ক’ত আছে মহাদেৱক আৰাধনা কৰা এই বিশেষ মন্দিৰটো ?

ভাৰতত এনে বহু মন্দিৰ আছে, যিসমূহক অতি ৰহস্যময় আৰু অলৌকিক বুলি বিশ্বাস কৰা হয়। এনে এক মন্দিৰ হৈছে ৰাজস্থানৰ ঢোলপুৰৰ প্ৰাচীন অচলেশ্বৰ শিৱ মন্দিৰ। ভক্তসকলৰ মতে, এই মন্দিৰটো প্ৰায় হাজাৰ বছৰ পুৰণি।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
মন্দিৰ.jpg

ডিজিটেল ডেস্ক: ভাৰতত এনে বহু মন্দিৰ আছে, যিসমূহক অতি ৰহস্যময় আৰু অলৌকিক বুলি বিশ্বাস কৰা হয়। এনে এক মন্দিৰ হৈছে ৰাজস্থানৰ ঢোলপুৰৰ প্ৰাচীন অচলেশ্বৰ শিৱ মন্দিৰ। ভক্তসকলৰ মতে, এই মন্দিৰটো প্ৰায় হাজাৰ বছৰ পুৰণি। আগতে ডকাইতৰ ভয়ত ভক্তসকল এই মন্দিৰলৈ অহা নাছিল। কিন্তু এতিয়া পৰিস্থিতি সলনি হ'ল। যাৰ বাবে বহু দূৰ-দূৰণিৰ ভক্ত ভোলানাথৰ আশীৰ্বাদ বিচাৰি এই মন্দিৰলৈ আহে।

এই মন্দিৰৰ বিশেষত্ব

বিশ্বাস কৰা হয় যে, এই মন্দিৰত থকা শিৱলিংগই দিনত ৩ বাৰ ৰং সলনি কৰে। হয়, এই শিৱলিংগটো পুৱা ৰঙা হয়, আবেলি কেশৰ ৰঙৰ আৰু ৰাতি ক'লা ৰঙৰ হয়। কিয় এই শিৱলিংগটোৱে দিনত তিনিবাৰ ৰং সলায়, তাৰ উত্তৰ বিজ্ঞানীসকলৰ ওচৰত আজিও নাই।এই সন্দৰ্ভত বহুবাৰ গৱেষণাও কৰা হৈছে। তাৰ পাছতো কিন্তু এই শিৱলিংগটোৰ ৰং সলনি হোৱাৰ ৰহস্য আজিও জানিব পৰা হোৱা নাই। স্থানীয় লোক তথা ভক্তসকলে বিশ্বাস কৰা মতে, এই ৰহস্যময় শিৱলিংগটো দৰ্শন কৰিল মনৰ আশা আৰু জীৱনৰ সকলো সমস্যা দূৰ হয়।

তদুপৰি, অবিবাহিতসকলে এই মন্দিৰত সেৱা ল'লে তেওঁলোকৰ বিবাহত থকা বাধাসমূহ দূৰ হয় আৰু পছন্দৰ জীৱন সংগী লাভ কৰে বুলিও বিশ্বাস কৰা হয়। সোমবাৰে এই শিৱলিংগত হাজাৰ-হাজাৰ ভক্তই পানী আগবঢ়ায়। আনহাতে, যদি এগৰাকী অবিবাহিত ছোৱালীয়ে ১৬ সোমবাৰে ইয়াত পানী আগবঢ়ায়, তেন্তে তেওঁ হেনো আকাংক্ষিত জীৱন সংগী লাভ কৰে। ভক্তসকলে দাবী কৰা মতে, এই শিৱলিংগটোৰ চাৰিওফালে প্ৰায় দহ ফুট দীঘল এটা সাপ থাকে। কিন্তু এই সাপটোয়ে কাৰো একো অনিষ্ট নকৰে।

Also Read: পৃথিৱীৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো ক’ত আছে জানেনে ?