গুৱাহাটীবাসীৰ বাবে সুখবৰ !

ইটালীৰ প্ৰখ্যাত অট’ম’বাইল প্ৰতিষ্ঠান পিয়াজিঅ’ গ্ৰুপৰ ১০০ শতাংশ অংশীদাৰী প্ৰতিষ্ঠান পিয়াজিঅ’ ভেহিকলছ প্ৰাইভেট লিমিটেডে সোমবাৰে গুৱাহাটীত দ্বিতীয়টো ডীলাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে।

author-image
সংগীতা দাস
New Update
ভেছপা–এপ্ৰিলিয়া.jpg

ডিজিটেল ডেস্ক: ইটালীৰ প্ৰখ্যাত অট’ম’বাইল প্ৰতিষ্ঠান পিয়াজিঅ’ গ্ৰুপৰ ১০০ শতাংশ অংশীদাৰী প্ৰতিষ্ঠান পিয়াজিঅ’ ভেহিকলছ প্ৰাইভেট লিমিটেডে সোমবাৰে গুৱাহাটীত দ্বিতীয়টো ডীলাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। ভেছপা আৰু এপ্ৰিলিয়া দুচকীয়া বাহনৰ জৰিয়তে গ্ৰাহকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰা প্ৰতিষ্ঠানটোৱে এই নতুন ডীলাৰৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত নিজৰ পৰিসৰ অধিক বিস্তৃত কৰাৰ লক্ষ্য লৈছে।

নতুনকৈ মুকলি কৰা এই ডীলাৰটো ‘ভাগৱতী অট’ম’বাইল’ নামৰে গুৱাহাটীৰ নাৰেংগী পথত প্ৰায় ২,৬০০ বৰ্গফুট এলেকাত স্থাপন কৰা হৈছে। এই ডীলাৰত পিয়াজিঅ’ৰ প্ৰিমিয়াম দুচকীয়া বাহনসমূহ গ্ৰাহকসকলে ক্ৰয় কৰিব পাৰিব।

ফিটা কাটি ডীলাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে পিয়াজিঅ’ ইণ্ডিয়াৰ দুচকীয়া ঘৰুৱা ব্যৱসায় শাখাৰ ইভিপি অজয় ৰঘুবংশী আৰু ভাগৱতী অট’ম’বাইলৰ পৰিচালন সঞ্চালক ৰাতুল এ ভাগৱতীয়ে। ডিলাৰটো মুকলি কৰি অজয় ৰঘুবংশীয়ে কয়, পিয়াজিঅ’ৰ বাবে অসম এখন গুৰুত্বপূৰ্ণ বজাৰ আৰু এই নতুন ডীলাৰ মুকলিয়ে উত্তৰ-পূৰ্বাঞ্চলত প্ৰতিষ্ঠানটোৰ উপস্থিতি অধিক শক্তিশালী কৰিব।

উপস্থিত থাকে অসমৰ দুই জনপ্ৰিয় শিল্পী

আনহাতে, ৰাতুল এ ভাগৱতীয়ে কয় যে পিয়াজিঅ’ গ্ৰুপৰ দৰে এটা আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ সৈতে সহযোগিতা স্থাপন কৰি গ্ৰাহকসকলক উন্নত মানৰ প্ৰিমিয়াম দুচকীয়া বাহন যোগান ধৰিবলৈ তেওঁলোক বদ্ধপৰিকৰ। উল্লেখ্য যে, ডীলাৰ মুকলি অনুষ্ঠানত অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু কণ্ঠশিল্পী দীপলীনা ডেকাও উপস্থিত থাকে।

4065b35b-74a3-4a4e-a5aa-435a6666de62