কোনটো গ্ৰহ দোষৰ ফলত কি ৰোগ হয়, জানি লওঁক

জ্যোতিষ শাস্ত্ৰ অনুসৰি, আমাৰ শৰীৰটো পাঁচটা উপাদানেৰে গঠিত। এই উপাদান কেইটা হৈছে আকাশ, বায়ু, জুই, পানী আৰু পৃথিৱী। এই পাঁচটা উপাদান নটা গ্ৰহৰ দ্বাৰা পৰিচালিত হয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
web ap 2

ডিজিটেল ডেস্ক: জ্যোতিষ শাস্ত্ৰ অনুসৰি, আমাৰ শৰীৰটো পাঁচটা উপাদানেৰে গঠিত।এই উপাদান কেইটা হৈছে আকাশ, বায়ু, জুই, পানী আৰু পৃথিৱী। এই পাঁচটা উপাদান নটা গ্ৰহৰ দ্বাৰা পৰিচালিত হয়। যেতিয়া ৰাশিফলত এটা উপাদান দুৰ্বল হয়, তেতিয়া ইয়াৰ সৈতে সম্পৰ্কিত ৰোগবোৰে আমাৰ শৰীৰটোক আগুৰি ধৰে। এই শাস্ত্ৰ মতে, শৰীৰত হোৱা প্ৰতিটো ৰোগ নৱগ্ৰহৰ সৈতে সম্পৰ্কিত। কোনটো গ্ৰহৰ প্ৰভাৱত শৰীৰত কি ৰোগ হয়, আজি জানো আহক- 

Advertisment

সূৰ্য গ্ৰহ 

জ্যোতিষ শাস্ত্ৰত সূৰ্যক গ্ৰহৰ ৰজা বুলি গণ্য কৰা হয়। যদি সূৰ্য আপোনাৰ ৰাশিফলত শক্তিশালী হয়, তেন্তে আপোনাৰ আত্মাও শক্তিশালী হয়। আনহাতে, যদি ৰাশিফলত সূৰ্য ভাল নহয়, তেন্তে প্ৰথমে আপোনাৰ চুলি সৰিবলৈ আৰম্ভ কৰিব আৰু মূৰৰ বিষ হ’ব।

চন্দ্ৰ গ্ৰহ 

যদি আপোনাৰ চন্দ্ৰ গ্ৰহ দুৰ্বল হয়, তেন্তে আপুনি অতি আৱেগিক হ'ব। ইয়াৰ প্ৰভাৱত আপোনাৰ মনোবলো হ্ৰাস হ'ব। তদুপৰি, চৰ্দি আৰু কাহৰ দৰে ৰোগেও আপোনাক অতি সোনকালে প্ৰভাৱিত কৰিব।  

মঙ্গল গ্ৰহ 

মঙ্গল গ্ৰহ দুৰ্বল হ’লে এজন ব্যক্তিৰ তেজ সম্পৰ্কীয় ৰোগৰ উপৰিও উৎসাহৰ অভাৱ হ'ব। এই গ্ৰহৰ প্ৰভাৱৰ বাবে এজন ব্যক্তি অধিক এলেহুৱা হয় আৰু সঠিক শক্তিৰে কোনো কাম কৰিব নোৱাৰে। 

বুধ গ্ৰহ 

ৰাশিফলত বুধ গ্ৰহ দুৰ্বল হোৱাৰ ফলত ৰোগ অধিক হয়। বুধ গ্ৰহ বেয়া হ’লে আপুনি শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। তদুপৰি, বুধ দুৰ্বল হোৱাৰ বাবে বধিৰতাৰ সমস্যাও হ’ব পাৰে।

বৃহস্পতি গ্ৰহ

বৃহস্পতি গ্ৰহৰ দুৰ্বলতাৰ বাবে এজন ব্যক্তিৰ বুজাৰ শক্তিত প্ৰভাৱিত হয়। এই গ্ৰহৰ প্ৰভাৱৰ বাবে ব্যক্তি এজনৰ বুদ্ধিৰ অভাৱ হয়। বৃহস্পতি গ্ৰহৰ দুৰ্বল স্থিতিৰ বাবে জণ্ডিচ, থাইৰইড আৰু পাকস্থলী সম্পৰ্কীয় ৰোগো হ'ব পাৰে।

শুক্ৰ গ্ৰহ 

ৰাশিফলত শুক্ৰ দুৰ্বল হ’লে এজন ব্যক্তিয়ে শাৰীৰিক সুখ নাপায়।তদুপৰি, এই গ্ৰহৰ প্ৰভাৱত ব্যক্তি এজন ডায়েবেটিচত আ্ক্ৰান্ত হয়। শুক্ৰৰ অশুভ স্থিতিৰ বাবে শৰীৰৰ উচ্চতাও হ্ৰাস হয়। 

শনি গ্ৰহ

এই গ্ৰহে দুখ আৰু কষ্টক প্ৰতিনিধিত্ব কৰে। এজন ব্যক্তিৰ শৰীৰৰ বিষ শনি গ্ৰহৰ বাবে হয়। আনহাতে. এই গ্ৰহ দোষৰ বাবে শৰীৰত তেজৰ অভাৱ আৰু ৰক্তচাপৰ দৰে সমস্যাও হ'ব পাৰে। 

ৰাহু গ্ৰহ

যদি এজন ব্যক্তিৰ ৰাশিফলত ৰাহু গ্ৰহটো দুৰ্বল হয়, তেন্তে তেওঁ এলাৰ্জি, খজুৱতিৰ দৰে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। ৰাহু গ্ৰহৰ দোষ হ'লে এজন ব্যক্তি বেছিখিনি সময় চিকিৎসাধীন হৈ থাকিবলগীয়া হয়। ৰাহুৰ অশুভ স্থিতিৰ বাবে হৃদআক্ৰমণৰ দৰে সমস্যাৰো উদ্ভৱ হ'ব পাৰে।

কেতু গ্ৰহ 

যিজন ব্যক্তিৰ ৰাশিফলত কেতু গ্ৰহ দুৰ্বল থাকে, তেওঁ ভূতক ভয় কৰে।তদুপৰি, কেতুৰ বেয়া স্থিতিৰ বাবে ফোঁহা আৰু সামান্য আঘাত পোৱাৰ সম্ভাৱনাও থাকে।

Also Read: যদি আপোনাৰো এই ৰাশি, তেন্তে আপুনিও একেই প্ৰকৃতিৰ