/asomiyapratidin/media/media_files/2025/07/05/web-ap-amatnath-2025-07-05-12-15-57.jpg)
ডিজিটেল ডেস্ক: অমৰনাথ যাত্ৰা কেৱল এক কঠিন ধৰ্মীয় যাত্ৰাই নহয়, ইয়াৰ লগত জড়িত বহুতো অলৌকিক কাহিনী আৰু ৰহস্যই ভক্তসকলৰ মনতো বিশ্বাস গভীৰ কৰি তোলে। ইয়াৰ ভিতৰত এক প্ৰধান আৰু ৰহস্যময় কাহিনী হ’ল এযোৰ পাৰৰ কাহিনী। ভক্তসকলে প্ৰায়ে অমৰনাথ গুহাৰ ভিতৰত বা চাৰিওফালে এযোৰ পাৰ দেখা পায়। বিশ্বাস অনুসৰি, এয়া সাধাৰণ চৰাই নহয়। হাজাৰ হাজাৰ বছৰ ধৰি জীয়াই থকা দুটি বিশেষ জীৱ।
অমৰ পাৰ যোৰৰ প্ৰকৃত কাহিনী
প্ৰচলিত কাহিনী অনুসৰি, ভগৱান শিৱই পাৰ্বতীক অমৰত্বৰ ৰহস্য ক’বলৈ এই গুহাটো বাছি লৈছিল। শিৱই আন কোনোৱে এই গোপন কথা শুনাটো বিচৰা নাছিল। সেয়ে তেওঁ নন্দী, ম’হ, সাপকে ধৰি তেওঁৰ সকলো সংগীক বিভিন্ন ঠাইত এৰি পাৰ্বতীক লৈ অকলে এই গুহালৈ আহিছিল। কিন্তু, যেতিয়া ভগৱান শিৱই অমৰ কাহিনী বৰ্ণনা কৰি আছিল, তেতিয়া সেই গুহাটোত থকা এয়াৰ পাৰয়ে এই কাহিনী শুনিছিল আৰু কাহিনী শুনাৰ লগে লগে পাৰযোৰ অমৰ হৈ পৰিছিল।
মহাদেৱৰ আৰ্শীবাদ
আকৌ আন এক কাহিনী অনুসৰি, পাৰ যোৰে কাহিনী শুনাত ভগৱান শিৱ ক্ৰোধিত হৈ ত্ৰিশূল লৈ সিহঁতক মাৰিবলৈ উদ্যত লৈছিল। তেতিয়া পাৰযোৰে তেওঁক ক্ষমা বিচাৰি অমৰত্বৰ বৰ বিচাৰিছিল আৰু ভগৱান শিৱয়েও তেওঁলোকক ক্ষমা কৰি অমৰ হোৱাৰ আশীৰ্বাদ দিলে। আজিও এই কপৌযোৰ অমৰনাথ গুহাত উপস্থিত হৈ ভক্তক দৰ্শন দিয়ে।
এই পাৰযোৰ দৰ্শনৰ গুৰুত্ব
বিশ্বাস কৰা হয় যে, এই পাৰযোৰ দেখিলে আধ্যাত্মিক সিদ্ধতা আৰু ঐশ্বৰিক অনুগ্ৰহৰ অনুভৱ হয়। বহু ভক্তই কয় যে তেওঁলোকে তাত প্ৰতি বছৰে এই পাৰ যোৰ দেখি আহিছে। কিন্তু অমৰনাথ গুহাত স্বাভাৱিক চৰাই জীয়াই থকাটো সম্ভৱ নহয়। একাংশ বিশেষজ্ঞৰ মতে, সেই অঞ্চলত পাৰ চৰাইয়ে বাহ সাজিব পাৰে। কিন্তু, একে ঠাইতে এই পাৰযোৰ সদায় থকাটো অলৌকিকতাতকৈ কোনো গুণে কম নহয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us