/asomiyapratidin/media/media_files/2025/03/23/xqOWHLJKGeC2kJqLQNTB.jpg)
কেৱল অৰ্থনৈতিক সবলতাই বিয়াৰ দৰে এটা পৱিত্ৰ বান্ধোনৰ মূল ভেটিঁ হ'ব পাৰেনে! নিশ্চয় নোৱাৰে। কিন্তু প্ৰায়ে দেখা যায় যে, একাংশই এই কথাটোঁকেই মূল কথা বুলি ধৰি লয়। আৱেগ- অনুভূতিক মূল্যহীন কৰি এজন মানুহৰ সৈতে ওৰে জীৱন কটোৱাতো জানো সম্ভৱ! এটা বিশেষ ঘটনাৰ আলম লৈ ডিম্পুল বৰগোহাঁইৰ এক প্ৰতিবেদন...
কিছুদিনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ নিযুক্তি সম্পৰ্কীয় অনুষ্ঠানত এষাৰ কথা কৈছিল। তেওঁ কৈছিল- বিয়া যদি কৰোৱায় বা হয় তেন্তে সদায়েই মানুহৰ স্বভাৱ-চৰিত্ৰ চাইহে কৰাব বা বহিব। বহুতে মানুহৰ সৈতে নহয়, চাকৰিৰ সৈতেহে বিয়া হয় বা চাকৰিটোকহে বিয়া কৰোৱায়...।'
অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই কথাষাৰে সেই সময়ত বহুতৰ মন চুই গৈছিল। আমাৰ সমাজখনত ঘটি থকা বিভিন্ন ঘটনাৰাজি দেখিয়েই হয়তো মুখ্যমন্ত্ৰীগৰাকীয়ে এই আহ্বান কৰিছিল সকলোকে। চাকৰিৰ লোভ বা ধনৰ লোভত বিয়া হলে বা কৰোৱালে কি ভয়ংকৰ ঘটনা সংঘটিত হব পাৰে, তাৰ পুনৰ এটি জলন্ত প্ৰমাণ ওলাল শেহতীয়াকৈ।
ঘটনাটো প্ৰায় ১০দিনৰ আগৰ। দিল্লীৰ কেন্দ্ৰীয় বিদ্যালয়ত কৰ্মৰত ২৯বছৰীয়া অন্বিতা শৰ্মাই স্বামী ডাঃ গৌৰৱ কৌশিকলৈ দিছিল শেষৰটো হোৱাটছ এপ মেছেজ। স্বামীলৈ তেওঁ হোৱাটছ এপত লিখিছিল- খাদ্য ৰান্ধি থৈছোঁ গৌৰৱ কৌশিক। খাই ল'ব।' তাৰ পিছতে তেওঁ শেষ কৰি দিছিল নিজক।
কিয় এনেদৰে চৰম পন্থা বাছি ললে অন্বিতাই! স্বামী এগৰাকী ডাক্তৰ আৰু নিজেও অৰ্থনৈতিকভাৱে স্বচ্ছল এটা জীৱন কটোৱাৰ পাছতো অন্বিতাই এনে পথ বাচি লোৱাৰ অন্তৰালতো আছে বহু কাৰণ। ইয়াৰ বাবে আমি উভতি যাব লাগিব ২০১৯চনলৈ।
২০১৯চনত গৌৰৱ আৰু অন্বিতাৰ বিয়া হৈছিল। ধুমধামেৰে গৌৰৱলৈ বিয়া দিছিল অন্বিতাক। পিতৃ অনিল শৰ্মাই সংবাদমাধ্যমত কোৱা মতে, কন্যাৰ বিয়াত প্ৰায় ২৬লাখ টকা খৰছ কৰিছিল তেওঁলোকে। যৌতুকত অন্য সামগ্ৰীৰ লগতে দিছিল এখন বিলাসী গাড়ীও।
বিয়াৰ কিছুদিনলৈ সকলো ঠিকে চলি আছিল। স্বামী গৌৰৱ কৌশিক আছিল দিল্লীৰ মেক্স হস্পাতালৰ এগৰাকী চিকিতসক। অন্বিতাৰ পিতৃ-মাতৃয়েও ভাৱিছিল সুখেৰে পাৰ হব কন্যাৰ যুগ্ম জীৱন। কিন্তু ভৱা মতে নহ'ল সকলো। যৌতুকক লৈ সন্তুষ্ট নাছিল স্বামীৰ লগতে তেওঁৰ পৰিয়াল। বিয়াৰ কেইমাহ মানৰ পাছৰে পৰাই অন্বিতাৰ ওপৰত চলিল মানসিক আৰু শাৰিৰিক নিৰ্যাতন।
