/asomiyapratidin/media/media_files/2025/03/08/vRwArH1yPbTnyAz8fhNY.jpg)
ডিজিটেল ডেস্ক: কথাতেই কয় যে আলু আৰু ভাৰতীয় মূলৰ মানুহ হেনো একেই। কিয়নো এই দুয়োবিধকে দেশৰ যিকোনো ঠাইতে পোৱা যায়।কিন্তু এই বিশ্বত এনে কেইখনমান দেশ আছে, য'ত এজনো ভাৰতীয় নাই। বিশ্বৰ মান্যতাপ্ৰাপ্ত ১৯৫খন দেশৰ এই বিশেষ পাঁচখন দেশত আপুনি এজনো ভাৰতীয় নাগৰিকক বিচাৰি নাপাব।আজি সেই দেশ কেইখনৰ বিষয়ে জানো আহক-
পাকিস্তান
ভাৰতৰ গাতে লাগি থকা দেশ পাকিস্তানত নাই এজনো ভাৰতীয় নাগৰিক। এসময়ত ভাৰতৰে অংশ হৈ থকা এই দেশখনৰ জেলত অৱশ্যে আপুনি ভাৰতীয় কাৰাবন্দী দেখিবলৈ পাব পাৰে।
ভেটিকান চিটি
পোপৰ দেশ ভেটিকান চিটি খুব সৰু দেশ।এই দেশৰ জনসংখ্যাও তেনেই তাকৰ।এই দেশখনতো এজনো ভাৰতীয় নাগৰিক নাই।
বুলগাৰিয়া
ইউৰোপৰ চৰ্চিত দেশ বুলগাৰিয়াতো ৰাজদূতৰ বাহিৰে আন ভাৰতীয় মূলৰ মানুহ আপুনি বিচাৰি নাপাব। ২০১৯চনৰ এই দেশৰ লোকপিয়ল মতে, দেশখনৰ ৬৯৫১৪৮২ লোকৰ মাজত এজনো ভাৰতীয় নাই।
তুবালু
ভাৰতীয় মূলৰ এজনো নাগৰিক নথকা আন এখন দেশ হৈছে অষ্ট্ৰেলিয়াৰ উত্তৰ-পূৱ দিশত থকা তুবালু দেশ। ১৯৭৮ চনত স্বাধীন হোৱা এই দেশখনত মাত্ৰ ১০ হাজাৰ জনসাধাৰণ আছে।
ছান মেৰিন’
ইউৰোপৰ দেশ ছান মেৰিন’তো নাই এজনো ভাৰতীয় নাগৰিক। এই দেশৰ জনসংখ্যাও কম, মাত্ৰ ৩,৩৫,৬২০।অৱশ্যে এই দেশখনে ভাৰতীয় পৰ্যটকক যথেষ্ট আকৰ্ষিত কৰে।
Also Read: এইজোপা গছৰ তলত বহি বছৰ বছৰ ধৰি তপস্যা কৰিছিল ঋষিমুনিয়ে