/asomiyapratidin/media/media_files/2025/06/20/2-2025-06-20-13-14-25.jpg)
ডিজিটেল ডেস্ক: মহ, বহুতৰ বাবে এক আতংকৰ নাম। বিশেষকৈ বৰষুণৰ দিনকেইটাত মহে সকলোকে যান্ত্ৰণা দিয়ে। মহে কামুৰিলে বিভিন্ন ৰোগৰ আশংকা বৃদ্ধি হয়। বৰষুণৰ পানী য'তে-ত'তে জমা হোৱাৰ ফলত মহৰ সংখ্যা বৃদ্ধি হয়। যাৰ ফলত বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়। মানুহে প্ৰায়ে মহৰ পৰা বাচিবলৈ আঠুৱা তথা বিভিন্ন মহ মৰা ঔষধ ব্যৱহাৰ কৰে। কিন্তু ৰাসায়নিক পদাৰ্থযুক্ত মহ মৰা ঔষধসমূহ স্বাস্থ্যৰ পক্ষে খুবেই ক্ষতিকাৰক। ৰাসায়নিক পদাৰ্থযুক্ত স্প্ৰে ব্যৱহাৰৰ ফলত পৰিৱেশৰো অভাৱনীয় ক্ষতি হয়। কিন্তু, কিছুমান প্ৰাকৃতিক স্প্ৰে ব্যৱহাৰ কৰিও আপুনি আপোনাৰ ঘৰটো মহমুক্ত কৰিব পাৰে। পিছে কিদৰে এই প্ৰাকৃতিক স্প্ৰে ঘৰতে তৈয়াৰ কৰিব পাৰি, জানো আহক-
নিম তেলৰ স্প্ৰে
নিম তেল প্ৰাকৃতিকভাৱে মহৰ পৰা সুৰক্ষা দিয়াত অতি কাৰ্যকৰী। ইয়াক প্ৰস্তুত কৰিবলৈ ১০ মিলি লিটাৰ নিম তেল আৰু ৩০ মিলি লিটাৰ নাৰিকল তেল ল'ব। এই দুটা তেল ভালদৰে মিহলি কৰি এটা বটলত ভৰাই থ'ব। এই মিশ্ৰণটো স্প্ৰে হিচাপে ব্যৱহাৰ কৰি আপুনি অতি সহজে ঘৰৰ পৰা মহ দূৰ কৰিব পাৰিব।
লেভেণ্ডাৰ তেলৰ স্প্ৰে
লেভেণ্ডাৰ তেল মহক প্ৰতিহত কৰাৰ এক উৎকৃষ্ট প্ৰাকৃতিক উপায়। ইয়াৰ বাবে ১০ টোপাল লেভেণ্ডাৰ তেল আৰু ৬০ মিলি লিটাৰ পানীৰ প্ৰয়োজন। এইসমূহ একেলগে মিহলি কৰি আপুনি মহ মৰা স্প্ৰে প্ৰস্তুত কৰিব পাৰে।
পুদিনা তেলৰ স্প্ৰে
পুদিনা তেলে কেৱল মহৰ পৰা সুৰক্ষা দিয়াই নহয়, ঘৰটোক সুগন্ধিময় আৰু সতেজ কৰি ৰখাটো আপোনাক সহায় কৰিব। ইয়াক প্ৰস্তুত কৰিবলৈ ১০ টোপাল পুদিনা তেল আৰু ৭ মিলি লিটাৰ পানীৰ প্ৰয়োজন। এই মিশ্ৰণটো প্ৰস্তুত কৰি আৰু ইয়াক স্প্ৰে হিচাপে ব্যৱহাৰ কৰিব।
লং তেলৰ স্প্ৰে
মহ প্ৰতিৰোধ কৰাত লং তেলো কাৰ্যকৰী। ইয়াক প্ৰস্তুত কৰিবলৈ ১০ টোপাল লং তেল আৰু ৬ মিলি পানীৰ প্ৰয়োজন। মহৰ প্ৰকোপ বাঢ়িলে এই মিশ্ৰণটো স্প্ৰে হিচাপে ব্যৱহাৰ কৰিব। যিয়ে আপোনাৰ ঘৰলৈ সতেজতা অনাৰ লগতে মহৰ পৰা সুৰক্ষা দিয়াটো আপোনাক সহায় কৰিব।
চিট্ৰনলাৰ স্প্ৰে
চিট্ৰনলা হৈছে মহক আঁতৰাই ৰখাৰ এক অত্যন্ত কাৰ্যকৰী আৰু প্ৰাকৃতিক উপায়। ইয়াক স্প্ৰেৰ লগতে বিভিন্ন ধৰণেও ব্যৱহাৰ কৰিব পাৰে। যাৰ ফলত আপুনি সহজে মহৰ সন্ত্ৰাস পৰিহাৰ কৰিব পাৰে আৰু ঘৰটোও সতেজ কৰি ৰাখিব পাৰে।
উদ্ভিদ
স্প্ৰে কৰাৰ উপৰিও আপুনি কিছুমান উদ্ভিদ ঘৰলৈ আনি মহৰ সৈতে যুঁজ দিব পাৰে। আপোনাৰ ঘৰৰ চাৰিওফালে তুলসী, পুদিনা আৰু চিট্ৰনলাৰ দৰে উদ্ভিদ ৰোপণ কৰিলেও মহ প্ৰতিহত কৰাত সহায় কৰিব পাৰে। এই উদ্ভিদে মহক প্ৰাকৃতিকভাৱে আঁতৰাই ৰাখে আৰু আপোনাৰ ঘৰৰ পৰিৱেশো সুন্দৰ কৰি তোলে।
Also Read: এই ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰি পইতাচোৰাৰ উৎপাতৰ পৰা ৰক্ষা পাওঁক