/asomiyapratidin/media/media_files/2026/03/07/g-2026-03-07-15-53-32.jpeg)
ডিজিটেল ডেস্ক: বলীউডৰ জনপ্ৰিয় তাৰকা ৰণবীৰ সিং পুনৰ এক শক্তিশালী ৰূপত পৰ্দালৈ আহিবলৈ সাজু হৈছে। পৰিচালক আদিত্য ধৰৰ আগন্তুক স্পাই-একশ্যন ছবি ধুৰন্ধৰ : দ্য ৰিভেঞ্জৰ বাবে অভিনেতাগৰাকীয়ে নিজৰ ব্যতিক্ৰমী 'মুড' অন কৰিছে। আজি ৰণবীৰে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ট্ৰেইলাৰৰ জৰিয়তে ছবিখনৰ পৰৱৰ্তী অধ্যায়ৰ আভাস দিছে।
ট্ৰেইলাৰত দেখা গ’ল প্ৰতিশোধৰ কাহিনী
প্ৰায় তিনি মিনিটৰ ট্ৰেইলাৰত ৰণবীৰ সিঙক দ্বৈত চৰিত্ৰত দেখা গৈছে। ট্ৰেইলাৰে ইংগিত দিয়ে যে আগৰ ছবিখনতকৈ এই ছবিখনত আৰু অধিক একশ্যন, আৱেগ আৰু প্ৰতিশোধৰ শক্তিশালী সংমিশ্ৰণ দেখা যাব। ছবিখনত বহু শক্তিশালী চৰিত্ৰকো দেখা যাব। কৌশলগত মাষ্টাৰমাইণ্ড অজয় সন্যালৰ চৰিত্ৰত আছে আৰ মাধৱন। আই এছ আইৰ মেজৰ ইকবালৰ ৰূপত দেখা যাব অৰ্জুন ৰামপালক। আনহাতে, এছ পি চৌধুৰী আছলমৰ চৰিত্ৰত অভিনয় কৰিছে সঞ্জয় দত্তই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/07/decc-2026-03-07-15-50-57.jpg)
ছবিখন উপস্থাপন কৰিছে জিঅ' ষ্টুডিঅ'য়ে আৰু প্ৰযোজনা কৰিছে B62 ষ্টুডিঅ'ছে। ছবিখনৰ লেখক, পৰিচালক আৰু প্ৰযোজক হৈছে আদিত্য ধৰ। সহ-প্ৰযোজক হিচাপে আছে জ্যোতি দেশপাণ্ডে আৰু লোকেশ ধৰ। বহু চৰ্চিত এই ছবিখনে হিন্দীৰ লগতে তেলেগু, তামিল, কানাড়া আৰু মালয়ালম ভাষাতো মুক্তি পাব।
উল্লেখ্য যে, মাত্ৰ দুমাহৰ আগতে পৰিচালক আদিত্য ধৰৰ ধুৰন্ধৰ ছবিখনে বক্স অফিচত ইটোৰ পিছত সিটো অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। মুক্তিৰ দিনটোতে ২৮ কোটি টকা উপাৰ্জনৰে ঘৰুৱাভাৱে ৮৩৭ কোটি আৰু বিশ্বজুৰি ১৩০৩ কোটি টকাৰ ব্যৱসায় কৰিছিল এই ছবিখনে। ধুৰন্ধৰ' আৰু 'ধুৰন্ধৰ২'ৰ বাজেট আছিল ৩০০-৩৫০ কোটি। দুয়োখন ছবিৰ শ্বুটিং প্ৰায় একেলগেই কৰা হৈছিল। মুক্তিৰ পূৰ্বেই সীমাহীন চৰ্চা লাভ কৰা ধুৰন্ধৰ : দ্য ৰিভেঞ্জ ১৯ মাৰ্চত ছবিগৃহলৈ আহিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us