Advertisment

ভাৰতৰ প্ৰাকৃতিক গেছৰ পাইপ লাইন ১০,৮০৫ কিলোমিটাৰ সম্প্ৰসাৰণ...

ভাৰতৰ প্ৰাকৃতিক গেছৰ পাইপলাইনৰ নেটৱৰ্ক ১০,৮০৫ কিলোমিটাৰ সম্প্ৰসাৰণ কৰা হৈছে।  বৰ্তমান দেশত প্ৰাকৃতিক গেছৰ পৰিসৰ ২৪,৯৪৫ কিলোমিটাৰলৈ বৃদ্ধি হৈছে। এই তথ্য শেহতীয়াকৈ সদৰি কৰিছে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ।

author-image
Asomiya Pratidin
New Update
ভাৰতৰ প্ৰাকৃতিক গেছৰ পাইপ লাইন ১০,৮০৫ কিলোমিটাৰ সম্প্ৰসাৰণ

ভাৰতৰ প্ৰাকৃতিক গেছৰ পাইপ লাইন ১০,৮০৫ কিলোমিটাৰ সম্প্ৰসাৰণ Photograph:

ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰাকৃতিক গেছৰ পাইপলাইনৰ নেটৱৰ্ক ১০,৮০৫ কিলোমিটাৰ সম্প্ৰসাৰণ কৰা হৈছে।  বৰ্তমান দেশত প্ৰাকৃতিক গেছৰ পৰিসৰ ২৪,৯৪৫ কিলোমিটাৰলৈ বৃদ্ধি হৈছে। এই তথ্য শেহতীয়াকৈ সদৰি কৰিছে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ।

Advertisment

ইফালে, ইথানল মিশ্ৰিত পেট্ৰ’ল কাৰ্যসূচীৰ অধীনত ২০২৫ চনৰ ভিতৰত পেট্ৰ’লত ২০% ইথানল মিশ্ৰণ সাধন কৰাৰ লক্ষ্যও স্থিৰ কৰা হৈছে। ২০২৪ চনৰ ডিচেম্বৰ মাহলৈকে ইথানলৰ মিশ্ৰণ ১৬.২৩% হৈছে, যিটো পূৰ্বৰ বছৰৰ ১৪.৬০% আছিল। যোৱা দশকত এই কাৰ্যসূচীয়ে ১.০৮ লাখ কোটি টকা বৈদেশিক মুদ্ৰাৰ ৰাহি কৰিছে, CO2 নিৰ্গমন ৫৫৭ লাখ মেট্ৰিক টন হ্ৰাস কৰিছে, আৰু কৃষকসকলক ৯২,৪০০ কোটি টকাৰ ধন প্ৰদানৰ সুবিধা প্ৰদান কৰিছে।

SATATৰ পদক্ষেপৰ অধীনত ৮০টা কম্প্ৰেছড বায়’-গেছ (চিবিজি) প্লাণ্ট আৰম্ভ কৰা হৈছে, য’ত ৭২টা প্লাণ্ট নিৰ্মাণৰ কাম চলি আছে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পৰা চিএনজি আৰু পিএনজি খণ্ডত চিবিজিৰ মিশ্ৰণ বাধ্যতামূলক হৈ পৰিব, ১%ৰ পৰা আৰম্ভ কৰি ২০২৮-২৯ বিত্তীয় বৰ্ষৰ ভিতৰত ক্ৰমান্বয়ে ৫%লৈ বৃদ্ধি পাব।

মন্ত্ৰালয়ে ঘোষণা কৰে যে ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহে ২০২৪ চনৰ ডিচেম্বৰ মাহলৈকে সমগ্ৰ দেশৰ খুচুৰা বিপণীসমূহত ১৭,৯৩৯টা বৈদ্যুতিক বাহন (ইভি) চাৰ্জিং ষ্টেচন আৰু ২০৬টা বেটাৰী শ্বেপিং ষ্টেচন স্থাপন কৰিছে। 

ভাৰত