সাৱধান হ'ব ! এইয়া ৰোগৰ আৰম্ভণিৰ লক্ষণ

সাৱধান হ'ব ! এইয়া ৰোগৰ আৰম্ভণিৰ লক্ষণ

ডিজিটেল ডেস্ক: শোৱাৰ সময়ত নাকৰে শব্দ হোৱা বা নাক বজা সমস্যাটো প্ৰাপ্তবয়স্কৰহে হয় বুলি আমি ধাৰণা কৰো। কিন্তু আজিকালি শিশুসকলৰ ক্ষেত্ৰতো এই সমস্যাই দেখা দিছে।শিশুৰ নাক বজাৰ কাৰণ হৈছে মাম্পছ নামৰ এবিধ ৰোগ, যাক এডেনইড হাইপাৰট্ৰফী বুলিও কোৱা হয়। এই ৰোগৰ ফলত শিশুৰ উশাহ লোৱাত অসুবিধা হয়। ইয়াৰ বাহিৰেও, তেওঁলোকৰ নাকটো বন্ধ হৈ যায়, যাৰ ফলত তেওঁ মুখৰে উশাহ ল'বলৈ আৰম্ভ কৰে আৰু নাকৰে শব্দ কৰে। এই সমস্যাটো প্ৰকৃততে কি আৰু ই শিশুসকলক কেনেদৰে আগুৰি আছে, আজি সেইবিষয়ে জানো আহক-

বিশেষজ্ঞসকলে কি কয় ?

বিশেষজ্ঞসকলৰ মতে, কানপুৰত মাম্পছত ভুগি থকা শিশুৰ সংখ্যা পাঁচ বছৰত পাঁচগুণ বৃদ্ধি পাইছে। বেছিভাগ অভিভাৱকেই এই সমস্যাৰ বিষয়ে বুজি নাপায়, যাৰ বাবে তেওঁলোকে শিশুৰ চিকিৎসা নকৰে।যদি আপোনাৰ সন্তানে সদায় ৰাতি নাক বজাই,তেন্তে আপুনি অলপ সাৱধান হোৱা উচিত।ইয়াৰ সংক্ৰমণৰ ফলত শিশুৰ গুৰুতৰ অস্ত্ৰোপচাৰো কৰিব লগীয়া হ'ব পাৰে। কানপুৰৰ জিএছভিএম চিকিৎসা মহাবিদ্যালয়ৰ ইএনটি বিভাগেও শেহতীয়াকৈ এই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰস্তুত কৰিছে। এই প্ৰতিবেদন অনুসৰিও প্ৰতি বছৰে মাম্পছত ভুগি থকা শিশুৰ সংখ্যা খুব বেছিকৈ বৃদ্ধি পাইছে।

ল'ৰাৰ ক্ষেত্ৰত এই ৰোগ অধিক 

প্ৰতিবেদন মতে, এই ৰোগত অধিকাংশ ল'ৰা শিশু আক্ৰান্ত হয়। শতাংশৰ হিচাপত ল'ৰা ৬০ শতাংশ আৰু ছোৱালীৰ ৪০ শতাংশ।

এডেনইড কি ? 

এডেনইড হৈছে এক গ্ৰন্থি যি নাক আৰু ডিঙিৰ পিছফালে সংলগ্ন। ই শিশু এটাৰ জন্মৰ পৰা  ১২ বছৰ বয়সলৈ বৃদ্ধি হয়, যাৰ পিছত ই সংকুচিত হ'বলৈ আৰম্ভ কৰে। প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত ই অতি সৰু। ই শৰীৰক সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰাৰ সময়ত এণ্টিবডী প্ৰস্তুত কৰে। 

এডেনইডে নাকৰ মাজেৰে শৰীৰত বেক্টেৰিয়া আৰু ভাইৰাছ প্ৰৱেশ প্ৰতিহত কৰি শিশুসকলক সংক্ৰমণৰ পৰা সুৰক্ষিত কৰে। বহুসময়ত ইয়াৰ সংক্ৰমণ ইমান মাৰাত্মক হয় যে ইয়াক নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰে। এনে পৰিস্থিতিত, এডেনইডবোৰ বাঢ়িবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত, নাকৰ মাজেৰে উশাহ লোৱাত অসুবিধা হয় আৰু ই সমস্যাৰ সৃষ্টি কৰে। 

মুখ্য লক্ষণসমূহ 

. নাকৰ মাজেৰে উশাহ লোৱাত অসুবিধা 

. নাক বজা 

. সঘনাই ডিঙিৰ বিষ 

 .গিলিবলৈ অসুবিধা 

. ডিঙিৰ গ্ৰন্থি ফুলা 

. ওঁঠ ছিঙি যোৱা

 .শুকান মুখ

. স্লিপ এপনিয়া 

প্ৰতিবেদনত উল্লেখ থকা অনুসৰি, ২০২২ চনৰ এপ্ৰিল আৰু ২০২৩ চনৰ মাৰ্চৰ ভিতৰত ৩২১১ টা শিশু জিএছভিএম চিকিৎসা মহাবিদ্যালয়ৰ ইএনটি অ'পিডিলৈ আহিছিল, যাৰ ভিতৰত ১৬২২ টা শিশুৰে অস্ত্ৰোপচাৰ কৰিব লগা হৈছিল। সেয়েহে, যদি আপোনাৰ সন্তানৰো শুওঁতে নাক বাজে, আপুনি অলপ সাৱধান হ'ব।

সাৱধান হ'ব ! এইয়া ৰোগৰ আৰম্ভণিৰ লক্ষণ
গ্ৰীষ্মকালত এইদৰে লওঁক শিশুৰ অতিৰিক্ত যত্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in