/asomiyapratidin/media/media_files/2025/12/25/heart-attack-1-2025-12-25-15-57-45.jpg)
ডিজিটেল ডেস্ক: সমগ্ৰ বিশ্বতে অভাৱনীয় হাৰত বৃদ্ধি হৈছে হৃদৰোগ বা হাৰ্ট এটেকত আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যা। শীতকালত বিশেষকৈ বৰদিন আৰু নৱবৰ্ষৰ আশে-পাশে হাৰ্ট এটেকত আক্ৰান্তৰ সংখ্যা তুলনামূলকভাৱে বৃদ্ধি হয়। আচলতে খ্ৰীষ্টমাছৰ সময়ছোৱা এই ৰোগৰ বাবে বছৰটোৰৰ আটাইতকৈ বিপদজনক দিন বুলি গণ্য কৰা হয়। প্ৰশ্ন হয়, এই সময়ছোৱাত হাৰ্ট এটেকৰ সম্ভাৱনা কিয় বৃদ্ধি পায় ?
হাৰ্ট এটেকৰ ৰোগী বৃদ্ধিৰ মূল কাৰণ
অভ্যাসৰ পৰিৱৰ্তন
বৰদিনৰ পৰা নতুন বৰ্ষৰ প্ৰথম দিনটোলৈ সাধাৰণতে অফিচ-কাছাৰী বন্ধ থাকে। বন্ধৰ দিনত মানুহৰ নিজৰ দৈনন্দিন স্বাস্থ্যসন্মত অভ্যাস পৰিত্যাগ কৰাৰ প্ৰৱণতা থাকে। বেছিকৈ সুৰাপান কৰা, বেছিকৈ ভজা খাদ্য খোৱা, ব্যায়াম তথা শাৰীৰিক ক্ৰিয়া-কলাপ কমাই দিয়া। এই সকলোবোৰ অভ্যাসে হৃদযন্ত্ৰত অতিৰিক্ত হেঁচা প্ৰয়োগ কৰে আৰু হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰে।
মানসিক চাপ বৃদ্ধি
বৰদিন আৰু নৱবৰ্ষৰ সময়ত মানুহে আৱেগিক আৰু আৰ্থিক মানসিক চাপ বৃদ্ধি পায়। উপহাৰ আৰু খৰচৰ চিন্তা, পৰিয়ালৰ দায়িত্ব, কাম, বন্ধৰ দিনবোৰত অত্যন্ত হুলস্থুলীয়া পৰিৱেশত থকা, এই সকলোবোৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।
ঠাণ্ডা বতৰ
ঠাণ্ডা বতৰৰ ফলত শৰীৰৰ সিৰাবোৰ সংকুচিত হৈ পৰে, যিটো অৱস্থাক ভেছ’কনষ্ট্ৰিকচন বোলা হয়। ইয়াৰ ফলত ৰক্তচাপ বৃদ্ধি পায় আৰু হৃদযন্ত্ৰৰ ধমনীত প্লেক ফাটি যোৱাৰ সম্ভাৱনা বৃদ্ধি পায়, যাৰ ফলত হাৰ্ট এটেক হ’ব পাৰে।
লক্ষণক আওকাণ কৰা
বন্ধৰ দিনত মানুহে প্ৰায়ে নিজৰ স্বাস্থ্যক গুৰুত্বসহকাৰে নলৈ চিকিৎসকৰ ওচৰলৈ যোৱাটো পিছুৱাই দিয়ে। হাৰ্ট এটেকৰ এই লক্ষণসমূহক কেতিয়াও আওকাণ কৰিব নালাগে-
- বুকুৰ বিষ বা গধুৰতা
- উশাহ লোৱাত অসুবিধা
- বাহু, কান্ধ, ডিঙি বা চোলাৰ বিষ
- মূৰ ঘূৰোৱা বা মূৰ্চ্ছা যোৱা
- ঘাম ওলোৱা
হাৰ্ট এটেক প্ৰতিৰোধৰ সহজ উপায়
প্ৰতিদিনে কিছু সময় উলিয়াই খোজ কাঢ়িব বা কিছু লঘু ব্যায়াম কৰক। ঔষধ নিয়মীয়াকৈ সময়মতে খাব। ভালকৈ টোপনি যাব আৰু মানসিক চাপ কমাবলৈ চেষ্টা কৰিব। যোগাসন, ধ্যান বা গভীৰ উশাহ-নিশাহৰ অভ্যাস কৰিব। আটাইতকৈ ডাঙৰ কথাটো হ’ল, যদি আপোনাৰ অসুস্থ অনুভৱ হয়, তেন্তে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰক।
বি.দ্ৰ: এই লেখাটো কেৱল সাধাৰণ তথ্যৰ বাবেহে। ই কোনো কাৰণতে চিকিৎসাৰ পৰামৰ্শ বা চিকিৎসাৰ বিকল্প নহয়। যিকোনো স্বাস্থ্য সমস্যাৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us