পিন্ধি থকা ছুৱেটাৰটো আপুনি কিমান দিনৰ মূৰত ধোৱে ?

শীতকাল আহিলেই ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ সকলোৱে ছুৱেটাৰ পিন্ধে। উল বা নোমেৰে তৈয়াৰী ছুৱেটাৰবোৰ আৰামদায়ক হোৱাৰ লগতে ঠাণ্ডাৰ পৰা আমাক সুৰক্ষা দিয়ে। কিন্তু বহু লোকেই একেটা ছুৱেটাৰ কেইবাদিনো, আনকি গোটেই শীতকালটো নোধোৱাকৈ পিন্ধি থাকে।

author-image
সংগীতা দাস
New Update
ছুৱেটাৰ

ডিজিটেল ডেস্ক: শীতকাল আহিলেই ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ সকলোৱে ছুৱেটাৰ পিন্ধে। উল বা নোমেৰে তৈয়াৰী ছুৱেটাৰবোৰ আৰামদায়ক হোৱাৰ লগতে ঠাণ্ডাৰ পৰা আমাক সুৰক্ষা দিয়ে। কিন্তু বহু লোকেই একেটা ছুৱেটাৰ কেইবাদিনো, আনকি গোটেই শীতকালটো নোধোৱাকৈ পিন্ধি থাকে। কিন্তু এইদৰে ছুৱেটাৰ পিন্ধাটো কিমান স্বাস্থ্যসন্মত আপুনি জানেনে ?

এটা ছুৱেটাৰ কিমান দিন পিন্ধিব পাৰি ?

চিকিৎসা বিশেষজ্ঞৰ মতে, যদি ছুৱেটাৰৰ তলত কিবা কাপোৰ বা টি-চাৰ্ট পিন্ধা হয়, তেন্তে ছুৱেটাৰটো ৩ৰ পৰা ৫ দিনলৈ আৰামত পিন্ধিব পাৰি। উল আৰু নোমৰ কাপোৰত সহজে গোন্ধ নোলায়। সেয়েহে, ইয়াক দৈনিক ধোৱাৰ প্ৰয়োজন নাই। কিন্তু এসপ্তাহতকৈ অধিক সময় নোধোৱাকৈ ছুৱেটাৰ পিন্ধাটো স্বাস্থ্যসম্মত নহয়।

দীৰ্ঘদিন নোধোৱাকৈ ছুৱেটাৰ পিন্ধাৰ বিপদ

দীৰ্ঘ সময় ধৰি লেতেৰা চুৱেটাৰ পিন্ধিলে বহু সমস্যাই দেখা দিব পাৰে। সেইসমূহ হৈছে-

ছালৰ সমস্যা

ছুৱেটাৰত ঘাম, ধূলি আৰু ছালৰ তেল জমা হয়। ইয়াৰ ফলত খজুৱতি, ফোহা, এলাৰ্জী, ৰেচ বা ভেঁকুৰজনিত সংক্ৰমণ হ’ব পাৰে।

শ্বাস-প্ৰশ্বাসজনিত সমস্যা

লেতেৰা ছুৱেটাৰত ধূলিকণা আৰু এলাৰ্জেন জমা হয়, যিবোৰ উশাহৰ সৈতে শৰীৰত সোমাব পাৰে। ইয়াৰ ফলত হাঁচি, নাকৰ পানী ওলোৱা, শ্বাসকষ্ট বা হাঁপানীৰ সমস্যা হ’ব পাৰে।

বেছিদিন ভাল হৈ নাথাকে ছুৱেটাৰ
বেছি দিন নোধোৱাকৈ পিন্ধিলে কাপোৰৰ আঁহ দুৰ্বল হৈ পৰে। ইয়াৰ ফলত ছুৱেটাৰ ঢিলা হৈ যায়, আকাৰ বেয়া হয় আৰু দুৰ্গন্ধ ওলাব পাৰে।

ছুৱেটাৰ কেতিয়া ধুব ?

  • যদি আপুনি দৈনিক বাহিৰলৈ ওলাই যায়, বেছি ঘাম ওলায় বা ধূলিময়-ধোঁৱাময় ঠাইত থাকে, তেন্তে ২ৰ পৰা ৩ দিনৰ ভিতৰত ছুৱেটাৰ ধোৱাটো ভাল।

  • যদি আপুনি কম সময়ৰ বাবে ছুৱেটাৰ পিন্ধে আৰু ঘাম নোলায়, তেন্তে ৪ৰ পৰা ৫ দিন আপুনি ছুৱেটাৰটো পিন্ধিব পাৰে।

সঠিক যত্ন কিয় গুৰুত্বপূৰ্ণ?

নিয়মিতভাৱে ছুৱেটাৰ ধুলে ছাল সুস্থ থাকে, এলাৰ্জী আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যা ৰোধ হয়। লগতে ছুৱেটাৰটো সতেজ, পৰিষ্কাৰ আৰু দীঘলীয়া সময় টিকি থাকে। যদিও ছুৱেটাৰ সদায় ধোৱাটো প্ৰয়োজনীয় নহয়, তথাপিও মাহৰ পিছত মাহ নোধোৱাকৈ পিন্ধি থকাটো স্বাস্থ্য আৰু কাপোৰ দুয়োটাৰে বাবে ক্ষতিকাৰক।