/asomiyapratidin/media/media_files/2025/04/26/iikTeKl5zesV8U4Vmks2.jpg)
ডিজিটেল ডেস্ক: আজিৰ ডিজিটেল জগতত স্মাৰ্টফোন আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। ই জ্ঞান, মনোৰঞ্জন আৰু সংযোগ বজাই ৰখাৰ মাধ্যম হ’লেও শিশুৰ মাজত ইয়াৰ নিচা বৃদ্ধি পোৱাটো গুৰুতৰ চিন্তাৰ বিষয় হৈ পৰিছে। কৰ’না মহামাৰীৰ সময়ত অনলাইন শিক্ষাই শিশুসকলক পৰ্দাত ইমানেই ব্যস্ত কৰাই ৰাখিলে যে এতিয়া পঢ়া-শুনা শেষ হোৱাৰ পিছতো ল’ৰা-ছোৱালীয়ে ঘণ্টাৰ পিছত ঘণ্টা ধৰি মবাইলত আঠাৰ দৰে লাগি থাকে। বিশেষজ্ঞসকলৰ মতে স্মাৰ্টফোনৰ এই নিচাই শিশুক মানসিক, শাৰীৰিক আৰু সামাজিকভাৱে দুৰ্বল কৰি তুলিছে। বিশেষকৈ ম'বাইলৰ অত্যধিক ব্যৱহাৰৰ ফলত শিশুৰ ৩টা ৰোগৰ আশংকা দ্ৰুতগতিত বৃদ্ধি পাইছে। বেংগালুৰুত কৰা এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ম'বাইল ব্যৱহাৰে ৬০% শিশুৰক টোপনিত ব্যাঘাত জন্মাইছে।
কি কয় বিশেষজ্ঞই ?
অভিভাৱকত্ব বিশেষজ্ঞৰ মতে, আনক ম'বাইল ব্যৱহাৰ কৰা দেখিয়েই শিশুৰ এই অভ্যাস গঢ়ি উঠে। বাংগালুৰুত স্মাৰ্টফোনৰ আসক্তি সন্দৰ্ভত কৰা এক অধ্যয়ন অনুসৰি ২৮% শিশুৱে স্মাৰ্টফোনৰ নিচাত ভুগিছে। প্ৰতিবেদন অনুসৰি প্ৰতিদিনে ৫ ঘণ্টাৰো অধিক সময় ম'বাইলত কটোৱা শিশুৰ ৬০% শিশুৱে অনিদ্ৰা ৰোগত আক্ৰান্ত হয়। একে সময়তে ২০% শিশুৰ চকুৰ দৃষ্টিশক্তি দুৰ্বল হৈ আহিছে আৰু কম বয়সতে চশমা পিন্ধিব লগা হৈছে।
ম'বাইল আসক্তিৰ কাৰণে হোৱা ৰোগ
টোপনিৰ সমস্যা
স্বাস্থ্য গৱেষণাৰ মতে ৬০% পৰ্যন্ত শিশুয়েই ম'বাইলৰ অত্যধিক ব্যৱহাৰৰ বাবে টোপনিৰ সমস্যাৰ সন্মুখীন হৈছে। ভিডিঅ’ চোৱা, গেম খেলা বা ছ’চিয়েল মেডিয়াত গভীৰ নিশালৈকে স্ক্ৰ’ল কৰাটোৱে তেওঁলোকৰ টোপনিৰ সময়ত প্ৰভাৱ পেলায়। টোপনিৰ অভাৱত শিশুৰ খিংখিঙীয়া, মনোযোগৰ অভাৱ, ক্লান্তিৰ সৃষ্টি হয়।
চকুৰ সমস্যা
অনবৰতে পৰ্দালৈ চাই থাকিলে শিশুৰ চকুত গুৰুতৰ প্ৰভাৱ পৰে। ইয়াৰ ভিতৰত চকুৰ বিষ, দৃষ্টিশক্তি ম্লান হোৱা, মূৰৰ বিষ আদি অন্যতম। শিশুৰ চকুৰ বিকাশৰ প্ৰক্ৰিয়া চলি থাকে। যাৰ ফলত অহৰহ ম'বাইল ব্যৱহাৰ কৰিলে তেওঁলোকৰ ক্ষতি হ’ব পাৰে। প্ৰতিবেদন অনুসৰি ২০% পৰ্যন্ত শিশুৱে কম বয়সতে চশমা পিন্ধি থাকে।
মানসিক স্বাস্থ্যত প্ৰভাৱ
ম'বাইলৰ আসক্তিয়েও শিশুৰ মানসিক স্বাস্থ্যতো গভীৰ প্ৰভাৱ পেলায়। অহৰহ ছ’চিয়েল মেডিয়াত থাকি অনলাইন গেম খেলি আৰু ভিডিঅ’ কন্টেন্ট চাই শিশুসকল মানসিক চাপ, উদ্বেগ আৰু হতাশাৰ বলি হৈ পৰিছে। আনহাতে, এই আসক্তিৰ বাবে তেওঁলোক বাস্তৱ জগতৰ পৰাও আঁতৰি আহিছে।
শিশুয়ে কি দেখি হয় ম'বাইল আসক্ত ?
৩৭% শিশুৱে ভিডিঅ’ প্লেটফৰ্ম (ইউটিউব, নেটফ্লিক্স)ত ঘণ্টাৰ পিছত ঘণ্টা সময় কটায়।
ছ'চিয়েল মিডিয়া (Instagram, WhatsApp)ত সক্ৰিয় হৈ থাকে ৩৫% শিশু।
৩৩% শিশু অনলাইন গেম (PUBG, Free Fire)ত নিয়োজিত।
ভুলতো আওকাণ নকৰিব শিশুৰ জীৱনশৈলীৰ এই পৰিৱৰ্তনক
যদি শিশুটি হঠাৎ নিমাত হৈ পৰে।
যদি হয় টোপনি, খাদ্যাভ্যাস বা অন্যান্য অভ্যাসৰ পৰিৱৰ্তন।
চখবোৰ যদি এৰি দিয়ে।
সদায় ম'বাইলত ব্যস্ত থকা।
স্কুল বা পঢ়া-শুনাৰ পৰা দূৰত্ব বজাই ৰখা।
যদি সোনকালে বিৰক্ত হ’বলৈ আৰম্ভ কৰে।
মাক-দেউতাকৰ লগত কথা পতা যদি বন্ধ কৰে।
কি কৰিব অভিভাৱকে ?
১৬ বছৰৰ তলৰ শিশুক ম'বাইল ব্যৱহাৰ কৰিবলৈ নিদিব।
সদায় যিমান পাৰে সন্তানক সময় দিব।
শিশুৰ প্ৰতিটো দাবী পূৰণ কৰাৰ পৰিৱৰ্তে তেওঁলোকক জ্ঞানী কৰিব।
Also Read: দূৰ হ’ব হৰমন-হাড়ৰ সমস্যা, জিলিকি উঠিব ছাল