ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীয়ে কিয় ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল?

নিশাৰ ভিতৰতে দুয়োৱে ধৰ্ম সলনি কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল।

author-image
Asomiya Pratidin
New Update
new ap web 4 (22)

ডিজিটেল ডেস্কঃ সকলোকে অনুৰাগীক কন্দুৱাই  চিৰ দিনৰ বাবে  এই পৃথিৱীৰ পৰা গুছি গ'ল জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ। তেওঁৰ অভিনয়ে সকলোকে মোহিত কৰিছিল। প্ৰতিটো চৰিত্ৰ তেওঁ নিখুতভাৱে উপস্থাপন কৰিছিল। ইপিনে ধৰ্মেন্দ্ৰই হেমাক বিয়া কৰোৱাৰ পূৰ্বে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল? কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিছিল তেওঁলোকে। তাক লৈ আহি পৰিছে বহু প্ৰশ্ন। এই প্ৰশ্নসমূহে সকলোকে দোমোজাত পেলাইছে।

WhatsApp Image 2025-12-01 at 3.52.27 PM

ইপিনে ধৰ্মেন্দ্ৰই হেমাক বিয়া কৰাবলৈ সাময়িকভাৱে নিজৰ ধৰ্ম ত্যাগ কৰিছিল। হিন্দু বিবাহ আইন অনুসৰি এজন পুৰুষ বা মহিলাই বিবাহ বিচ্ছেদ নোহোৱাকৈ পুনৰ বিয়াত বহিব নোৱাৰে। সেয়ে নিশাৰ ভিতৰতে দুয়োৱে ধৰ্ম সলনি কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। এই ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পূৰ্বে তেওঁ কৈছিল যে, প্যাৰ কিয়া তোহ দৰনা ক্যা। 

WhatsApp Image 2025-12-01 at 3.52.13 PM

উল্লেখ্য যে, শ্বৰীয়ত আইনৰ মতে, এজন মুছলমান পুৰুষে একে সময়তে চাৰিগৰাকী পত্নীক বিয়া কৰাব পাৰে। গতিকে প্ৰকাশ কৌৰে বিবাহ বিচ্ছেদ মঞ্জুৰ নকৰিলেও হেমাক বিয়া কৰাবলৈ ধৰ্মেন্দ্ৰই ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। ধৰ্মান্তৰিত হোৱাৰ বাবে তেওঁলোকে দুয়োৱে নতুন নাম ৰাখিবলগীয়া হৈছিল। ধৰ্মেন্দ্ৰই নাম ৰাখিছিল দিলৱাৰ খান আৰু হেমাই নাম ৰাখিছিল আইছা । এই নাম দুয়োৱে ৰাখিছিল যদিও পাছলৈ নামসমূহ তেওঁলোকে ব্যৱহাৰ কৰা নাছিল। ইমান নহয় ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পাছতে ইছলাম  ধৰ্ম  পালন কৰা নাছিল। তাৰোপৰি, ২০০৪ চনত ধৰ্মেন্দ্ৰই নিজকে হিন্দু বুলি মুকলিকৈ কৈছিল। 

WhatsApp Image 2025-12-01 at 3.52.40 PM

হেমা মালিনী