/asomiyapratidin/media/media_files/2026/01/17/heart-2026-01-17-14-13-30.jpg)
ডিজিটেল ডেস্ক: আগতে উচ্চ ৰক্তচাপক কেৱল প্ৰাপ্তবয়স্কৰ ৰোগ বুলিয়েই বিবেচনা কৰা হৈছিল। কিন্তু এতিয়া এই সমস্যাই শিশুৰ ক্ষেত্ৰতো গম্ভীৰ ৰূপ লৈছে। ব্ৰিটেইনৰ দৰে উন্নত দেশসমূহত যোৱা কেইবছৰমানত শিশুৰ উচ্চ ৰক্তচাপৰ ৰোগী দুগুণ বৃদ্ধি পোৱা বুলি গৱেষণাত প্ৰকাশ পাইছে। স্বাস্থ্য বিশেষজ্ঞৰ মতে, উচ্চ ৰক্তচাপ চাইলেন্ট কিলাৰ। কিয়নো আৰম্ভণিৰ পৰ্যায়ত ইয়াৰ কোনো স্পষ্ট লক্ষণ নাথাকে।
শিশুৰ উচ্চ ৰক্তচাপৰ প্ৰাৰম্ভিক লক্ষণ
উচ্চ ৰক্তচাপৰ আটাইতকৈ বিপদজনক দিশটো এয়ে যে শিশুৱে প্ৰথম অৱস্থাত ইয়াক অনুভৱ কৰিব নোৱাৰে। তথাপিও কিছুমান শিশুৰ ক্ষেত্ৰত মূৰৰ বিষ, অতিৰিক্ত ভাগৰ, দুৰ্বলতা, মূৰ ঘূৰোৱা আদি লক্ষণ দেখা যায়। যদি এই অৱস্থা আগতীয়াকৈ চিনাক্ত কৰি চিকিৎসা কৰা নহয়, তেন্তে হৃদযন্ত্ৰ, বৃক্ক, মগজু আৰু চকুৰ স্থায়ী ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।
মেদবহুলতা আৰু জাংক ফুড
২০১০ৰ পৰা ২০২০ চনৰ ভিতৰত শিশুৰ মাজত মেদবহুলতা প্ৰায় দুগুণ বৃদ্ধি পাইছে। আজিকালি প্ৰায় প্ৰতি পাঁচজন শিশুৰ এজন মেদবহুলতাত আক্ৰান্ত। গৱেষণাত প্ৰকাশ পোৱা মতে, এই মেদবহুলতাৰ মূল কাৰণ হৈছে শিশুৰ প্ৰিয় জাংক ফুড। জাংক ফুডত অতিৰিক্ত চেনি, নিমখ আৰু অস্বাস্থ্যকৰ চর্বি থাকে, যিয়ে শিশুৰ হৃদযন্ত্ৰত অত্যন্ত বেয়া প্ৰভাৱ পেলায়। পেটৰ মেদ বৃদ্ধি হোৱাৰ লগে লগে শৰীৰত কিছুমান ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ উৎপন্ন হয়, যাৰ ফলত ৰক্তনলীবোৰ কঠিন হৈ পৰে আৰু হৃদযন্ত্ৰত অতিৰিক্ত চাপ পৰে। এইবোৰে জীৱনৰ পিছৰ পৰ্যায়ত হৃদৰোগৰ সম্ভাৱনা বহুগুণে বঢ়াই তোলে।
অস্বাস্থ্যকৰ জীৱনশৈলী
আজিকালি বহু শিশুৱে শাৰীৰিক খেলা-ধূলাৰ সলনি দিনটোৰ বেছিভাগ সময় মবাইল ফোন, টেলিভিছন বা কম্পিউটাৰৰ আগত কটায়। শাক-পাচলি আৰু স্বাস্থ্যকৰ খাদ্য খোৱাৰ অভ্যাস কমি যোৱাৰ ফলত শিশুসকলৰ শাৰীৰিক সক্ৰিয়তা হ্ৰাস পাইছে। গৱেষণাত দেখা গৈছে যে অকাল জন্ম বা কম ওজনত জন্ম হোৱা শিশুসকলৰ ক্ষেত্ৰতো ভৱিষ্যতে উচ্চ ৰক্তচাপৰ আশংকা অধিক থাকে।
শিশুৰ শৰীৰত হোৱা ভিতৰুৱা পৰিৱর্তন
চিকিৎসকৰ মতে, প্ৰায় ১২ বছৰ বয়সৰ পৰা শিশুৰ হৃদযন্ত্ৰৰ পেশীবোৰ ঘন হ’বলৈ আৰম্ভ কৰে। কিশোৰাৱস্থাত ধমনীত প্লেক জমা হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব পাৰে, যাৰ ফলত ভবিষ্যতে ষ্ট্ৰ'ক, ডায়েবেটিছ আৰু হৃদৰোগৰ দৰে গুৰুতৰ ৰোগৰ আশংকা বৃদ্ধি পায়।
এই গুৰুতৰ ৰোগৰ পৰা শিশুক কিদৰে ৰক্ষা কৰিব ?
খাদ্যাভ্যাস উন্নত কৰা – জাংক ফুড, পেকেটত ভৰোৱা খাদ্য আৰু অতিৰিক্ত নিমখ পৰিহাৰ কৰা উচিত।
নিয়মীয়া খেলা-ধূলা আৰু ব্যায়াম – শিশুক প্ৰতিদিনে সক্ৰিয় কৰি ৰখা অতি প্ৰয়োজনীয়।
ফল-মূল আৰু স্বাস্থ্যকৰ খাদ্যৰ অভ্যাস গঢ়ি তোলা – শিশুক সদায় এটাকৈ হলেও ফল খোৱাৰ অভ্যাস কৰাব লাগে। বিদ্যালয়ত ফল বিতৰণৰ দৰে আঁচনিয়ে এই ক্ষেত্ৰত সহায় কৰিব পাৰে।
চিকিৎসা পৰীক্ষা – প্ৰয়োজন হ’লে নিয়মীয়াকৈ ৰক্তচাপ পৰীক্ষা কৰা আৰু চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
অভিভাৱকৰ ভূমিকা – শিশুৰ খাদ্যাভ্যাস আৰু দৈনন্দিন অভ্যাস সলনি কৰাত অভিভাৱকৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us