৫ বছৰৰ পিছত আকৌ আৰম্ভ কৈলাশ- মানস সৰোবৰ যাত্ৰা...

সুদীৰ্ঘ ৫ বছৰৰ পাছত আকৌ এবাৰ আৰম্ভ হ’ব কৈলাশৰ মানস সৰোবৰ যাত্ৰা। হিন্দু ধৰ্মীয় লোকসকলৰ পবিত্ৰ স্থান কৈলাশৰ মানস সৰবোৰ ভ্ৰমণৰ বাবে যথেষ্ট উৎসুকতা থাকে।

author-image
Tushar Pratim
New Update
৫ বছৰৰ পিছত আকৌ আৰম্ভ কৈলাশ- মানস সৰোবৰ যাত্ৰা...

ডিজিটেল ডেস্কঃ সুদীৰ্ঘ ৫ বছৰৰ পাছত আকৌ এবাৰ আৰম্ভ হ’ব কৈলাশৰ মানস সৰোবৰ যাত্ৰা। হিন্দু ধৰ্মীয় লোকসকলৰ পবিত্ৰ স্থান কৈলাশৰ মানস সৰবোৰ ভ্ৰমণৰ বাবে যথেষ্ট উৎসুকতা থাকে। সেয়ে ৫ বছৰৰ পাছত পুনৰ কৈলাশৰ মানস সৰোবৰ ভ্ৰমণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ খবৰে বহুতকে উৎফুল্লিত কৰি তুলিছে। 

Advertisment

অৱশ্যে ইচ্ছা কৰিলেই সাধাৰণ মঠ-মন্দিৰলৈ যোৱাৰ দৰেই কৈলাশৰ মানস সৰোবৰলৈ যাব নোৱাৰিব ভক্তসকল। ইয়াৰ বাবে আছে এক নিৰ্দিষ্ট প্ৰক্ৰিয়া। সেই প্ৰক্ৰিয়া অনুসৰণ কৰি নিৰ্ধাৰিত কিছু সংখ্যকহে ভক্তই কৈলাশৰ মানস সৰবোৰ ভ্ৰমণৰ সুযোগ লাভ কৰিব। 

এই ভ্ৰমণৰ বাবে প্ৰথমে কৰিব লাগিব আবেদন। ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে জনোৱা অনুসৰি ইয়াৰ বাবে আবেদনৰ অন্তিম তাৰিখ ১৩ মে’, ২০২৫। জানিব পৰা মতে অহা ৩০ জুনত নতুন দিল্লীৰ পৰা লিপুলেখ হৈ কৈলাশৰ মানস সৰবোৰলৈ প্ৰথম যাত্ৰা আৰম্ভ হ’ব। মাত্ৰ ৯০০ ভক্তইহে এই যাত্ৰাৰ সুযোগ লাভ কৰিব। 

হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি ভগৱান শিৱ কৈলাশৰ মনসাৰৱৰত বাস কৰে। বহু পবিত্ৰ হিন্দু গ্ৰন্থত ইয়াৰ উল্লেখ আছে। সেয়ে মানস সৰবোৰক অতি পবিত্ৰ জ্ঞান কৰি ইয়াক এবাৰ মাত্ৰ দৰ্শন কৰিব পাৰিলেই জীৱন সাৰ্থক হোৱা বুলি বহুতেই বিশ্বাস কৰে। 

সমুদ্ৰপৃষ্ঠৰ পৰা ৬,৬৩৮ মিটাৰ উচ্চতাত অৱস্থিত কৈলাশ পৰ্বত আৰু মানসৰোৱৰ হ্ৰদৰ কেৱল যে হিন্দু ধৰ্মতেই গুৰুত্ব আছে তেনে নহয়। বৌদ্ধ আৰু জৈন ধৰ্মতো ইয়াৰ বিশেষ তাৎপৰ্য আছে।


কোনে কোনে আবেদন কৰিব পাৰিব কৈলাশৰ মানস সৰোবৰ ভ্ৰমণৰ বাবে?


ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈলাশ মানস সৰোৱৰ যাত্ৰাৰ বাবে নিয়মাৱলী প্ৰস্তুত কৰিছে। সেই নিয়মাৱলীৰ অধীনত প্ৰথম চৰ্তই হৈছে তীৰ্থযাত্ৰীজন ভাৰতীয় নাগৰিক হ’ব লাগে। তীৰ্থযাত্ৰীৰ হাতত ১ ছেপ্টেম্বৰৰ পৰা নূন্যতম ছমাহৰ বৈধতা থকা ভাৰতীয় পাছপ’ৰ্টো থাকিব লাগিব।

