হনিমুনলৈ আহি নিঃশেষ সকলো! উদ্ধাৰ হ'ল ৰাজাৰ উৱলি যোৱা মৃতদেহ...

১১ দিনৰ পাছত অৱশেষত আৰক্ষীয়ে ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহৰ সোঁ-হাতত থকা টাটুৰ জৰিয়তেহে ককায়েকে মৃতদেহটো ৰাজা ৰঘুবংশীৰ বুলি চিনাক্ত কৰে। কিন্তু এই পৰ্যন্ত কোনো শুং-সূত্ৰ লাভ কৰা নাই সোনম ৰঘুবংশীৰ।

author-image
Asomiya Pratidin
New Update
h

ডিজিটেল ডেস্কঃ অৱশেষত উদ্ধাৰ হ'ল হনিমুনৰ বাবে মেঘালয়লৈ অহা ৰাজা ৰঘুবংশীৰ মৃতদেহ। বিগত ১০দিনে নৱ-বিবাহিত দম্পতীটোক বিচাৰি আৰক্ষীয়ে অভিযান চলাই আছিল। ২জুনত এটা দ’ খাৱৈৰ পৰা উৱলি যোৱা অৱস্থাত উদ্ধাৰ হয় ৰাজাৰ মৃতদেহ। এতিয়াও সন্ধান ওলোৱা নাই পত্নী সোনম ৰঘুবংশীৰ।

Advertisment

ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, হনিমুনৰ বাবে ২২ মে’ত শ্বিলঙলৈ আহিছিল মধ্য প্ৰদেশ ইন্দোৰৰ ৰাজা আৰু পত্নী সোনম ৰঘুবংশী। ৰাজ্যখনৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগৰ উদ্দেশ্যে ২৩ মে’ত শ্বিলঙৰ কিটিং ৰোডৰ স্কুটীৰে ছেৰাপুঞ্জীৰ গন্তব্য স্থান পাইছিলগৈ নৱ বিবাহিতা দম্পতী।

দুপৰীয়া প্ৰায় ২ বজাৰ পাছত দম্পত্তিটোৰ ম’বাইল বন্ধ পায় পৰিয়ালে। দুদিন ধৰি ৰাজা আৰু সোনমৰ কোনো সন্ধান নোপোৱাত চিন্তিত হৈ পৰে দুয়োৰে পৰিয়াল। চেৰাপুঞ্জীৰ চহৰাৰ পৰা দুয়ো নিৰুদ্দেশ হোৱাৰ পাছতে আৰক্ষীয়ে অভিযান কৰে। আৰক্ষীয়ে দুয়ো বুক কৰি লৈ যোৱা স্কুটীখন উদ্ধাৰ কৰিছিল যদিও সন্ধান নাছিল ৰাজা-সোনমৰ।

১১ দিনৰ পাছত অৱশেষত আৰক্ষীয়ে ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহৰ সোঁ-হাতত থকা টাটুৰ জৰিয়তেহে ককায়েকে মৃতদেহটো ৰাজা ৰঘুবংশীৰ বুলি চিনাক্ত কৰে। কিন্তু এই পৰ্যন্ত কোনো শুং-সূত্ৰ লাভ কৰা নাই সোনম ৰঘুবংশীৰ।

উল্লেখ কৰা প্ৰয়োজন যে, ৰাজাৰ পৰিয়ালে সমগ্ৰ ঘটনাটো ডকাইতি আৰু হত্যাকাণ্ড বুলি দাবী কৰিছে। কাৰণ ৰাজা ৰঘুবংশীয়ে পৰিধান কৰি থকা প্ৰায় ১০ লাখ টকাৰ মূল্যৰ অলংকাৰো আৰক্ষীয়ে জব্দ কৰা নাই।ইফালে এই ঘটনাৰ পাছত মেঘালয়ৰ প্ৰশাসন তথা পৰ্যটন উদ্যোগটিৰ ওপৰতো বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। উক্ত ঘটনাত হস্তক্ষেপ কৰিছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহনে যাদৱেও।

 

মেঘালয়