স্বাস্থ্যৰ বাবে ঔষধ এইবিধ দাইল, কি দৰে খাব লাগে জানেনে ?

জীৱনশৈলী সলনি তথা ভুল খাদ্যাভ্যাসৰ বাবে ওজন বৃদ্ধি আজিকালি এটা সাধাৰণ সমস্যালৈ পৰিণত হৈছে। শৰীৰৰ ওজন বৃদ্ধি হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যাও বৃদ্ধি হয়। এনে পৰিস্থিতিত যদি আপুনি বৰ্ধিত..

author-image
সংগীতা দাস
New Update
মগু seo.jpg

ডিজিটেল ডেস্ক: জীৱনশৈলী সলনি তথা ভুল খাদ্যাভ্যাসৰ বাবে ওজন বৃদ্ধি আজিকালি এটা সাধাৰণ সমস্যালৈ পৰিণত হৈছে। শৰীৰৰ ওজন বৃদ্ধি হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যাও বৃদ্ধি হয়। এনে পৰিস্থিতিত যদি আপুনি বৰ্ধিত ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে, তেন্তে আপুনি আপোনাৰ আহাৰত মগু দাইল অন্তৰ্ভুক্ত কৰিব পাৰে।মগু দাইলত ভিটামিন-বি ৬, ভিটামিন-চি, আইৰণ, আঁহ, পটাছিয়াম, তাম, ফছফৰাছ, ফলেট, ৰাইবোফ্লেভিন, মেগনেছিয়াম, নিয়াচিন আৰু থায়ামিন যথেষ্ট পৰিমাণে থাকে। এই সকলোবোৰে শৰীৰক বহুতো লাভালাভ প্ৰদান কৰে।মগু দাইলত থকা আঁহে আপোনাৰ পেট দীঘলীয়া সময়ৰ বাবে ভৰ্তি ৰখাত সহায় কৰে। যাৰ ফলত আপুনি অত্যাধিক খোৱাৰ পৰা বাচি থাকিব পাৰে। ওজন হ্ৰাসত আপুনি মগু দাইল কিদৰে খাব লাগে, আজি জানো আহক-

গজালি ওলোৱা মগু 

ওজন হ্ৰাস কৰিবলৈ আপুনি গজালি ওলোৱা মুগু খাব পাৰে। গজালি ওলোৱা মগুৰ সৈতে পিয়াজ, বিলাহী, তিয়ঁহ, জলকীয়া, নেমুৰ ৰস আৰু নিমখ মিহলি কৰি আপুনি খাব পাৰে। এনেদৰে দৈনিক খালে আপোনাৰ হজম শক্তি স্বাস্থ্যকৰ হ'ব আৰু শৰীৰত থকা অতিৰিক্ত চৰ্বি হ্ৰাস হ'ব।  

মগুৰ চুপ

মুগ দাইলৰ পৰা তৈয়াৰ কৰা চুপেও আপোনাৰ ওজন হ্ৰাস কৰিব পাৰে। তিয়াই থোৱা মগু দাইলত নহৰু, আদা, নিমখ, জিৰা গুটি দিয়ক আৰু ইয়াক উতলাওঁক। তাৰ পিছত ইয়াত অলপ জালুকৰ গুৰি মিহলি কৰিব। নিয়মীয়াকৈ এই চুপ খাই আপুনি ওজন হ্ৰাস কৰা আৰম্ভ কৰিব। 

পিঠা

ওজন হ্ৰাস কৰাৰ বাবে মগু দাইলৰ চিলা বা সৰল ভাষাত পিঠা এটা ভাল বিকল্প হ'ব পাৰে। ই স্বাস্থ্যৰ লগতে সোৱাদৰ ক্ষেত্ৰটো অতি উত্তম।ইয়াৰ বাবে মগু দাইল গোটেই ৰাতি পানীত তিয়াই ৰাখি পিছদিনা ৰাতিপুৱা ছেকনীৰে পানীখিনি ছেকি মিক্সাৰত গুৰি কৰি ল’ব। এই মিশ্ৰণটোত কটা পিয়াজ, জলকীয়া, আদা, ধনীয়া, আপোনাৰ প্ৰিয় মছলা আৰু নিমখ মিহলি কৰিব।এতিয়া এখন টাৱাত অকনমান তেল দি এই মিশ্ৰণটো দি দিব। আপোনাৰ পিঠা সাজু। 

খিচিৰি

মগু দাইলৰ পৰা তৈয়াৰ কৰা খিচিৰি খাইও আপুনি আপোনাৰ ওজন হ্ৰাস কৰিব পাৰে।দিনটোত এবাৰ এই খিচিৰি খাবলৈ চেষ্টা কৰিব। ভজা-পোৰা খাদ্য বাদ দি এনে স্বাস্থ্যকৰ খাদ্য খালে আপোনাৰ ওজন খুব সোনকালে হ্ৰাস হ’ব।

Also Read: ওজন হ্ৰাসৰ বাবে আৰু ব্যায়াম কৰিব নালাগে