইলাছিৰ গুৰিৰ সৈতে খালে শৰীৰৰ উষ্ণতা হ্ৰাস কৰে।

চৰ্দি, কাহ,শ্বাস-প্ৰশ্বাসজনিত ৰোগ নিৰ্মূল কৰে

তুলসীত থকা কাম্ফেন, চিনোল আৰু ইউজেনোলে বুকুখনক ঠাণ্ডা লগাৰ পৰা ৰক্ষা কৰে। মৌ আৰু আদাৰ সৈতে মিহলি কৰা তুলসী পাতৰ ৰস খোৱাটো ব্ৰংকাইটিছ, হাঁপানী, ইনফ্লুৱেঞ্জা, কাহ আৰু চৰ্দিত অতি উপকাৰী।

14 Powerful Health Benefits Of Tulsi: তুলসী পাতৰ ঔষধি গুণ
15 Amazing Guava Benefits: মধুৰিআমৰ গুণাগুণৰ বিষয়ে আপুনি জানেনে?

চাপ-ৰক্তচাপ হ্ৰাস কৰে

তুলসীত অচিমুমোচাইড এ আৰু বি যৌগ থাকে। এই যৌগবোৰে চাপ হ্ৰাস কৰে আৰু মগজুৰ নিউৰোট্ৰেন্সমিটাৰ চেৰোটনিন আৰু ডোপামিনৰ ভাৰসাম্য কৰি ৰাখে।তুলসীয়ে ৰক্তচাপ হ্ৰাস কৰে।

কৰ্কট ৰোধী গুণাগুণ

তুলসীত থকা ফাইটোকেমিকেলবোৰৰ শক্তিশালী এণ্টিঅক্সিডেণ্ট গুণ আছে।এইবোৰে আমাক ছাল, যকৃত, মুখআৰু হাঁওফাঁওৰ কৰ্কটৰোগৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে।

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ভাল

তুলসীয়ে তেজৰ লিপিডৰ পৰিমাণৰ লগতে ইস্কিমিয়া আৰু ষ্ট্ৰ’ক দমন কৰি উচ্চ ৰক্তচাপ হ্ৰাস কৰি।উচ্চ এণ্টিঅক্সিডেণ্ট গুণাগুণৰ বাবে তুলসীয়ে কাৰ্ডিওভাস্কুলাৰ ৰোগৰ চিকিৎসা তথা প্ৰতিৰোধত গভীৰ প্ৰভাৱ পেলায়।

মধুমেহ ৰোগত উপকাৰী

তুলসীপাতৰ ৰসে টাইপ ২ ডায়বেটিচ থকা ৰোগীৰ ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰে।

বৃক্কৰ পাথৰ,গাউটি আৰ্থ্ৰাইটিছত উপযোগী

তুলসীয়ে শৰীৰক বিষমুক্ত কৰাৰ লগতে ইয়াৰ মূত্ৰনাশক গুণাগুণ আছে। ই শৰীৰত ইউৰিক এচিডৰ স্তৰ হ্ৰাস কৰে, যি হৈছে বৃক্কৰ পাথৰ সৃষ্টি হোৱাৰ মূল কাৰণ। 

বদহজম দূৰ কৰে

তুলসীৰ ৰসে বদহজম আৰু ভোক নোহোৱা হোৱাটো নিৰাময় কৰাত সহায় হয়। পেট ফুলা বেমাৰতো তুলসী ৰস বৰ উপকাৰী।

ছাল-চুলিৰ বাবে ভাল

তুলসীয়ে দাগ আৰু শালমইনাৰ ছাল পৰিষ্কাৰ কৰাত সহায় কৰে। ই এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ।তুলসীয়ে অকাল বার্ধক্য প্ৰতিৰোধ কৰাতো সহায় কৰে।তুলসীয়ে আমাৰ চুলিৰ গুৰি শক্তিশালী কৰে আৰু চুলি সৰা তথা উফিৰ সমস্যা দূৰ কৰে।

পতংগ প্ৰতিৰোধক হিচাপে কাম কৰে

শুকান তুলসীৰ পাতবোৰে পোক-পতংগ প্ৰতিৰোধ কৰে।

পোক-পতংগৰ কামোৰ,তেজ বিশুদ্ধকৰণ

পোক-পতংগ প্ৰতিৰোধ কৰাৰ উপৰিও তুলসী পাতৰ ৰস পোক-পতংগই কামোৰা ঠাইত লগালে ঠাইডোখৰৰ বিষ, ফুলা আৰু জ্বলা-পোৰা যথেষ্ট পৰিমাণে হ্ৰাস কৰে।তদুপৰি, তুলসীৰ দৈনিক সেৱনে তেজ বিশুদ্ধ কৰাত সহায় কৰে।

মূখ আৰু দাঁতৰ স্বাস্থ্য

তুলসীয়ে দাঁত আৰু দাঁতৰ আলু শক্তিশালী কৰি তোলে।মূখত যিকোনো ঘাঁ হলে তুলসীৰ ৰস লগালে ঘাঁ সোনকালে ভাল হৈ উঠে।
 ভাগৰ দূৰ কৰে

তুলসীৰ বহু শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ লাভালাভ আছে।ভাগৰ দূৰ কৰিবলৈ তুলসী পানী সেৱন কৰিব লাগে।দীঘলীয়া অধ্যয়নৰ সময়ত তুলসী পানী খালে শিক্ষাৰ্থীসকলৰ মনোযোগ বৃদ্ধি কৰাত সহায় কৰিব পাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in