চলিত বৰ্ষৰ ১ জানুৱাৰীলৈকে আবেদনকাৰীৰ নূন্যতম বয়স ১৮ বছৰ আৰু সৰ্বোচ্চ ৭০ বছৰ বয়সৰ হ’ব লাগিব। তীৰ্থযাত্ৰাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল বডি মাছ ইনডেক্স অৰ্থাৎ বি এম আই। ২৫ বা তাতকৈ কম বি এম আই থকা লোককহে এই ভ্ৰমণলৈ যাবলৈ দিয়া হ’ব।

এই যাত্ৰাৰ বাবে ব্যক্তিজন শাৰীৰিকভাৱে সুস্থ হ’ব লাগিব। কোনো বিদেশী নাগৰিকে এই ভ্ৰমণৰ বাবে আবেদন কৰিব নোৱাৰিব। তাৰোপৰি যিসকল ভাৰতীয় লোক বিদেশত থাকে বা যিসকলৰ লগত OCI কাৰ্ড আছে লোকসকলেও এই ভ্ৰমণৰ বাবে আবেদন কৰিব নোৱাৰিব।

আবেদন কৰাৰ সময়ত মনত ৰাখিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কথা


যিহেতু কৈলাশৰ মানস সৰোবৰ ভ্ৰমণৰ বাবে লাখ লাখ হিন্দু ধৰ্মীয় লোকে আবেদন কৰিব আৰু তাৰ মাজৰ পৰা ভ্ৰমণৰ বাবে মাত্ৰ ৯০০ গৰাকী ভক্তকহে নিৰ্বাচিত কৰা হ’ব সেয়ে আবেদন কৰাৰ সময়ত কোনো কাৰণতে যাতে ত্ৰুটি ৰৈ নাযায় তাৰ বাবে সচেতন হ’ব লাগিব। এই লাখ লাখ আবেদনকাৰীৰ মাজৰ পৰা ৯০০ গৰাকী যাত্ৰীক কম্পিউটাৰৰ জৰিয়তে লটাৰীৰে নিৰ্বাচিত কৰা হ’ব। অসম্পূৰ্ণ আবেদনসমূহ লটাৰীৰ বাবেও নিৰ্বাচিত নহ’ব। সেইবোৰ নাকচ কৰা হ’ব। 

আবেদন কৰাৰ সময়ত আপোনাৰ হাতত ১ ছেপ্টেম্বৰৰ পৰা অতি কমেও ছমাহৰ বাবে বৈধ পাছপো’ৰ্ট আৰু ইয়াৰ প্ৰথম আৰু শেষ পৃষ্ঠাৰ কপি থাকিব লাগিব। আবেদনৰ লগত আপলোড কৰিবলৈ আবেদনকাৰীৰ ফটো জেপিজি ফৰ্মেটত লাগিব। 

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এটা একাউণ্টৰ পৰা মাত্ৰ দুজন ব্যক্তিৰ বাবেহে আবেদন কৰিব পাৰিব।ইয়াৰ পিছত পাছপো’ৰ্টত লিখা তথ্য অনুসৰিয়েই অনলাইন আবেদন পত্ৰতো সেই একেই তথ্যৰে পূৰণ কৰিব লাগিব। 

যদি নাম, ঠিকনা বা আন কোনো তথ্যত বিসংগতি হয় বা তথ্য ভুল হয় তেন্তে ভ্ৰমণৰ সুযোগৰ পৰা বঞ্চিত হ’ব লাগিব। 


কিদৰে নিৰ্বাচন কৰা হ’ব এই ভ্ৰমণৰ বাবে?


অনলাইন আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লটাৰীৰ জৰিয়তে তীৰ্থযাত্ৰীসকলক বাছনি কৰিব।লটাৰীৰ জৰিয়তেই যাত্ৰীসকলৰ বাবে পথ আপু বেটচসমূহ আবণ্টন দিয়া হ’ব। 

এই অনলাইন লটাৰীৰ পিছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰতিজন তীৰ্থযাত্ৰীক তেওঁলোকৰ পঞ্জীয়নভুক্ত ই-মেইল আৰু মোবাইল নম্বৰৰ জৰিয়তে অৱগত কৰিব।ইয়াৰ উপৰিও যিকোনো ব্যক্তিয়ে হেল্পলাইন নম্বৰ ০১১-২৩০৮৮১৩৩ৰ জৰিয়তেও ফোন কৰি এই সম্পৰ্কীয় তথ্য লাভ কৰিব পাৰিব।

ইয়াৰ পিছত আবেদনকাৰীয়ে মন্ত্ৰালয়ে দিয়া নিৰ্ধাৰিত তাৰিখৰ পূৰ্বে কুমাওন মণ্ডল বিকাশ নিগম বা ছিকিম পৰ্যটন উন্নয়ন নিগমৰ নিৰ্দিষ্ট বেংক একাউণ্টত ভ্ৰমণকাৰীৰ নিৰ্ধাৰিত ভ্ৰমণ ব্যয় আদি জমা দিব লাগিব। যাতায়তৰ খৰচ জমা কৰাৰ পিছত আৱেদনকাৰীয়ে দিল্লী পোৱাৰ পূৰ্বে অনলাইনযোগে বেচ নিশ্চিত কৰিব লাগিব। 

যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে সকলোৰে স্বাস্থ্য পৰীক্ষা কৰা হ’ব। ইয়াৰ বাবে তীৰ্থযাত্ৰীসকলে নিৰ্ধাৰিত তাৰিখত দিল্লীৰ হাৰ্ট এণ্ড লাং ইনষ্টিটিউটত ৰিপ’ৰ্ট দিব লাগিব। এয়া বাধ্যতামূলক। 
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি সকলো যাত্ৰীয়ে একেলগে যাত্ৰা কৰিব আৰু একেলগেই ঘূৰি আহিব। সকলো ভ্ৰমণকাৰীৰ যাত্ৰা আৰম্ভ হ’ব দিল্লীৰ পৰা। যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে বৈধ পাছপো’ৰ্ট, ছখন পাছপো’ৰ্ট আকাৰৰ ৰঙীন ফটোগ্ৰাফ আৰু ১০০ টকাৰ নটাৰীকৃত ক্ষতিপূৰণ বণ্ড মন্ত্ৰালয়ৰ নিৰ্দিষ্ট বিষয়াক জমা দিব লাগিব।

ইয়াৰ লগতে জৰুৰীকালীন অৱস্থাত হেলিকপ্টাৰ খালী কৰাৰ বাবে শপতনামা আৰু কোনো কাৰণত এই সময়ছোৱাত মৃত্যু হ’লে চীনৰ ভূখণ্ডতে মৃতদেহ দাহ কৰাৰ বাবে সন্মতিও পত্ৰ দিব লাগিব।


কৈলাশৰ মানস সৰোবৰ ভ্ৰমণৰ বাবে কিমান ধন ব্যয় কৰিব লাগিব?


বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰতি বছৰে জুনৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত দুটা ভিন্ন পথ – লিপুলেখ পাছ (উত্তৰাখণ্ড)আৰু নাথুলা পাছ (ছিকিম)ৰ জৰিয়তে কৈলাশ মানস সৰোৱৰ যাত্ৰাৰ ব্যৱস্থা কৰি আহিছে। অৱশ্যে যোৱা ৫ বছৰে এই যাত্ৰা বন্ধ হৈ আছিল।

এই দুয়োটা পথৰ বাবে প্ৰতিজন ব্যক্তিৰ খৰচো বেলেগ বেলেগ। কৈলাশৰ মনস সৰোৱৰ আছে চীন অধিকৃত তিব্বতত। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি , কোনো ব্যক্তিগত সংস্থাই লিপুলেখ পাছ (উত্তৰাখণ্ড) আৰু নাথুলা পাছ(ছিকিম) হৈ কৈলাশ মানস সৰোবৰ যাত্ৰাৰ আয়োজন নকৰে।

Covid-19 মহামাৰীৰ বাবে আৰু তাৰ পিছত পূব লাডাখত ভাৰত-চীন সীমান্তত হোৱা সংঘাতৰ বাবে ২০২০ ৰ পৰা ২০২৪ লৈ যোৱা ৫ বছৰে এই যাত্ৰা স্থগিত ৰখা হৈছিল। বৰ্তমান চীনৰে পৰিস্থিতি কিছু উন্নত হোৱাত পুনৰ আৰম্ভ হৈছে এই যাত্ৰা। 

ৱেবছাইটৰ তথ্য অনুসৰি লিপুলেখ পাছ (উত্তৰাখণ্ড)ৰ পৰা যাত্ৰাৰ আনুমানিক ব্যয় ১ লাখ ৭৪ হাজাৰ টকা। এই পথত প্ৰায় ২০০ কিলোমিটাৰ ট্ৰেকিং কৰিব লাগিব। এই পথেৰে পাঁচটা বেটচ প্ৰেৰণ কৰা হ’ব আৰু যাত্ৰা সম্পূৰ্ণ হ’বলৈ প্ৰায় ২২ দিন সময় লাগিব।

যদি কোনো ব্যক্তিয়ে নাথুলা পাছৰ মাজেৰে যাত্ৰা কৰে তেন্তে ইয়াৰ বাবে আনুমানিক খৰচ ২ লাখ ৮৩ হাজাৰ টকালৈ বৃদ্ধি পাব। এই পথত প্ৰায় ৩৬ কিলোমিটাৰ ট্ৰেকিং কৰিব লাগিব। এই পথেৰে ১০টা বেটচ যাত্ৰা কৰিব আৰু ২১ দিনত যাত্ৰা সম্পূৰ্ণ হ’ব। 

 

তীৰ্থ যাত্ৰা