/asomiyapratidin/media/media_files/2025/12/03/hgfjghkghkljgljhl-2025-12-03-15-47-46.jpg)
খণ্ড ৪
ডিজিটেল ডেস্ক: অসমত সহজলভ্য এবিধ অতি উপকাৰী ফল হৈছে নুনি। এইবিধ ফল মালবেৰী বুলিহে বেছি পৰিচিত। নুনি গছৰ পাতৰ ৰস, গছৰ গুটি, গা-ছালৰ ৰস খুব ঔষধি গুণ সম্পন্ন যদিও অধিকাংশ লোকেই এই বিষয়ে জ্ঞাত নহয়।
প্ৰতি ১০০ গ্ৰাম নুনিত থকা পুষ্টি
কেলৰি - ৪৩
চৰ্বি - ০.৪ গ্ৰাম
ছ'ডিয়াম - ১০ মিলিগ্ৰাম
পটাছিয়াম - ১৯৪ মিলিগ্ৰাম
কাৰ্বহাইড্ৰেট - ১০ গ্ৰাম
প্ৰ’টিন - ১.৪ গ্ৰাম
কেলচিয়াম - ০.০৩
ভিটামিন চি - ৬০ %
আইৰণ - ১০০ %
মেগনেছিয়াম - ৪%
ভিটামিন বি - ৬ ৫%
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/03/mulberry-season-2025-12-03-15-49-28.jpg)
নুনিৰ স্বাস্থ্য উপকাৰিতা
উন্নত কৰে হজম শক্তি
নুনিত যথেষ্ট পৰিমাণে আঁহ থাকে, যিয়ে পাচন শক্তি উন্নত কৰাত সহায় কৰিব পাৰে। ফলত কোষ্ঠকাঠিন্য, পেট ফুলা আৰু পেটৰ বিষ দূৰ কৰাত ই সহায়ক।
হ্ৰাস কৰে কলেষ্টেৰলৰ মাত্ৰা
বেয়া কলেষ্টেৰলৰ মাত্ৰা কম কৰিবলৈ আপুনি নুনি চাহ আৰু ইয়াৰ পাতৰ ৰস খাব পাৰে। নুনিয়ে হৃদযন্ত্ৰৰ ৰোগো প্ৰতিৰোধ কৰে।
উন্নত কৰে ৰোগ প্ৰতিৰোধ ক্ষমতা
নুনিত যথেষ্ট পৰিমাণে ভিটামিন চি থাকে। তদুপৰি, ই এন্টিঅক্সিডেন্ট আৰু জৈৱ সক্ৰিয় যৌগ থাকে যিবোৰ এন্টি-ইনফ্লেমেটৰী, এন্টিবেক্টেৰিয়েল, আৰু ইমিউন-মডুলেটিং গুণ সম্পন্ন। এইসমূহ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত গুৰুতৰ ভূমিকা গ্ৰহণ কৰে।
নিয়ন্ত্ৰণ কৰে ডায়েবেটিছ
নুনিত কিছুমান বিশেষ ৰাসায়নিক পদাৰ্থ থাকে, যিসমূহে টাইপ ২ ডায়েবেটিছৰ চিকিৎসাত ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থৰ দৰেই। এই যৌগবোৰে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
উন্নত কৰে ৰক্ত সঞ্চালন
এইবিধ ফলত থকা এন্টিঅক্সিডেন্টে ৰক্তবাহী নলীবোৰ কোমল আৰু প্ৰসাৰিত কৰি ৰাখি কাৰ্য্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। যাৰ ফলত তেজ পৰিবহনত বাধাৰ সৃষ্টি নহয়।
আইৰণৰ উৎকৃষ্ট উৎস
নুনি খালে শৰীৰত ৰক্তকণিকাৰ উৎপাদন বৃদ্ধি হয়, যিয়ে ৰক্তহীনতা নিৰাময় কৰাত সহায় কৰে। এই ফলত থকা পলিফিনলে ৰক্তবাহী নলী সুস্থ কৰি ৰাখে।
উন্নত কৰে দৃষ্টি শক্তি
নুনিত জিএক্সান্থিন থাকে, যিয়ে আমাৰ চকু গঠন কৰা কোষবোৰৰ অক্সিডেটিভ চাপ কমোৱাত সহায় কৰে। তদুপৰি, ই ৰেটিনাক ক্ষতিকাৰক আল্ট্ৰা ভায়োলেট ৰশ্মিৰ পৰা ৰক্ষা কৰে। ইয়াত থকা কেৰটিনয়ডে চকুৰ ছানি পৰা আৰু মেকুলাৰ ডিজেনেৰেচনৰ দৰে ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/03/unnamed-62-2025-12-03-15-50-29.jpg)
সুস্থিৰ কৰে মগজুৰ স্বাস্থ্য
মগজুৰ স্বাস্থ্য ৰক্ষাতো নুনিৰ ভূমিকা উল্লেখনীয়। গৱেষণাত প্ৰমাণ হোৱা মতে, নুনি খালে এলঝেইমাৰ ৰোগৰ পৰা আমি বাচি থাকিব পৰা যায়।
এন্টিঅক্সিডেন্টৰ উৎস
নুনিত প্ৰাকৃতিক এন্টিবায়টিক ৰেচভেৰাটল নামৰ শক্তিশালী এন্টিঅক্সিডেন্টৰ অধিক ঘনত্ব থাকে, যিয়ে হৃদযন্ত্ৰৰ বিপদ হ্ৰাস কৰাত সহায় কৰে।
প্ৰতিৰোধ কৰে কৰ্কট ৰোগ
অধ্যয়নে ইংগিত দিয়ে যে নুনিত থকা এন্টিঅক্সিডেন্ট অক্সিডেটিভ চাপ হ্ৰাস কৰাত ফলপ্ৰসূ। যাৰ ফলত কেন্সাৰৰ সম্ভাৱনা হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে।
উন্নত কৰে যকৃতৰ স্বাস্থ্য
যকৃতৰ স্বাস্থ্য বজাই ৰখাৰ বাবে নিতান্তই প্ৰয়োজনীয় আইৰণৰ উৎস হৈছে এইবিধ ফল। ই যকৃতত থকা তেজক পুষ্টি আৰু বিশুদ্ধ কৰে।
হাওঁফাওঁৰ বাবে উপকাৰী
নুনিয়ে ইনফ্লুৱেঞ্জা ভাইৰাছ আৰু হাওঁফাওঁৰ সংক্ৰমণৰ বাবে দায়ী নিউমোক’কচিক বাধা দিয়ে। গতিকে হাওঁফাওঁৰ সংক্ৰমণত ভুগি থকা অৱস্থাত নুনি প্ৰচুৰ পৰিমাণে খাব লাগে।
Also Read: সুস্বাস্থ্য ৰক্ষাত মহৌষধ কুজি থেকেৰা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us