ঘৰলৈ আহিব সুখ-শান্তি, হ'ব টকাৰ বৰষুণ

ধন বা টকা এনেকুৱা এক বস্তু, যাক সকলোৱে প্ৰাপ্ত কৰিব বিচাৰে। টকা অৰ্জন কৰিবলৈ প্ৰতিজনেই কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। কিন্তু বহুসময়ত কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো আমাৰ হাতলৈ ধন নাহে।

author-image
সংগীতা দাস
New Update
ধনী

ডিজিটেল ডেস্ক: ধন বা টকা এনেকুৱা এক বস্তু, যাক সকলোৱে প্ৰাপ্ত কৰিব বিচাৰে। টকা অৰ্জন কৰিবলৈ প্ৰতিজনেই কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। কিন্তু বহুসময়ত কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো আমাৰ হাতলৈ ধন নাহে। এনে পৰিস্থিতিত আপুনি কঠোৰ পৰিশ্ৰম কৰাৰ লগতে ধনৰ দেৱী লক্ষ্মীক বিশেষভাৱে উপাসনা কৰিব লাগে, যাতে মা লক্ষ্মীৰ আপোনাৰ ঘৰলৈ আগমন ঘটে। 

Advertisment

কি কয় জ্যোতিষশাস্ত্ৰই ?

হিন্দু ধৰ্মত শুক্ৰবাৰৰ দিনটো মা লক্ষ্মীৰ নামত উৎসৰ্গিত। এই দিনটোত দেৱী লক্ষ্মীক পূজা কৰা হয়। জ্যোতিষ শাস্ত্ৰ অনুসৰি, এই দিনটোত মা লক্ষ্মীক উপাসনা কৰাৰ লগতে যদি আপুনি কিছুমান ব্যৱস্থা গ্ৰহণ কৰে, তেন্তে আপুনি মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব পাৰে। মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ শুকুৰবাৰে কি কৰিব লাগে, আজি জানো আহক- 

জ্যোতিষ শাস্ত্ৰ অনুসৰি, শুকুৰবাৰে মা লক্ষ্মীৰ ফটো বা মূৰ্তিৰ সন্মুখত ৰঙা কাপোৰ এখন লৈ তাত এমুঠি জিৰা আৰু কেইটামান খুচুৰা পইচা ল’ব। মা লক্ষ্মীৰ উপাসনা কৰাৰ পিছত সেইখিনি এক সুৰক্ষিত বা য'ত টকা ৰখা হয়, সেই ঠাইত ৰাখিব। এনে কৰাৰ ফলত ঘৰখনলৈ টকাৰ বৰষুণ হব। আগমন ঘটিব সুখ-সমৃদ্ধিৰ। আনহাতে, এই দিনটোত যিকোনো শুভ কামত হাত দিয়াৰ আগতে জিৰা খাব। এনে কৰাৰ দ্বাৰা কেৱল আপোনাৰ কাম সিদ্ধি হোৱাই নহয়, গোটেই দিনটো ভালে যাব।

বি.দ্ৰ :ওপৰৰ লেখাটো ইণ্টাৰনেটত উপলব্ধ তথ্যৰ ভিত্তিত লেখা হৈছে।