গভীৰ সংকটত ঐতিহাসিক ৰংঘৰ...

কুম্ভকৰ্ণ নিদ্ৰাত থকা আৰ্কলজিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ বিয়াগোম বিষয়াৰ বাবে মৃত্যুঘন্টা বাজিছে ইতিহাসপ্ৰসিদ্ধ ৰংঘৰত৷ আগ বাৰিষাতে জলাশয়ত পৰিণত হৈছে ঐতিহাসিক ৰংঘৰৰ বাকৰি।

author-image
Tushar Pratim
New Update
গভীৰ সংকটত ঐতিহাসিক ৰংঘৰ...

ডিজিটেল সংবাদ, শিৱসাগৰঃ কুম্ভকৰ্ণ নিদ্ৰাত থকা ভাৰতীয় পুৰাতত্ব সৰ্বেক্ষণৰ ( আৰ্কলজিকেল চাৰ্ভে অৱ ইণ্ডিয়া) বিয়াগোম বিষয়াৰ বাবে মৃত্যুঘন্টা বাজিছে ইতিহাসপ্ৰসিদ্ধ ৰংঘৰত৷ আগ বাৰিষাতে জলাশয়ত পৰিণত হৈছে ঐতিহাসিক ৰংঘৰৰ বাকৰি।

উল্লেখ্য যে, যিসময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক শিৱসাগৰ জিলাখনক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে, সমষ্টিটোৰ বিধায়ক অখিল গগৈয়েও শিৱসাগৰক ঐতিহ্যক্ষেত্ৰ ৰূপে গঢ়াৰ প্ৰস্তাৱ উত্থাপন কৰি আহিছে সেই সময়তে এইদৰে ইতিহাসপ্ৰসিদ্ধ ৰংঘৰ ধ্বংসৰ মুখলৈ গতি কৰিছে।

মাত্ৰ এজাক বৰষুণতে ৰংঘৰৰ বাকৰি জলমগ্ন হৈ পৰাৰ দৃশ্যই এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শিৱসাগৰৰ স্থানীয় ৰাইজে বিষয়টোত উদ্বেগ প্ৰকাশ কৰাৰ লগতে এনে দৃশ্যই সকলোকে হতচকিত কৰি তুলিছে।

অভিযোগ অনুসৰি ভাৰতীয় পুৰাতত্ব সৰ্বেক্ষণ নামৰ বিভাগটোৰ বিষয়াৰ অ-দূৰদৰ্শিতাৰ বাবে এনে অৱৰ্ণনীয় দুৰৱস্থাৰ সন্মুখীন হৈছে ৰংঘৰ। দুৰ্ভাগ্যজনক ভাৱে আহোম ৰাজত্ব কালৰ এই গৌৰৱময় কীৰ্তি চিহ্ন চাবলৈ অহা পৰ্যটকেও ৰংঘৰৰ বাকৰি পানীৰে ভৰি পৰা প্ৰত্যক্ষ কৰি আশাহত হোৱাই নহয়, এয়া অতি দুৰ্ভাগ্যজনক বুলিও আক্ষেপেৰে উল্লেখ কৰিছে।

ৰংঘৰ