/asomiyapratidin/media/media_files/2025/05/15/wsJaZH0W7Ic82Clh5n5S.png)
ডিজিটেল ডেস্ক: কথাতেই কয়, নাৰীৰ শুৱনি হেনো চুলি। প্ৰতিগৰাকী মহিলাই তেওঁৰ চুলিখিনি দীঘল,ডাঠ তথা ধুনীয়া হোৱাটো বিচাৰে। যাৰ বাবে সকলোয়ে ছেম্পু, তেলকে ধৰি চুলিৰ যতনৰ বিভিন্ন সামগ্ৰী ক্ৰয় কৰি ব্যৱহাৰ কৰে। কিন্তু আপুনি জানি আচৰিত হ’ব যে, বজাৰৰ নামী-দামী ছেম্পু, তেলতকৈ আপোনাৰ সৰু সৰু অভ্যাসে চুলিৰ স্বাস্থ্যত বেছিকৈ প্ৰভাৱ পেলায়। চুলিৰ যত্নৰ অভ্যাস বুলি ক'লে প্ৰথমেই মনলৈ প্ৰশ্ন আহে, চুলি বান্ধি থ'ব লাগে নে মেলি, বিশেষকৈ ৰাতি। আজি এই বিষয়ে জানো আহক-
চুলি বান্ধি নে মেলি শুব লাগে ?
এয়া সকলোৰে মনত উদয় হোৱা এক সাধাৰণ প্ৰশ্ন। কিছুমানে ৰাতি চুলিখিনি টানকৈ বান্ধি শুই থাকে, যাতে শুই থাকোতে চুলিয়ে সমস্যাৰ সৃষ্টি নকৰে। আন একাংশই আকৌ চুলিখিনি সম্পূৰ্ণ খোলাকৈ থৈ দিয়ে, যাতে মূৰৰ ছালখনে উশাহ লোৱাৰ সুযোগ পায়।
কি কয় বিশেষজ্ঞই ?
বিশেষজ্ঞৰ মতে, ৰাতি শুই থাকোতে চুলি মেলি নে খুলি শুব লাগে, সেয়া সম্পূৰ্ণকৈ চুলিৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে।
চুটি চুলিৰ বাবে কি কৰিব ?
চুলি চুটি হ’লে খোলা ৰাখি শুব পাৰে। বিশেষজ্ঞৰ মতে, চুটি চুলি খুলি শুই থাকিলে কোনো সমস্যা নহয়। এনে চুলি মেনেজ কৰাটো খুব সহজ। চুলি চুটি হ’লে বাগৰ সলোৱাৰ সময়তো একে অসুবিধা নহয়।
দীঘল চুলিৰ বাবে কি কৰিব ?
দীঘল চুলিৰ ক্ষেত্ৰত পৰিস্থিতি অলপ বেলেগ। শুবলৈ যোৱাৰ আগত দীঘল চুলি সদায় বান্ধি শুব লাগে। এনে কৰিলে চুলিৰ জঁট নাবান্ধে আৰু চুলিৰ ক্ষতিৰ সম্ভাৱনা কমি যায়। দীঘল চুলি খোলা ৰাখিলে মুখলৈ চুলি আহিব পাৰে, যাৰ ফলত আপোনাৰ টোপনিৰ সমস্যাই নহয়, শালমইনাৰ সমস্যাও বৃদ্ধি পাব পাৰে।
চুলি বান্ধিতো এই কথা মনত ৰাখিব
দীঘল চুলিখিনি বান্ধিব ঠিকেই, কিন্তু খোপা ভুলতো নাবান্ধিব। খোপা বান্ধিলে মুৰৰ ছালখন টান খোৱাৰ দৰে অনুভৱ হ'ব পৰে, যিয়ে চকুৰ চুলিৰ গুৰি দুৰ্বল কৰে। চুলি বান্ধিলে ঢিলা বেণী গাঠিব পাৰে।
গাৰুৰ ক'ভাৰ ব্যৱহাৰ
চুলিৰ যত্নৰ ক্ষেত্ৰত মন কৰিবলগীয়া আন এক দিশ হৈছে গাৰুৰ কভাৰ ব্যৱহাৰ। চেটিন কাপোৰ চুলিৰ বাবে অত্যন্ত ভাল। কাৰণ এই কভাৰত চুলি ঘঁহনি খালে চুলি নিছিঙে। ফলত চুলি সুস্থ আৰু টোপনি ভাল হয়।