কেদাৰনাথ যাম বুলি ভাবি আছে নেকি ?

শ্ৰী কেদাৰনাথ ধামৰ দুৱাৰ মুকলিৰ পাছতেই এতিয়া মন্দিৰলৈ ভক্তৰ লানি নিছিগা সোঁত বৈছে। আপুনিও বাৰু এইবছৰ কেদাৰনাথ যাত্ৰাৰ পৰিকল্পনা কৰিছে নেকি ? যদি কৰিছে, আপুনি কেতবোৰ বিশেষ দিশত মন দিয়াটো খুবেই জৰুৰী।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
কেদাৰনাথ

ডিজিটেল ডেস্কঃ শ্ৰী কেদাৰনাথ ধামৰ দুৱাৰ মুকলিৰ পাছতেই এতিয়া মন্দিৰলৈ ভক্তৰ লানি নিছিগা সোঁত বৈছে। আপুনিও বাৰু এইবছৰ কেদাৰনাথ যাত্ৰাৰ পৰিকল্পনা কৰিছে নেকি ? যদি কৰিছে, আপুনি কেতবোৰ বিশেষ দিশত মন দিয়াটো খুবেই জৰুৰী। হয়, এই যাত্ৰা আগতে শাৰীৰিক আৰু মানসিক প্ৰস্তুতি চলোৱাটো অতি প্ৰয়োজনীয়, যাতে আপোনাৰ যাত্ৰা নিৰাপদ, আধ্যাত্মিক আৰু স্মৰণীয় হৈ ৰয়। 

Advertisment

কেদাৰনাথ ভ্ৰমণৰ পূৰ্বে এই বিষয়ে জানি লওঁক

উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত অৱস্থিত বিশ্ববিখ্যাত কেদাৰনাথ ধাম যাত্ৰাৰ পূৰ্বে চৰকাৰী নিয়ম অনুসৰি প্ৰতিজন ভ্ৰমণকাৰীৰ বাবে অনলাইন/অফলাইন পঞ্জীয়ন কৰাটো বাধ্যতামূলক। ইয়াৰ বাবে আপুনি চৰকাৰী পৰ্টেল https://badrinath-kedarnath.gov.in/, https://badrinath-kedarnath.gov.in/ত পঞ্জীয়ন কৰিব পাৰে। গৰম কাপোৰ, জেকেট, ছুৱেটাৰ, টুপী, গ্ল'ভছ, ৰেইন কোট, ছাতি লগত লৈ যাব। কাৰণ, যিকোনো সময়তে বৰষুণ দিব পাৰে। তদুপৰি, টৰ্চ, পাৱাৰ বেংক, ঔষধ, চেণ্ডেল, উলৰ মোজা, ব্যক্তিগত পৰিচয় পত্ৰ আৰু আধাৰ কাৰ্ড লগত লৈ যাবলৈ নাপাহৰিব।

স্বাস্থ্যৰ যতন

গৌৰীকুণ্ডৰ পৰা কেদাৰনাথলৈ যাত্ৰাত ১৬-১৮ কিলোমিটাৰ ট্ৰেকিং কৰিবলগীয়া হয়। এই যাত্ৰাৰ পৰিকল্পনা কৰা দিনাৰ পৰাই খোজ কঢ়া, প্ৰাণায়ম, যোগ কৰা আৰম্ভ কৰিব কৰক। ১১,৫০০ ফুট উচ্চতাত অক্সিজেন কম হয়, গতিকে যাত্ৰাৰ সময়ত লাহে লাহে খোজ কাঢ়িব। গভীৰভাৱে উশাহ আৰু মাজতে জিৰণি ল’ব। নিজৰ শৰীৰৰ প্ৰতি লক্ষ্য কৰি প্ৰয়োজনত আপুনি অক্সিজেন চিলিণ্ডাৰ ভাড়াত লৈ ল’ব।

আগতীয়া হোটেল বুকিং

মে’-জুন মাহত কেদাৰনাথত যথেষ্ট ভক্তৰ সমাগম হয়।  এই সময়ছোৱাত হোটেলবোৰ ভৰি থাকে। গতিকে, হোটেল আগতীয়াকৈ বুকিং কৰিব। আনহাতে, কেৱল চৰকাৰী ৱেবছাইটৰ পৰাহে হেলিকপ্টাৰ বুক কৰিব।

এই সকল ৰোগী সচেতন হ’ব

যদি আপোনাৰ হৃদৰোগ, হাঁপানি বা উচ্চ ৰক্তচাপ আছে, তেন্তে চিকিৎসকৰ পৰা পৰামৰ্শ লৈহে যাত্ৰা কৰিব। অন্যথা হঠাৎ উচ্চতা আৰু ঠাণ্ডাৰ ফলত উশাহ-নিশাহ লোৱাত সমস্যাত পৰিব। ব্যক্তিগত ঔষধ, ম’চন ছিকনেছ, কাহ প্ৰতিৰোধী, উচ্চ ৰক্তচাপ, ডায়েবেটিছৰ ঔষধ, বিষনাশক, অ’ আৰ এছ, গ্লুক’জ পাউদাৰ লগত লৈ যাব। উচ্চতাত শৰীৰৰ উষ্ণতা দ্ৰুতগতিত হ্ৰাস পাব পাৰে, সেয়েহে গৰম কাপোৰ পিন্ধিব আৰু শৰীৰটো শুকান কৰি ৰাখিব।

মানসিক-শাৰীৰিক প্ৰস্তুতি

ধ্যান আৰু প্ৰাণায়ামৰ জৰিয়তে শৰীৰত মানসিক স্থিৰতা আৰু অক্সিজেন ক্ষমতা বৃদ্ধি কৰক। যাত্ৰাৰ আগতে যোগাসন আৰু খোজ কঢ়াৰ অভ্যাস গঢ়ি তুলিব। ক'বলৈ গ'লে কেদাৰনাথ যাত্ৰা কেৱল তীৰ্থযাত্ৰাই নহয়, ই আত্মাৰ অভিজ্ঞতা। সঠিক প্ৰস্তুতি, স্বাস্থ্য পৰীক্ষা, আৰু প্ৰয়োজনীয় সাৱধানতাই আপোনাৰ ভ্ৰমণ সফল কৰি তুলিব।

কেদাৰনাথ যাত্ৰাৰ বাবে গুৰুত্বপূৰ্ণ হেল্পলাইন নম্বৰ

ভ্ৰমণ হেল্পলাইন: ১৩৬৪

উত্তৰাখণ্ড পৰ্যটন: ০১৩৫-২৫৫৯৮৯৮

জৰুৰীকালীন সেৱা: ১১২

Also Read:সাৱধান হওঁক, অন্যথা হেৰুৱাব মগজুৰ শক্তি