পিতৃৰ খঙেই কাল হ'ল ৪.৫বছৰীয়া কন্যাৰ

এক হৃদয় বিদাৰক ঘটনা ! সাধাৰণ কথাতেই পিতৃৰ হাতত প্ৰাণ দিবলগীয়া হ'ল এগৰাকী কণমানিয়ে। এই কণমানিজনীয়ে লিখিব পৰা নাছিল গুণনৰ তালিকাখন। আৰক্ষীৰ মতে, গুণনৰ..

author-image
সংগীতা দাস
New Update
new ap web new

ডিজিটেল ডেস্ক: এক হৃদয় বিদাৰক ঘটনা ! সাধাৰণ কথাতেই পিতৃৰ হাতত প্ৰাণ দিবলগীয়া হ'ল এগৰাকী কণমানিয়ে। এই কণমানিজনীয়ে লিখিব পৰা নাছিল গুণনৰ তালিকাখন। আৰক্ষীৰ মতে, গুণনৰ তালিকা লিখিব নোৱাৰাৰ বাবে খং হেৰুৱাই পিতৃয়ে তীব্ৰভাৱে প্ৰহাৰ কৰাৰ ফলতেই কন্যাই প্ৰাণ ত্যাগ কৰিছিল। 

আৰক্ষীয়ে জনোৱা মতে, ২১ জানুৱাৰীত পিতৃ কৃষ্ণই চাৰে চাৰিমহীয়া কন্যাক ঘৰত পঢ়ুৱাই আছিল। তেওঁ কন্যাক ৫০ লৈকে গুণনৰ তালিকাখন লিখিবলৈ কৈছিল। কিন্তু কন্যাই সঠিকভাৱে তালিকাখন লিখিব নোৱাৰাত পিতৃয়ে তাইক খুব বেয়াকৈ প্ৰহাৰ কৰে। তীব্ৰ প্ৰহাৰৰ ফলত কণমানিজনী অজ্ঞান হৈ পৰে।

202601243649366

পিছত কৃষ্ণই কন্যাক ঘৰৰ ওচৰৰে এখন চৰকাৰী চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তাইক মৃত ঘোষণা কৰে। ঘটনাটো ঢাকিবলৈ কৃষ্ণই সেই সময়ত কৰ্মস্থলীত থকা পত্নীক ফোনযোগে কন্যাই খেলি থাকোঁতে চিৰিৰ পৰা পৰি মৃত্যু হোৱা বুলি জনায়।

মাতৃৰ সন্দেহে পোহৰলৈ আনিলে সমগ্ৰ ঘটনা

ইফালে, চিকিৎসালয়ত উপস্থিত হৈ কন্যাৰ শৰীৰত অসংখ্য আঘাত আৰু গোটেই মুখত নীলা চিন দেখি মাতৃগৰাকীৰ সন্দেহ হয়। তাৰ পিছতেই তেওঁ থানালৈ গৈ এখন এজাহাৰ দাখিল কৰে। অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে অভিযুক্ত পিতৃক গ্ৰেপ্তাৰ কৰে।

কঠোৰ জেৰাৰ সময়ত অভিযুক্তই নিজৰ অপৰাধ স্বীকাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, এই দম্পতীহালে এটা ব্যক্তিগত কোম্পানীত কাম কৰে আৰু তেওঁলোকৰ তিনিটা সন্তান আছে—এজন সাত বছৰীয়া পুত্ৰ, এজন ৪.৫ বছৰীয়া কন্যা আৰু এগৰাকী দুবছৰীয়া কন্যা। অকালতে প্ৰাণ হেৰুওৱা কন্যাই স্কুললৈ যোৱা নাছিল যদিও ঘৰতে পিতৃ-মাতৃৰ সৈতে পঢ়া আৰম্ভ কৰিছিল। ঘটনাটো ফৰিদাবাদৰ।