‘ষ্টাইল’ কৰাৰ নামত চুলিখিনি বেয়া নকৰিব

নাৰীৰ শুৱনি হেনো চুলি। সেয়ে হয়তো প্ৰতিগৰাকী নাৰীয়েই তেওঁলোকৰ চুলি দীঘল, ক'লা, উজ্বল তথা ডাঠ হোৱাটো বিচাৰে। দীঘল চুলিৰ মহিলাসকলৰ অধিকাংশই চুলিখিনি টানকৈ বান্ধি থয়।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
web ap 3৩৩৩৩৩৩৩৩৩

ডিজিটেল ডেস্ক: নাৰীৰ শুৱনি হেনো চুলি।সেয়ে হয়তো প্ৰতিগৰাকী নাৰীয়েই তেওঁলোকৰ চুলি দীঘল, ক'লা, উজ্বল তথা ডাঠ হোৱাটো বিচাৰে। দীঘল চুলিৰ মহিলাসকলৰ অধিকাংশই চুলিখিনি টানকৈ বান্ধি থয়।কিন্তু চুলি দীঘলকৈ বন্ধাৰ ফলত চুলিৰ বহু ক্ষতি হয়। হয়, আজি এই বিষয়ে জানো আহক-

Advertisment

টানকৈ চুলি বন্ধাৰ অপকাৰিতা

বহু নাৰীয়ে বিভিন্ন 'ষ্টাইল'ৰ বাবে চুলিখিনি ভিন্ন প্ৰকাৰে বান্ধে। এনেদৰে চুলি টানি বন্ধাৰ ফলত চুলিৰ গুৰি দুৰ্বল হয়। বিশেষকৈ বেনী গাঠি চুলি বেছি সময় ৰাখিব নালাগে। এইদৰে বান্ধিলে চুলি দুৰ্বল হৈ সৰিবলৈ আৰম্ভ কৰে।সেয়েহে চুলিখিনি ভালে ৰাখিবলৈ কেতিয়াও টানকৈ বান্ধিব নালাগে। চুলিৰ ক্ষতি প্ৰতিহত কৰিবলৈ যিমান সম্ভৱ খোপা বা বেনী ঢিলাকৈ বান্ধিব।আনহাতে, চুলি বান্ধিবলৈ উন্নত মানদণ্ডৰ ৰবৰ বেণ্ড ব্যৱহাৰ কৰিব।

আনহাতে, চুলিক বিভিন্ন ষ্টাইল দিবলৈ বহুতেই বহু ধৰণৰ ক্ৰীম, ‘ষ্ট্ৰেইটনাৰ’ বা ‘কাৰ্লাৰ’ ব্যৱহাৰ কৰে। ইয়াৰ ফলতো চুলি খুব সোনকালেই বেয়া হয়। সেয়েহে, পৰাপক্ষত এইবোৰৰ পৰা আঁতৰি থাকিব। চুলিৰ যত্নত সদায় প্ৰকৃতিক বস্তুয়েই ব্যৱহাৰ কৰিব লাগে।তদুপৰি, ছাল-চুলিৰ সঠিক বিকাশৰ বাবে সেউজীয়া শাক-পাচলিৰ লগতে প্ৰতিদিনে ৩-৪ লিটাৰ পানী খোৱা উচিত।

Also Read: এইসমূহ ঘৰুৱা প্ৰতিকাৰৰে স্বাস্থ্যকৰ কৰি ৰাখক আপোনাৰ চুলি