সৰিয়হৰ প্ৰতিকাৰৰ দ্বাৰা কিদৰে ভাগ্য উজলাব পাৰি, জানি লওঁক

সুখ, সমৃদ্ধি, প্ৰগতি, সম্পদ আৰু সুস্বাস্থ্য লাভৰ বাবে কোনে কি নকৰে ! কিন্তু বহুসময়ত কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো বহুতেই আকাংক্ষিত ফল লাভ নকৰে। এই সকলোবোৰ সমস্যাৰ কাৰণ ঘৰখনত থকা নেতিবাচক শক্তিও হ'ব পাৰে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
সৰিয়হ

ডিজিটেল ডেস্ক: সুখ, সমৃদ্ধি, প্ৰগতি, সম্পদ আৰু সুস্বাস্থ্য লাভৰ বাবে কোনে কি নকৰে ! কিন্তু বহুসময়ত কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো বহুতেই আকাংক্ষিত ফল লাভ নকৰে। এই সকলোবোৰ সমস্যাৰ কাৰণ ঘৰখনত থকা নেতিবাচক শক্তিও হ'ব পাৰে। নেতিবাচক শক্তিৰ বাবে আপুনি জীৱনত বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। জ্যোতিষ শাস্ত্ৰত এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ লাভ কৰাৰ বহুতো প্ৰতিকাৰৰ বিষয়ে উল্লেখ কৰা হৈছে। হয়, আমাৰ সকলোৰে পাকঘৰত থকা হালধীয়া সৰিয়হৰ প্ৰতিকাৰে আপোনাক জীৱনৰ সমস্যাবোৰৰ পৰা সকাহ দিব পাৰে, জানো আহক-

Advertisment

জ্যোতিষ শাস্ত্ৰত উল্লেখ থকা সৰিয়হৰ প্ৰতিকাৰ

১) শুকান গোৱৰত অলপ হালধীয়া সৰিয়হ দি সেইখিনি জ্বলাই লৈ গোটেই ঘৰটোত ইয়াৰ ধোঁৱা বিয়পাই দিব। এই প্ৰতিকাৰৰ দ্বাৰা ঘৰত মা লক্ষ্মীৰ কৃপা বৰ্তি থাকিব। 

২) বহুসময়ত আমাৰ ঘৰবোৰত কুদৃষ্টি থাকে। এই কুদৃষ্টিৰ বাবেই ঘৰৰ সদস্যসকলে জীৱনত সফলতা প্ৰাপ্ত কৰাত বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়াত পৰে।এই ক্ষেত্ৰত হালধীয়া সৰিয়হে ঘৰৰ কুদৃষ্টি দূৰ কৰাত আপোনাক সহায় কৰিব পাৰে। ইয়াৰ বাবে আপুনি ঘৰৰ সকলো কোঠাত হালধীয়া সৰিয়হ ছটিয়াই দিব। এনে কৰাৰ ফলত এই কুদৃষ্টিৰ লগতে ঘৰৰ বাস্তু ত্ৰুটিও নাইকিয়া হ’ব। 

৩) ধনৰ অভাৱ দূৰ কৰিবলৈ বা ধন সম্পৰ্কীয় সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি সৰিয়হৰ প্ৰতিকাৰৰ সহায় ল'ব পাৰে।ইয়াৰ বাবে বৃহস্পতিবাৰে হালধীয়া সৰিয়হ এখন হালধীয়া কাপোৰত বান্ধি ঘৰৰ মূল দুৱাৰত ওলোমাই ৰাখিব। ই ধন সম্পৰ্কীয় সকলো সমস্যাৰ সমাধান কৰিব। 

৪) যদি আপুনি কোনো কামত সফলতা লাভ নকৰে, তেন্তে বুধবাৰে আপোনাৰ হাতৰ তলুৱাত হালধীয়া সৰিয়হ লৈ ১০৮ বাৰ 'ওম নমো ভাগৱতে বসুদেৱ্য নমহ' মন্ত্ৰটো উচ্চাৰণ কৰিব।

৫) যদি আপুনি চাকৰি সম্পৰ্কীয় যিকোনো সমস্যাৰ সৈতে যুঁজি আছে বা ব্যৱসায়ত মন্থৰতাৰ সন্মুখীন হৈছে, তেনেহ'লে অৰ্থনৈতিক পৰিস্থিতি শক্তিশালী কৰিবলৈ হালধীয়া সৰিয়হৰ প্ৰতিকাৰ ল'ব পাৰে।ইয়াৰ বাবে ঘৰৰ মূল ব্যক্তিগৰাকীৰ মূৰৰ পৰা তললৈ পেলাই দি সেইখিনি ঘৰৰ দূৰৈত পেলাই দিব। ই চাকৰি ক্ষেত্ৰত দেখা দিয়া সকলো সমস্যাও দূৰ কৰিব। 

৬) ইফালে, ঘৰত সুখ-শান্তি বৰ্তি থাকিবলৈ দেওবাৰে এটা কাঁচৰ বাটিত হালধীয়া সৰিয়হ লৈ ইয়াক ঘৰৰ উত্তৰ-পূব কোণত ৰাখিব। ই ঘৰখনলৈ সুখ আৰু শান্তি কঢ়িয়াই অনাৰ লগতে বিভেদ আঁতৰ কৰাত সহায় কৰিব।

Also Read: যদি আপোনাৰো এই ৰাশি, তেন্তে আপুনিও একেই প্ৰকৃতিৰ