/asomiyapratidin/media/media_files/2025/03/01/0ZPiVF1ZPucYV4oLTyvC.jpeg)
ডিজিটেল ডেস্ক: কাৰণ লাগিলে যিয়ে নহওঁক, আজিকালি বহুলোকে অকলেই ভ্ৰমণ কৰাটো পছন্দ কৰে। একক ভ্ৰমণ বা অকলে ভ্ৰমণ কৰাত এক অতি ৰোমাঞ্চকৰ অভিজ্ঞতা হ'ব পাৰে। অৱশ্যে, যদি আপোনাৰ বাজেট সীমিত, তেন্তে কেইটামান গুৰুত্বপূৰ্ণ কথা মনত ৰখাটো অত্যাৱশ্যকীয় হৈ পৰে। যদি আপুনি কম বাজেটত অকলে ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আপুনি মন কৰিবলগীয়া দিশকেইটা হৈছে-
পৰিকল্পনা আগতীয়াকৈ কৰিব
যদি আপুনি কম বাজেটত ভ্ৰমণ কৰিবলৈ গৈ আছে, ইয়াৰ পৰিকল্পনা আগতীয়াকৈ কৰক। আগতীয়া পৰিকল্পনা নকৰাৰ ফলত সমস্যাত পৰিব পাৰে। যদি আপোনাৰ বাজেট সামিত, তেন্তে এই পৰিকল্পনা কৰোতে ভ্ৰমণ ব্যয় কম হোৱা ঠাই বাছনি কৰিব। কম বাজেটত আপুনি ভাৰতৰ হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ৰাজস্থান আদি চহৰলৈ যাব পাৰে।
দিনত ভ্ৰমণ কৰিব
যদি আপুনি একক ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰে, সদায়ে দিনত ভ্ৰমণ কৰিব। সস্তীয়াকৈ ভ্ৰমণ কৰিবলৈ ৰাজহুৱা পৰিবহন ব্যৱহাৰ কৰিব। ৰাজহুৱা পৰিবহনৰ ভাড়া দিনত সাধাৰণতে কম হয়।
হোষ্টেল বা গেষ্ট হাউচত থাকিব
হোটেলৰ তুলনাত হোষ্টেল আৰু গেষ্ট হাউচ সস্তা। বিশেষকৈ একক ভ্ৰমণকাৰীসকলৰ বাবে এয়া এক উৎকৃষ্ট বিকল্প। বহু হোষ্টেলত পাকঘৰৰ সুবিধা থাকে। এনে সুবিধা পালে আপুনি নিজৰ খাদ্য নিজে ৰান্ধি খাব পাৰে আৰু খাদ্যৰ ব্যয় ৰাহি কৰিব পাৰে।
খোজ কাঢ়িব
যি ঠাইলৈ ভ্ৰমণ কৰিবলৈ যাব, সেই ঠাইখনৰ বিষয়ে ভালকৈ গৱেষণা কৰিব। ইয়াৰ বাবে আপুনি মানচিত্ৰ এখন ব্যৱহাৰ কৰিব। আপোনাৰ হোষ্টেল, গেষ্ট হাউচৰ পৰা ওচৰৰ ঠাইবোৰ চাবলৈ হ'লে খোজ কাঢ়িব। কম দূৰত্বৰ বাবে অটো ৰিক্সাৰ ভাড়া ব্যয়বহুল হ'ব পাৰে।
স্বেচ্ছাসেৱক
আজিকালি বহু পৰ্যটন স্থানত বিনামূলীয়া বাসস্থান আৰু খাদ্যৰ বাবে স্বেচ্ছাসেৱী সুযোগ প্ৰদান কৰা হয়। আপুনি ইয়াত কিছু কাম কৰি বিনামূলীয়াকৈ থাকিব পাৰে।
Also Read: ৰাতি চলে আত্মাৰ তাণ্ডৱ, পুৱা আৱিৰ্ভাৱ হয় সেন্দুৰ-নেমু