পিছে ক'ত আছে এই ৰাজকীয় হোটেল ?

এখন ৰাজকীয় হোটেলৰ এটা কোঠাৰ এদিনৰ ভাড়া ১৫৯.০২ টকা। আচৰিত নহয়নে ? হয়, শেহতীয়াকৈ ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱা এটা প'ষ্টত এই কথা পোহৰলৈ আহিছে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
1

ডিজিটেল ডেস্ক: এখন ৰাজকীয় হোটেলৰ এটা কোঠাৰ এদিনৰ ভাড়া ১৫৯.০২ টকা। আচৰিত নহয়নে ? হয়, শেহতীয়াকৈ ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱা এটা প'ষ্টত এই কথা পোহৰলৈ আহিছে।

Advertisment

প্ৰকৃততে, হৰ্ষবৰ্ধন নামৰ এজন ভাৰতীয় লোকে টুইটাৰত এই বিশেষ হোটেলখন বুকিঙৰ বিলখন প'ষ্ট কৰিছে। বিলখনত লেখা থকা মতে, হোটেলখনৰ এক ৰাতিৰ মূল্য ৫৭৮.২৪ যদিও ৭৫% ৰেহাইৰ পিছত খৰচ ১৪৪.৫৬ লৈ হ্ৰাস পায়। কৰ আৰু মাচুল মাত্ৰ ১৪.৪৬। এই সকলোবোৰ যোগ হোৱাৰ পাছত হোটেলখনৰ এক ৰাতিৰ  চূড়ান্ত মূল্য ১৫৯.০২ টকা। 

ক'ত আছে এইখন হোটেল ?

এক কাপ কফিৰ দামতকৈও কম মূল্যত উপলব্ধ এই হোটেলখন আছে ভিয়েটনামত। নাম লিফ হোটেল। আপুনি জানি আচৰিত হ'ব যে, এই হোটেলখনৰ কোঠাটো আছিল চুপিৰিয়েৰ ডাবল বেড, য’ত বিনামূলীয়া ৱাই-ফাই, পাৰ্কিং, ২৪ ঘণ্টীয়া চেক-ইন, লাগেজ ষ্ট’ৰেজ আৰু কুইন বেড বা দুখন ছিংগল বেডৰ বিকল্প আদি সুবিধা আছিল। এই কোঠাটোত দুজন প্ৰাপ্তবয়স্ক থাকিব পৰাকৈ যথেষ্ট ঠাই আছে।

১৫৯.০২ টকাত হোটেল লাভ কৰাৰ তথা ছ'চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছতে বিভিন্নজনে মন্তব্য আগবঢ়াইছে। একাংশই এই কথা বিশ্বাস কৰিবলৈ টান পাইছে। বহুতৰ মতে 'অফ ছিজন'ত এই ডিছকাউণ্ট হ'ব পাৰে। আন একাংশ ছ'চিয়েল মেডিয়া ব্যৱহাৰকাৰীৰ মতে, এনে সুবিধা কপাল ভাল থাকিলেহে লাভ কৰিব পাৰি।