দিনবোৰ দুৰ্বিসহ হৈ পৰিছিল অন্বিতাৰ বাবে। কিন্তু তেনে সময়তে তেওঁলোকৰ জীৱনলৈ আহিছিল এটি সন্তান। অন্বিতাই ভাৱিছিল এতিয়াৰে পৰা সকলো ঠিক হ'ব। কিন্তু স্বামী আৰু তেওঁৰ পৰিয়ালৰ মানসিকতা পৰিৱৰ্তন নহ'ল। কন্যাৰ সন্মুখতে অন্বিতাৰ ওপৰত চলিয়ে থাকিল মানসিক আৰু শাৰিৰিক নিৰ্যাতন। মৃত্যুৰ সময়ত অন্বিতাই এৰি থৈ গৈছে ৩বছৰীয়া পুত্ৰ সন্তানক।
কন্যাৰ ওপৰত চলা অত্যাচাৰ দেখি পৰিয়ালে বিবাহ বিচ্ছেদৰ কথা কৈছিল অন্বিতাক। কিন্তু এনে পৰিস্থিতি আহিলে প্ৰতিবাৰেই চতুৰালিৰে পৰিস্থিতি চম্ভালি লয় স্বামী গৌৰৱে। প্ৰতিবাৰেই স্বামী গৌৰৱে 'আকৌ তেনেকুৱা একো নহয়' বুলি পতিয়ন নিয়াই ঘৰলৈ ঘূৰাই লৈ গৈছিল। কিন্তু ঘৰলৈ নি পুনৰ আৰম্ভ কৰিছিল অত্যাচাৰ।
অন্বিতাই চাকৰিৰ সমান্তৰালভাৱে তেওঁ এগৰাকী বোৱাৰী আৰু এগৰাকী মাতৃ যি সদায় 'পাৰফেক্ট' হ'বলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁৰ সকলো চেষ্টা সদায় বিফল হৈছিল। তেওঁৰ একো কামে তেওঁৰ স্বামী আৰু তেওঁৰ পৰিয়ালক সন্তুষ্টি প্ৰদান কৰিব কৰিব নোৱাৰিছিল। যাৰ ফলত এই চৰম সিদ্ধান্ত লৈ পেলালে অন্বিতাই।
অন্বিতাই চুইচাইড নোটত লিখি গৈছে- তেওঁ মোৰ চাকৰিটোক বিয়া কৰাইছিল, মোক নহয়। ' বছৰ বছৰ ধৰি হোৱা আৱেগিক নিৰ্যাতন, অন্তহীন সমালোচনা আৰু যৌতুকৰ হাৰাশাস্তিয়ে তেওঁক ভিতৰৰ পৰা মষিমূৰ কৰি পেলাইছিল। স্বামী পৰিয়ালে এটিএম কাৰ্ড, চেক, আন আৰ্থিক নথি পত্ৰ ৰাখি থৈ নিজৰ মাক-দেউতাকৰ বাবে এটকাও খৰচ কৰিব নোৱাৰাটো নিশ্চিত কৰি ৰাখিছিল।
ছুইচাইড নোটত অন্বিতাই লিখি থৈ গৈছে যে, তাই মাক-দেউতাকক নিজৰ সন্তানক (পুত্ৰ) বেলেগ ধৰণে ডাঙৰ-দীঘল কৰে যাতে সি ডাঙৰ হৈ দেউতাকৰ দৰে নহয়। কিমান বেদনা, ক্ষোভ লৈ অন্বিতাই বিদায় মাগিলে সেয়া শব্দৰে প্ৰকাশ কৰাটো কঠিন। ইতিমধ্যে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে স্বামী আৰু শহুৰক। শাহুয়েককো আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধা পোছা। যোৱা ১৬মাৰ্চত এই চৰম সিদ্ধান্ত লৈছিল অন্বিতাই।
এয়াই আছিল দিল্লীৰ অন্বিতাৰ কাহিনী। যি কাহিনীয়ে আকৌ এবাৰ উদঙাই দিলে যে কেৱল ধন, সা-সম্পত্তিয়ে মানুহক সুখী কৰিব নোৱাৰে, সন্তুষ্টি দিব নোৱাৰে। কেৱল অৰ্থনৈতিক সবলতাই বিয়াৰ দৰে এটা পৱিত্ৰ বান্ধোনৰ মূল ভেটিঁ হ'ব নোৱাৰে, সেই কথা পুনৰ প্ৰমাণ হ'ল।
আমাৰ সমাজতো আমাৰ আশে পাশে এনে বহু ঘটনা সংঘটিত হৈ আছে। কেৱল অৰ্থনৈতিক সবলতালৈ চাই বহুতে বিয়াৰ দৰে পৱিত্ৰ বান্ধোনত বান্ধ খাই পিছলৈ চৰম অশান্তিত দিন পাৰ কৰে। টকা সকলোৰে জীৱনৰ বাবে অপৰিহাৰ্য যদিও টকাই সকলো দিব নোৱাৰে। এটা সুখকৰ জীৱনৰ বাবে আৱেগ, অনুভূতিৰ মূল্য সদায়েই ধন-সম্পত্তিতকৈ ওপৰত...