৬০ বছৰীয়া আমিৰ খান হৈ পৰিছে চফল ডেকা : জানক আঁৰৰ ৰহস্য

এক বা দুই কিলোগ্ৰাম নহয়, একেকোবে ১৮ কিলোগ্ৰাম শৰীৰ ওজন হ্ৰাস কৰিছে অভিনেতা- প্ৰযোজক আমিৰ খানে। এনে কি শক্তিৰে অভিনেতাগৰাকীয়ে শৰীৰৰ ওজন কমালে, তাৰ আঁৰৰ কাহিনী তেওঁ নিজেই ব্যক্ত কৰিছে সংবাদ মাধ্যমৰ আগত। 

author-image
Asomiya Pratidin
New Update
633

ফাইল ফটো (ইণ্টাৰনেট)

ডিজিটেল ডেস্ক : এক বা দুই কিলোগ্ৰাম নহয়, একেকোবে ১৮ কিলোগ্ৰাম শৰীৰ ওজন হ্ৰাস কৰিছে অভিনেতা- প্ৰযোজক আমিৰ খানে। এনে কি শক্তিৰে অভিনেতাগৰাকীয়ে শৰীৰৰ ওজন কমালে, তাৰ আঁৰৰ কাহিনী তেওঁ নিজেই ব্যক্ত কৰিছে সংবাদ মাধ্যমৰ আগত। 

ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠী এটাৰ সাক্ষাতকাৰত তেওঁ কয় – মই সাংঘাটিক একো কাম কৰি মোৰ ওজন কমোৱা নাই। প্ৰয়োজনীয় সুষম খাদ্য গ্ৰহণ কৰিয়েই মই মোৰ ওজন হ্ৰাস কৰিছে। 

অদৰকাৰীকৈ আৰু যধে- মধে মই কেতিয়াও খাদ্য গ্ৰহণ কৰা নাই। সময়ৰ খাদ্য সময়ত গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিলো। ধেমেলীয়া উত্তৰ দি তেওঁ কয়- ওজন কমিব বুলি মই খাদ্য গ্ৰহণ কৰা নাই, নিজকে সুস্থ কৰি ৰাখিবলৈহে খাদ্য গ্ৰহণ কৰিছিলো। 

মই মাইগ্ৰেইনৰ বাবেহে খাদ্য গ্ৰহণ কৰিছিলো। মূলতঃ মই এন্টি-ইনফ্লেমেটৰী ডায়েট অনুসৰণ কৰিছিলো। 

এন্টি-ইনফ্লেমেটৰী ডায়েটত সাধাৰণতে সতেজ শাক- পাচলি,  ফল-মূল, গোটা শস্য, বাদাম, বীজ আৰু স্বাস্থ্যকৰ চৰ্বি যেনে অলিভ অইল আদি থাকে। এই সমূহ খাদ্য গ্ৰহণ কৰিয়েই তেওঁ শৰীৰ পৰা ১৮ কিলোগ্ৰাম ওজন হ্ৰাস কৰাৰ কথা ব্যক্ত কৰে।

বলিউড