‘ইয়াৰবাড’ ব্যৱহাৰ কৰিলে আপুনি কাণৰে নুশুনা হোৱাটো নিশ্চিত

আজিকালি অধিকাংশ লোকেই ‘ইয়াৰবাড’ ব্যৱহাৰ কৰে। কিশোৰ-কিশোৰী, যুৱক-যুৱতীৰ বাবে ই এক আসক্তি বুলি ক’লেও হয়তো ভুল কোৱা নহ’ব। বহুতেই কাম কৰোতে, খোজ কাঢ়ি থাকোতে, ব্যায়াম, ভ্ৰমণৰ সময় থকা যিকোনো ঠাইতে ‘ইয়াৰবাড’ ব্যৱহাৰ কৰে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
WhatsApp Image 2026-02-20 at 12.58.29 PM

ডিজিটেল ডেস্ক: আজিকালি অধিকাংশ লোকেই ‘ইয়াৰবাড’ ব্যৱহাৰ কৰে। কিশোৰ-কিশোৰী, যুৱক-যুৱতীৰ বাবে ই এক আসক্তি বুলি ক’লেও হয়তো ভুল কোৱা নহ’ব। বহুতেই কাম কৰোতে, খোজ কাঢ়ি থাকোতে, ব্যায়াম, ভ্ৰমণৰ সময় থকা যিকোনো ঠাইতে ‘ইয়াৰবাড’ ব্যৱহাৰ কৰে। কিন্তু ইয়াৰ ব্যৱহাৰ কিমান ভয়াৱহ আপুনি জানেনে ? ইয়াৰ অত্যাধিক ব্যৱহাৰে শ্ৰৱণ শক্তি হ্ৰাস কৰিব পাৰে। যদি আপুনি বছৰ-বছৰ ধৰি ‘ইয়াৰবাড’ ব্যৱহাৰ কৰি আছে, তেনেহলে আপুনি কাণৰে সম্পূৰ্ণকৈ নুশুনা হ’বও পাৰে। হয়, শেহতীয়া এক গৱেষণাত এই তথ্য পোহৰলৈ আহিছে।

‘ইয়াৰবাড’ ব্যৱহাৰৰ ভয়াৱহতা 

উচ্চ ভলিউমত ‘ইয়াৰবাড’ দীঘলীয়া সময়ৰ বাবে ব্যৱহাৰ কৰিলে কাণৰ ভিতৰৰ সূক্ষ্ম অংশবোৰৰ ক্ষতি হ’ব পাৰে, যাৰ ফলত শ্ৰৱণ ক্ষমতা হ্ৰাস হয়। তদুপৰি, ই টিনিটাছ সমস্যাৰো কাৰক হ’ব পাৰে। ই এনে এক স্থিতি, য'ত কাণত নিৰন্তৰ কিবা বাজি থকাৰ দৰে অনুভৱ হয়।  আনহাতে, ‘ইয়াৰবাড’ ভালদৰে পৰিস্কাৰ নকৰিলে কাণৰ সংক্ৰমণ হ'ব পাৰে আৰু দীঘলীয়া সময়ৰ বাবে ইয়াক ব্যৱহাৰ কৰিলে মূৰৰ বিষো হ'ব পাৰে। 

‘ইয়াৰবাড’ কিমান ডেচিবেল স্তৰত ৰাখিব লাগে ?

সাধাৰণতে ৮৫ ডেচিবেলতকৈ বেছি শব্দ কাণৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা হয়। তদুপৰি, ‘ইয়াৰবাড’ একেৰাহে ৬০মিনিটতকৈ বেছি সময় ব্যৱহাৰ কৰিব নালাগে। মাজে মাজে বিৰতি লৈহে ইয়াৰ ব্যৱহাৰ কৰিব লাগে।

কেনেদৰে ব্যৱহাৰ কৰিব ?

‘ইয়াৰবাড’ৰ পৰা হোৱা ক্ষতিৰ পৰা বাচি থাকিবলৈ সদায়ে ইয়াৰ সঠিক আকাৰ বাছনি কৰিব, যি আপোনাৰ কাণত আৰামেৰে খাপ খাই পৰে। সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ‘ইয়াৰবাড’ নিয়মীয়াকৈ পৰিস্কাৰ কৰিব। হুলস্থুলীয়া ঠাইত ‘ইয়াৰবাড’ ব্যৱহাৰ নকৰিব। কিয়নো এনে পৰিৱেশত ইয়াক ব্যৱহাৰ কৰিলে ভলিউম বৃদ্ধি কৰিব লাগিব। যাৰ ফলত কাণৰ ক্ষতি হোৱাটো নিশ্চিত।

Also Read:  সাংঘাটিক ধৰণে স্বাস্থ্যৰ ক্ষতি কৰি আছে আপোনাৰ এই অভ্যাসে