এইজোপা গছৰ তলত বহি বছৰ বছৰ ধৰি তপস্যা কৰিছিল ঋষিমুনিয়ে

এইজোপা গছৰ তলত বহি বছৰ বছৰ ধৰি তপস্যা কৰিছিল ঋষিমুনিয়ে

ডিজিটেল ডেস্ক: ভাৰতত বিভিন্ন প্ৰজাতিৰ গছ-গছনি আছে আৰু ভাৰততে আছে বিশ্বৰ আটাইতকৈ পুৰণি গছজোপা।হয়, ৫০০ বছৰীয়া ইতিহাসৰে আজিও ভাৰতত ঠিয় হৈ আছে এই প্ৰকাণ্ড বৰগছজোপা।

উত্তৰ প্ৰদেশৰ বুলন্দ চহৰত থকা এই বৰগছজোপাক লৈ বহু ধৰ্মীয় বিশ্বাস আছে।স্থানীয় লোকসকলৰ মতে, বহু পৌৰাণিক গ্ৰন্থত এই গছজোপাৰ বিষয়ে উল্লেখ কৰা হৈছে।ঋষিমুনিসকলে এই গছজোপাৰ তলতে বহি বছৰ বছৰ ধৰি তপস্যাত মগ্ন আছিল।

স্থানীয় বন বিভাগৰ অধিকাৰীসকলৰ মতে কেৱল অঞ্চলটোৰ বাসিন্দাসকলে দাবী কৰাই নহয়, পৰীক্ষাৰ দ্বাৰাও এই গছজোপা যে অতি পুৰণি সেয়া স্পষ্ট হৈছে।হয়, কাৰ্বন ডেটিং পদ্ধতিৰে এই গছজোপাৰ বয়স যে ৫০০ বছৰ, সেয়া নিৰ্ধাৰণ কৰা হৈছে।

এইজোপা গছৰ তলত বহি বছৰ বছৰ ধৰি তপস্যা কৰিছিল ঋষিমুনিয়ে
পৃথিৱীৰ আটাইতকৈ বয়সীয়াল মুৰ্গীজনীৰ বিষয়ে জানেনে ?

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in