/asomiyapratidin/media/media_files/2025/10/08/seo-2-2025-10-08-13-30-23.jpg)
ডিজিটেল ডেস্ক: কেইঁচি ধাম, উত্তৰাখণ্ডৰ এক অন্যতম ধৰ্মীয় তথা আধ্যাত্মিক স্থান। এই আধ্যাত্মিক স্থানলৈ গ’লে প্ৰতিজন ভক্তই গভীৰ শান্তি আৰু শক্তিৰ অনুভূতি অনুভৱ কৰে। কেইঁচি ধাম বাবা নীম কৰোলী মহাৰাজৰ আশ্ৰম। য’ত দিনে নিশাই অগণন ভক্তই ভিৰ কৰে। বাবা নীম কৰোলী ভগৱান হনুমানৰ অৱতাৰ বুলি বিশ্বাস কৰা হয়। বহুতেই ভগৱান হনুমানক সন্তুষ্টি কৰিবলৈ এই ধাম ভ্ৰমণ কৰে। আপুনিও যদি কেইঁচি ধামলৈ যোৱাৰ পৰিকল্পনা কৰিছে, এই বিষয়ে জানি লওঁক-
কেইঁচি ধামৰ গুৰুত্ব
কেইঁচি ধাম কেৱল মন্দিৰেই নহয়, এই ধাম বিশ্বাসৰো প্ৰতীক। ভক্তসকলে বিশ্বাস কৰে যে, কেইঁচি ধাম ভ্ৰমণ কৰিলে ইতিবাচক শক্তি, শান্তি আৰু আত্মবিশ্বাসৰ সৃষ্টি হয়। আশ্ৰমত ভগৱান হনুমানৰ এটা মন্দিৰ, মাতা ৰাণীৰ মন্দিৰ আৰু বাবাৰ সমাধি আছে। ইয়াৰ পৰিৱেশ ইমানেই শান্তিপূৰ্ণ আৰু পবিত্ৰ যে ভক্তসকলে ঘণ্টাৰ পিছত ঘণ্টা ইয়াত বহি ধ্যান কৰিব পাৰে। যাৰ বাবে সাধাৰণ ভক্তৰ লগতে বহু বিশিষ্ট নেতা, চলচ্চিত্ৰ তাৰকা তথা বিদেশী চেলিব্ৰিটিও কেইঁচি ধামলৈ ধ্যান কৰিবলৈ আহে।
কেনেকৈ যাব কেইঁচি ধাম?
বাছ যাত্ৰা
দিল্লীৰ আনন্দ বিহাৰ বাছ ষ্টেণ্ডৰ পৰা পোনপটীয়াকৈ হালদ্বাণী বা নৈনীতাললৈ বাছ সেৱা উপলব্ধ। তাৰ পৰা শ্বেয়াৰ টেক্সি বা স্থানীয় বাছৰে সহজেই কেইঁচি ধাম পাব পাৰি। বাছৰ ভাড়া প্ৰতিজন ব্যক্তিৰ বাবে প্ৰায় ৪৫০ৰ পৰা ৫৫০ টকা।
ৰে’ল যাত্ৰা
কেইঁচি ধামৰ পৰা প্ৰায় ৩৮ কিলোমিটাৰ নিলগত নিকটতম ৰে’ল ষ্টেচন কাঠগোডাম। দিল্লী আৰু লক্ষ্ণৌকে ধৰি কেইবাখনো চহৰৰ পৰা ইয়ালৈ ৰে’লৰ ব্যৱস্থা আছে। ষ্টেচনৰ পৰা টেক্সি আৰু বাছ সহজে উপলব্ধ। ৰে’লৰ ভাড়া ৮০-১০০ টকা আৰু টেক্সি ভাড়া প্ৰতিজনৰ ২০০-৩০০ টকা।
ব্যক্তিগত বাহনৰে যাত্ৰা
যদি আপুনি ব্যক্তিগত বাহনৰে যাত্ৰা কৰাটো পছন্দ কৰে, তেন্তে দিল্লীৰ পৰা দূৰত্ব প্ৰায় ৩৫০ কিলোমিটাৰ। গাজিয়াবাদ, মোৰাদাবাদ, ৰামপুৰ আৰু হালদ্বানী বাটত আপুনি ৰ’ব পাৰিব। ইয়াত দুচকীয়া আৰু চাৰিচকীয়া বাহন পাৰ্কিঙৰ সুবিধা উপলব্ধ।
কেইঁচি ধামত ক’ত থাকিব ?
কেইঁচি ধামৰ আশে-পাশে ভক্তসকলৰ বাবে বিভিন্ন ধৰণৰ থকাৰ ব্যৱস্থা আছে। হোটেল ৫০০ৰ পৰা আৰম্ভ হয়। হোমষ্টেৰ মূল্য ৮০০ৰ পৰা ১৫০০লৈকে। বাজেট ভ্ৰমণকাৰীৰ বাবেও ছাত্ৰাবাসৰ ব্যৱস্থা আছে। দৰ্শনৰ পিছত সেইদিনা নৈনীতাল বা হালদ্বাণীলৈও বহু লোক ৰাওনা হয়।
খাদ্য আৰু পানীয়ৰ সুবিধা
মন্দিৰ চৌহদৰ ভিতৰত প্ৰসাদ পোৱা যায়। বাহিৰত ৰেষ্টুৰেণ্ট আৰু ধাবাও আছে। সাধাৰণ থালিৰ দাম ২০০ৰ পৰা ২৫০ টকা। ইয়াত জলপান আৰু চাহো সহজে উপলব্ধ। কেইঁচি ধামৰ ওচৰৰ সহজ আৰু সুস্বাদু খাদ্যই দৰ্শনাৰ্থীৰ বাবে এই অভিজ্ঞতাক আৰু অধিক বিশেষ কৰি তোলে।
দৰ্শনৰ সময় আৰু নিয়ম
কেইঁচি ধাম পুৱা ৫ বজাৰ পৰা বিয়লি ৪ বজালৈ খোলা থাকে। জোতা আৰু ছেণ্ডেল ধামৰ বাহিৰত থৈ যাব লাগিব। ভিতৰত ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ অনুমতি নাই। সন্ধিয়া আৰতিৰ পিছত মন্দিৰ বন্ধ হয়।
কেইঁচি ধামৰ ওচৰৰ ভ্ৰমণ কৰিব লগীয়া ঠাই
কেইঁচি ধামৰ পৰা ২০ কিলোমিটাৰ নিলগত অৱস্থিত নেনিতাল। ভ্ৰমণ কৰাৰ পিছত নাইনি হ্ৰদ, মল ৰোড, স্নো ভিউ পইণ্ট আদি ঠাইবোৰ চাব পাৰি।
কেইঁচি ধাম ভ্ৰমণৰ বাবে সৰ্বোত্তম সময়
কেইঁচি ধাম বছৰজুৰি খোলা থাকে যদিও মাৰ্চৰ পৰা জুন আৰু ছেপ্টেম্বৰৰ পৰা নৱেম্বৰলৈকে ইয়াৰ উত্তম সময়। বাৰিষাৰ সময়ত বাটবোৰ অলপ কঠিন হ’ব পাৰে। বিশেষকৈ গ্ৰীষ্ম আৰু উৎসৱৰ সময়ত ভক্তৰ ভিৰ হয়, গতিকে আপুনি আপোনাৰ সুবিধা অনুসৰি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে।