এই ঘৰুৱা উপায়ৰে কৰক চিকচিকিয়া কৰক ক’লা কাষলতি তল

গ্ৰীষ্মকালত কাষলতি তলৰ খজুৱতি হোৱাটো একেবাৰে স্বাভাৱিক। এইসময়ছোৱাত বহুতৰে কাষলতি তলবোৰ ক'লাও হৈ পৰে। কিন্তু এতিয়া আৰু এই সমস্যাক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
কাষলতি

ডিজিটেল ডেস্ক: গ্ৰীষ্মকালত কাষলতি তলৰ খজুৱতি হোৱাটো একেবাৰে স্বাভাৱিক। এইসময়ছোৱাত বহুতৰে কাষলতি তলবোৰ ক'লাও হৈ পৰে। কিন্তু এতিয়া আৰু এই সমস্যাক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই। কেতবোৰ ঘৰুৱা উপায় অৱলম্বন কৰিয়েই আপুনি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। আজি এই বিষয়ে জানো আহক-

Advertisment

কাষলতি তল ক'লা হোৱাৰ কাৰণ

১) অতি গৰম ‘ৱেস্ক’ ব্যৱহাৰ

২) কাষলতি তল চাফা কৰা ক্ৰীম ব্যৱহাৰ

৩) ৰেজৰ ব্যৱহাৰ

৪) হৰমনৰ ভাৰসাম্যহীনতা

৫) অধিক টান কাপোৰ পিন্ধা

৬) ডিঅ'ড্ৰেণ্টৰ অত্যাধিক ব্যৱহাৰ

কিদৰে সমাধান কৰিব এই সমস্যাৰ

নেমু

নেমুৱে মৃত ছালৰ লগতে গাঢ় ছাল পৰিস্কাৰ কৰে। নিয়মীয়াকৈ কাষলতি তলত নেমুৰ ৰস প্ৰয়োগ কৰিলে আপুনি যথেষ্ট উপকৃত হ'ব। মনত ৰাখিব যে, কাষলতি তলত নেমুৰ ৰস প্ৰয়োগ কৰাৰ পিছত ইয়াক ঠাণ্ডা পানীৰে ধুব আৰু ময়েশ্চাৰাইজাৰ প্ৰয়োগ কৰিব।

আলু

আপুনি আলু ব্যৱহাৰ কৰিও কাষলতি তলৰ ক'লা আঁতৰাব পাৰে। ছালৰ ক’লা দাগ দূৰ কৰাত আলু যথেষ্ট সহায়ক। আপুনি সমান পৰিমাণৰ আলুৰ ৰস আৰু নেমুৰ ৰস মিহলি কৰি কাষলতি তলত প্ৰয়োগ কৰিব পাৰে।

বেচন আৰু দৈ

বেচন হৈছে এক উৎকৃষ্ট স্ক্ৰাব, যিয়ে ছালৰ মৃত কোষবোৰ আঁতৰ কৰাত সহায় কৰে। দৈত থকা লেক্টিক এচিডে ছালক কোমল কৰে।সেয়েহে এই সমস্যাৰ পাৰ পৰিত্ৰাণ পাবলৈ বেচন আৰু দৈ মিহলি কৰি পেষ্ট এটা বনাই কাষলতি তলত প্ৰয়োগ কৰিব। শুকালে কুহুমীয়া পানীৰে ধুই পেলাব। এই উপায়ৰে কেইদিনমানৰ ভিতৰতে কাষলতি তলৰ ৰং উন্নত হ'বলৈ আৰম্ভ কৰিব।

কাষলতি তলত খজুৱতি দূৰ কৰাৰ উপায়-

১) কাষলতি তল চাফা কৰিবৰ বাবে বজাৰত উপলব্ধ ৰাসায়নিক সামগ্ৰীবোৰ ব্যৱহাৰ কৰা বন্ধ কৰক।

২) এই সমস্যা গ্ৰীষ্মকালত অধিক হয়। সেয়েহে অলপ ঢিলা আৰু উশাহ ল'ব পৰা কাপোৰ পিন্ধা উচিত। যিয়ে আপোনাৰ ছালক উশাহ লোৱাত সহায় কৰিব আৰু খজুৱতিৰ পৰা আপোনাক মুক্তি দিব।

৩) এণ্টি-বেক্টেৰিয়া চাবোন ব্যৱহাৰ কৰিব। যিয়ে কাষলতি তলৰ বেক্টেৰিয়া ধ্বংস কৰাত সহায় কৰিব। গা ধোৱাৰ পিছত কাষলতি তল ভালদৰে শুকুৱাৰ পিছতহে কাপোৰ পিন্ধিব।

৪) আমাৰ ছাল অতি সংবেদনশীল, সেয়েহে ঘাম আৰু গোন্ধ নিয়ন্ত্ৰণ কৰিবলৈ উত্তম ডিঅ'ড্ৰেণ্ট বাছনি কৰিব।

Also Read: ছালৰ দাগ আতৰাবলৈ ব্যৱহাৰ কৰক এইসমূহ ঘৰুৱা উপায়