/asomiyapratidin/media/media_files/2026/01/18/nose-2026-01-18-09-25-05.jpg)
ডিজিটেল ডেস্ক: ভালকৈ যদি মন কৰা হয়, আমাৰ কাষে-বাৰে থকা বহু লোকেই নাকলৈ বাৰে বাৰে আঙুলি নি খজুৱাই থাকে। নাক খজুৱাই থকাটো বহু লোকৰ বাবে এটা সাধাৰণ বা তুচ্ছ অভ্যাস যেন লাগিব পাৰে। কিন্তু চিকিৎসা বিজ্ঞানৰ দৃষ্টিত এই অভ্যাসটো অত্যন্ত বিপদজনক। সঘনাই নাক খজুৱাই থকাৰ ফলত কেৱল নাকৰ ভিতৰৰ আৱৰণ ক্ষতিগ্ৰস্ত হোৱাই নহয়, নাকৰ গুৰুতৰ সংক্ৰমণৰ জৰিয়তে মগজুত প্ৰভাৱ পৰিব পাৰে। চৰম অৱস্থাত ইয়াৰ পৰা প্ৰাণঘাতীও হ’ব পাৰে।
নাক খজুৱাই থকাৰ অভ্যাস প্ৰকৃততে কি ?
চিকিৎসা বিজ্ঞানত বাৰে বাৰে নাক খজুৱাই থকাৰ অভ্যাসক ৰাইনোটিলেক্সোমেনিয়া (Rhinotillexomania) বুলি কোৱা হয়। এই অভ্যাসক খুব বেয়া অভ্যাস হিচাপে গণ্য কৰা হয়, যাৰ ফলত লাহে লাহে গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।
এই অভ্যাসৰ অসুবিধাসমূহ
সংক্ৰমণৰ আশংকা
এই অভ্যাসৰ ফলতহাতত থকা বেক্টেৰিয়া বা বীজাণু পোনে পোনে নাকৰ ভিতৰলৈ সোমায়। ইয়াৰ ফলত নাক আৰু ভেঁকুৰত সংক্ৰমণ হ’ব পাৰে।
নাকৰ ভিতৰৰ আৱৰণৰ ক্ষতি
নখে নাকৰ অতি সুক্ষ্ম শ্লেষ্মা পৰ্দা কাটি পেলাব পাৰে। ইয়াৰ ফলত নাকত ঘাঁ সৃষ্টি হ’ব পাৰে।।
বিপদজনক বেক্টেৰিয়াৰ প্ৰসাৰ
নাকত স্বাভাৱিকভাৱে থকা ষ্টেফাইলোক’কাছ (Staphylococcus) নামৰ বেক্টেৰিয়া শৰীৰৰ আন অংশলৈ বিয়পি নিউমোনিয়া, হাড়ৰ ৰোগ আৰু গুৰুতৰ সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে। কিছুমান গৱেষণাত এই বেক্টেৰিয়াক ডিমেনচিয়া আৰু এলঝেইমাৰ ৰোগৰ সৈতে সম্পৰ্কিত বুলিও কোৱা হৈছে।
নাক ফুলা আৰু ঘাঁ
বাৰে বাৰে নাকত আঙুলি সুমুৱাই থাকিলে নাক ফুলা, ঘাঁ হোৱা আৰু অবিৰত বিষ হ’ব পাৰে।
নাকৰ পৰা তেজ ওলোৱা
এই অভ্যাসৰ ফলত নাকৰ ভিতৰৰ সুক্ষ্ম ৰক্তবাহী নলী ফাটি যাব পাৰে, যাৰ ফলত সঘনাই নাকৰ পৰা তেজ ওলায়।
এটা চাঞ্চল্যকৰ ঘটনা
শেহতীয়াকৈ চীনৰ ছানছি প্ৰদেশৰ ছিয়ানয়াং চহৰৰ পৰা এটা ভয়াৱহ ঘটনা পোহৰলৈ আহিছে। এজন ব্যক্তিৰ দীৰ্ঘদিন ধৰি সঘনাই নাক খজুৱাই থকাৰ অভ্যাস আছিল। হঠাতে এদিন তেওঁৰ নাকৰ পৰা প্ৰচুৰ পৰিমাণে তেজ ওলাবলৈ ধৰে, যি কোনোপধ্যেই বন্ধ হোৱা নাছিল। তেওঁক তৎক্ষণাত চিকিৎসালয়লৈ লৈ যোৱাত পৰীক্ষাত দেখা যায় যে তেওঁৰ মুখৰ এটা ধমনী ফাটি গৈছে। অৱস্থা ইমানেই গুৰুতৰ আছিল যে জৰুৰী অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়। চিকিৎসকৰ মতে, সময়মতে চিকিৎসা নাপালে তেওঁৰ প্ৰাণৰ প্ৰতি ভাবুকিৰ সৃষ্টি হলহেতেন।
নাক খজুৱাই থাকিলে মৃত্যুৰ আশংকা থাকেনে ?
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, বাৰে বাৰে নাক খোঁচৰাৰ ফলত নাকৰ শ্লেষ্মা পৰ্দা গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়। ইয়াৰ ফলত ৰক্তবাহী নলীবোৰ দুৰ্বল হৈ পৰে আৰু কেতিয়াবা ধমনী ফাটি যাব পাৰে। কিছুমান ক্ষেত্ৰত সংক্ৰমণ মগজুলৈকে বিয়পি গৈ মাৰাত্মক অৱস্থাৰ সৃষ্টি কৰিব পাৰে।
নিজকে কেনেকৈ ৰক্ষা কৰিব ?
নাক খজুৱতি হ’লে আঙুলিৰ সলনি পৰিষ্কাৰ টিছু ব্যৱহাৰ কৰক।
সঘনাই হাত ধোৱাৰ অভ্যাস কৰক।
নাক শুকান অনুভৱ হ’লে চেলাইন টোপাল ব্যৱহাৰ কৰক।
সঘনাই নাকৰ পৰা তেজ ওলালে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক।
অভিভাৱকৰ ভূমিকা
শিশুসকলৰ মাজতো নাক খজুৱাই থকাৰ অভ্যাস দেখা যায়। এই ক্ষেত্ৰত অভিভাৱকৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। শিশুসকলক এই অভ্যাসৰ ক্ষতিকাৰক দিশসমূহ বুজাই দিয়া, সঠিক স্বাস্থ্য অভ্যাস গঢ়ি তোলাত সহায় কৰা অভিভাৱকৰ দায়িত্ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us