সাধাৰণ টিকটৰ নিয়ম কিছু সাল-সলনিৰ চিন্তা ভাৰতীয় ৰে'ল বিভাগৰ

শেহতীয়াকৈ নতুন দিল্লী ৰে’লৱে ষ্টেচনত বিশৃংখলতাৰ বাবে সংঘটিত দুৰ্ঘটনাত বহুলোকে প্ৰাণ হেৰুৱাইছিল। এই মৰ্মান্তিক দুৰ্ঘটনাৰ পিছত ৰে’ল প্ৰশাসনে সাধাৰণ টিকট ব্যৱস্থা আৰু অধিক সুশৃংখলিত কৰাৰ বাবে নতুন নিয়ম প্ৰৱৰ্তনৰ পৰিকল্পনা কৰিছে।

author-image
Asomiya Pratidin
New Update
ৰে’ল যাত্ৰীয়ে জানি থওঁক!

ৰে’ল যাত্ৰীয়ে জানি থওঁক!

ডিজিটেল ডেস্ক: ভাৰতত প্ৰতিদিনেই লক্ষাধিক লোকে ৰে'লেৰে যাত্ৰা কৰে। ইয়াৰে অধিকাংশ লোকৰে প্ৰথম পচণ্ড হৈছে 'সাধাৰণ ডবা'। সাধাৰণ ডবাৰ বাবে টিকট কৰিবলৈ হ'লে নাথাকে কোনো জটিলতা। যাত্ৰীয়ে ৰে'লৱে ষ্টে'চনলৈ গৈ ট্ৰেইন অহাৰ পূৰ্বে কাটিব পাৰে টিকট। প্ৰতিদিনে বৃহৎ সংখ্যক যাত্ৰীয়ে সেয়ে সাধাৰণ ডবাত যাত্ৰা কৰে। কিন্তু এতিয়া ৰে’ল বিভাগে সাধাৰণ টিকটৰ নিয়ম ক্ষেত্ৰত কিছু সাল-সলনি কৰাৰ কথা চিন্তা কৰিছে। এই নিয়ম সলনি হ'লে কোটি কোটি যাত্ৰীৰ ওপৰত প্ৰভাৱ পৰিব। 

Advertisment

শেহতীয়াকৈ নতুন দিল্লী ৰে’লৱে ষ্টেচনত যাত্ৰীৰ বিপুল জনসমাগমৰ বাবে হুলস্থুলৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছিল। ষ্টেচনত বিশৃংখলতাৰ বাবে সংঘটিত এই দুৰ্ঘটনাত বহুলোকে প্ৰাণ হেৰুৱাইছিল। এই মৰ্মান্তিক দুৰ্ঘটনাৰ পিছত ৰে’ল প্ৰশাসনে সাধাৰণ টিকট ব্যৱস্থা আৰু অধিক সুশৃংখলিত কৰাৰ বাবে নতুন নিয়ম প্ৰৱৰ্তনৰ পৰিকল্পনা কৰিছে।

 সাধাৰণ টিকট থকা যাত্ৰীসকলে সহজেই ৰে’ল সলনি কৰিব পাৰে। অৱশ্যে ভৱিষ্যতে হ’বলগীয়া পৰিৱৰ্তন অনুসৰি সাধাৰণ টিকটত ৰে’লৰ নামো উল্লেখ থাকিব। যাৰবাবে টিকটত ৰেলৰ নাম লিপিবদ্ধ হোৱাৰ পিছত যাত্ৰীসকলে ৰেল সলনি কৰিব নোৱাৰিব। সাধাৰণতে ৰেলৱেৰ নিয়ম অনুসৰি সাধাৰণ টিকটৰ বৈধতা থাকে মাত্ৰ তিনি ঘণ্টা। অৰ্থাৎ সাধাৰণ টিকট ক্ৰয় কৰাৰ তিনি ঘণ্টাৰ ভিতৰত যদি যাত্ৰা আৰম্ভ নকৰে, তেন্তে সেই টিকট অবৈধ হৈ পৰে আৰু সেই টিকটত যাত্ৰীয়ে যাত্ৰা কৰিব নোৱাৰে। অৱশ্যে অচিৰেই ৰে’ল মন্ত্ৰালয়ে কৰিব নতুন নিয়মৰ আনুষ্ঠানিক ঘোষণা ।

All India Railway indian railway indian railways guwahati railway station