আপোনাৰো আছে যদি এই অভ্যাস, আজিয়েই ত্যাগ কৰক

আজিৰ দ্ৰুত গতিৰ জীৱনত আমি সকলোয়ে আটাইতকৈ বেছি আওকাণ কৰো টোপনিক। গভীৰ নিশালৈকে কোনোয়ে যদি নিজৰ ম'বাইল ফোন, কোনোয়ে কাম বা আন কোনোয়ে ধাৰাবাহিক চাই সময় পাৰ কৰে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
নিশালৈ সাৰ পাই থকা

ডিজিটেল ডেস্কঃ আজিৰ দ্ৰুত গতিৰ জীৱনত আমি সকলোয়ে আটাইতকৈ বেছি আওকাণ কৰো টোপনিক। গভীৰ নিশালৈকে কোনোয়ে যদি নিজৰ ম'বাইল ফোন, কোনোয়ে কাম বা আন কোনোয়ে ধাৰাবাহিক চাই সময় পাৰ কৰে। কিন্তু আপুনি জানেনে, প্ৰতিদিনে মাজনিশালৈকে সাৰে থকা এই অভ্যাসে আপোনাৰ স্বাস্থ্যৰ কিমান ক্ষতি কৰিব পাৰে ?

Advertisment

মাজনিশালৈকে সাৰ পাই থকাৰ অভ্যাস অতি বিপদজনক

যদি আপুনি প্ৰতিদিনে নিশা বহু পলমকৈ শুই ৰাতিপুৱা সোনকালে উঠে, তেন্তে ই আপোনাৰ টোপনিৰ মানদণ্ডত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। এই প্ৰভাৱে আপোনাৰ শাৰীৰিক স্বাস্থ্য, মানসিক অৱস্থা আৰু আৱেগিক ভাৰসাম্যও ক্ৰমান্বয়ে নষ্ট কৰিব পাৰে।

বৃদ্ধি হয় শৰীৰৰ ওজন

গভীৰ নিশালৈ সাৰ পাই থাকিলে শৰীৰত ঘ্ৰেলিন (ক্ষুধা নিয়ন্ত্ৰক হৰম’ন)ৰ মাত্ৰা বৃদ্ধি পায় আৰু লেপ্টিন (ক্ষুধা নিয়ন্ত্ৰণকাৰী হৰম’ন) হ্ৰাস পায়। ইয়াৰ ফলত বাৰে বাৰে ভোক লাগে, বিশেষকৈ ভজা আৰু মিঠা খাদ্য খাবলৈ মন যায়। গভীৰ নিশা খোৱা খাদ্য শৰীৰে সঠিকভাৱে হজম নকৰে আৰু চৰ্বি হিচাপে জমা হৈ পৰে, যাৰ ফলত ওজন বৃদ্ধি পায়। টোপনিৰ অভাৱে বিপাকীয় ক্ৰিয়াও লেহেমীয়া কৰে, যাৰ প্ৰভাৱ কেলৰি দহন প্ৰক্ৰিয়াতো পৰে।

মেজাজত পৰে বেয়া প্ৰভাৱ

অপৰ্যাপ্ত টোপনিয়ে মগজুৰ নিউৰ’ট্ৰান্সমিটাৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়, যিয়ে আপোনাৰ মেজাজ নিয়ন্ত্ৰণ কৰে। ইয়াৰ ফলত খিংখিঙীয়া, খং, হতাশা, উদ্বেগৰ অনুভূতি বৃদ্ধি পায়। গভীৰ নিশালৈকে সাৰ পাই থকা লোকসকল দিনটো ভাগৰুৱা হৈ থাকে আৰু তেওঁলোকৰ মনটো নেতিবাচক চিন্তাৰে আগুৰি থাকে। ই সম্পৰ্ক, কৰ্মৰ মানদণ্ড আৰু মানসিক শান্তিতো প্ৰভাৱ পেলায়। 

বৃদ্ধি হয় মানসিক চাপ

যেতিয়া আমি পৰ্যাপ্ত পৰিমাণে টোপনি নাযাও, তেতিয়া ইয়াত কৰ্টিছল (ষ্ট্ৰেছ হৰম’ন)ৰ মাত্ৰা বৃদ্ধি পায়। অহৰহ বৃদ্ধি পোৱা মানসিক চাপে হৃদস্পন্দন, ৰক্তচাপ আৰু তেজত শৰ্কৰাৰ মাত্ৰাও বিঘ্নিত কৰিব পাৰে। ইয়াৰ ফলত হতাশা আৰু উদ্বেগ আদি মানসিক সমস্যাও হ’ব পাৰে।

চিন্তা, মনোনিৱেশ কৰাত অসুবিধা

ভাল টোপনিয়ে মনক শিথিল কৰে আৰু নতুন ধাৰণা প্ৰক্ৰিয়াকৰণত সহায় কৰে। প্ৰতিদিনে দেৰিলৈকে শুই থাকিলে মগজুৱে সম্পূৰ্ণ 'ৰিচাৰ্জ' হ’বলৈ সময় নাপায়। ই আপোনাৰ স্মৃতিশক্তি, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু মনোনিৱেশ কৰাৰ ক্ষমতাত প্ৰভাৱ পেলায়। এনে লোকে সৰু সৰু কথা পাহৰিবলৈ আৰম্ভ কৰে, কাম বা পঢ়া-শুনাত মনোনিৱেশ কৰাটো কঠিন হৈ পৰে।

এই সমস্যাবোৰৰ পৰা কেনেকৈ হাত সাৰিব পাৰি ?

নিশা ১১ বজাৰ আগতে শুই থকাটো অভ্যাস কৰি লওঁক। প্ৰতিদিনে একে সময়তে শুব আৰু ৰাতিপুৱা সোনকালে উঠিব। আনকি ছুটিৰ দিনতো। গধুৰ আহাৰ খোৱা আৰু ৰাতি ম'বাইল লেপটপ, টিভি চোৱাটো পাৰিলে কম কৰক। দৈনিক ৭ৰ পৰা ৯ ঘণ্টা শুব।  আমেৰিকাৰ চিকিৎসক আৰু টোপনি বিশেষজ্ঞৰ মতে, ভাল টোপনিয়ে কেৱল ওজন, মেজাজ আৰু চিন্তা ক্ষমতা বৃদ্ধি কৰাই নহয়, ই আপোনাৰ যকৃত আৰু পাচনতন্ত্ৰৰ বাবেও উপকাৰী।

Also Read: হাৰ্ট এটেকৰ পূৰ্বে ভৰিত হয় এই পৰিৱৰ্তন, লক্ষ্য কৰি সাৱধান হ'ব