/asomiyapratidin/media/media_files/2026/01/09/whatsapp-2026-01-09-12-59-36.jpeg)
ডিজিটেল ডেস্ক: আধুনিক চিকিৎসা বিজ্ঞানত আন এক বৃহৎ অগ্ৰগতি ! হয়, মকৰাৰ বিষৰ পৰা অষ্ট্ৰেলিয়াৰ গৱেষকসকলে প্ৰস্তুত কৰিছে অতি মূল্যৱান ঔষধ। হাৰ্ট এটেক আৰু ষ্ট্ৰ'কৰ দৰে মাৰাত্মক ৰোগৰ চিকিৎসাৰ বাবে তেওঁলোকে বিশ্বৰ অন্যতম বিষাক্ত ফানেল ৱেব বুলি জনাজাত মকৰাবিধৰৰ বিষৰ পৰা আহৰণ কৰা এক নতুন ঔষধৰ ক্লিনিকেল ট্ৰায়েল আৰম্ভ কৰিছে। যিয়ে আগন্তুক দিনত হৃদৰোগ চিকিৎসাত সূচনা কৰিব এক নতুন দিশ।
অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ড বিশ্ববিদ্যালয়ৰ এক বিবৃতি অনুসৰি, এই নতুন ঔষধটোৰ নাম হৈছে আইবি৪০৯ (IB409)। বৰ্তমান চলি থকা প্ৰথম পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলত এই ঔষধৰ সুৰক্ষা, সহ্যযোগ্যতা আৰু উপযুক্ত মাত্ৰা পৰীক্ষা কৰা হৈছে। এই ঔষধটো ইনফেন্সা বায়’ছায়েন্স নামৰ জৈৱ প্ৰযুক্তি কোম্পানীয়ে অষ্ট্ৰেলিয়াৰ ফানেল-ৱেব মকৰাবিধৰ বিষত পোৱা এক বিশেষ অণুৰ পৰা বিকশিত কৰিছে।
এই ঔষধৰ মূল উপাদান হৈছে H1a নামৰ এক প্ৰ'টিন, যিটো কুইন্সলেণ্ড ৰাজ্যৰ ফ্ৰেজাৰ দ্বীপত পোৱা ফানেল-ৱেব মকৰাৰ বিষৰ পৰা আহৰণ কৰা হৈছে। কুইন্সলেণ্ড বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ মলিকুলাৰ বায়’ছায়েন্সৰ অধ্যাপক গ্লেন কিংৰ নেতৃত্বত গৱেষণা দলে এই প্ৰ'টিনৰ বিষয়ে বিস্তৃত অধ্যয়ন চলাইছে। গৱেষকৰৰ মতে, H1a-ৰ সৈতে কৰা প্ৰি-ক্লিনিকেল পৰীক্ষাসমূহত অত্যন্ত আশাব্যঞ্জক ফলাফল লাভ কৰা হৈছে।
গৱেষকসকলৰ বিশ্বাস অনুসৰি, হাৰ্ট এটেক আৰু ষ্ট্ৰ'কৰ সময়ত অক্সিজেনৰ অভাৱত হৃদযন্ত্ৰ আৰু মগজুৰ কোষসমূহৰ মৃত্যু ঘটে, যাৰ ফলত স্থায়ী ক্ষতি হয়। H1a প্ৰ'টিনে এই কোষ-মৃত্যু প্ৰক্ৰিয়াক ৰোধ কৰি হৃদযন্ত্ৰ আৰু মগজুক সুৰক্ষা প্ৰদান কৰিব পাৰে। প্ৰি-ক্লিনিকেল অধ্যয়নত এইটো প্ৰমাণিত হৈছে যে H1a-য়ে হৃদযন্ত্ৰক ফলপ্ৰসূভাৱে সুৰক্ষা দিয়ে আৰু ক্ষতি হ্ৰাস কৰে।
ইয়াৰ পিছত কৰা আন এটা প্ৰাক-ক্লিনিকেল অধ্যয়নত বাস্তৱ জীৱনত ৰোগীয়ে সন্মুখীন হোৱা চিকিৎসাৰ পৰিস্থিতিসমূহৰ প্ৰতিলিপি কৰি এই ঔষধৰ কাৰ্যকাৰিতা পৰীক্ষা কৰা হয়। এই অধ্যয়নসমূহে বিজ্ঞানীসকলক ক্লিনিকেল ট্ৰায়েল আৰম্ভ কৰাৰ আত্মবিশ্বাস যোগাইছে।
ইনফেন্সা বায়’ছায়েন্সৰ মুখ্য কাৰ্যবাহী বিষয়া তথা UQ-ৰ গৱেষক অধ্যাপক মাৰ্ক স্মিথে কয় যে, যদি আইবি৪০৯ প্ৰথম পৰ্যায়সহ পৰৱৰ্তী সকলো ক্লিনিকেল ট্ৰায়েলত নিৰাপদ আৰু ফলপ্ৰসূ বুলি প্ৰমাণিত হয়, তেন্তে ই বিশ্বজুৰি হৃদৰোগত আক্ৰান্ত লাখ লাখ লোকৰ জীৱনমান উন্নত কৰিব পাৰে। তেওঁ লগতে উল্লেখ কৰে যে বৰ্তমানলৈকে হাৰ্ট এটেক আৰু ষ্ট্ৰ'কৰ ফলত হোৱা ক্ষতি প্ৰত্যক্ষভাৱে ৰোধ কৰিব পৰা কোনো অনুমোদিত ঔষধ উপলব্ধ নহয়।
হাৰ্ট এটেক আৰু ষ্ট্ৰ'কৰ চিকিৎসাত নতুন আশাৰ সঞ্চাৰ
ক’ব পাৰি যে, মকৰাৰ বিষৰ পৰা বিকশিত এই নতুন ঔষধে আধুনিক চিকিৎসা বিজ্ঞানত এক যুগান্তকাৰী পৰিবর্তন আনিব পাৰে। সফল ক্লিনিকেল ট্ৰায়েলৰ জৰিয়তে এই ঔষধে হাৰ্ট এটেক আৰু ষ্ট্ৰ'কৰ চিকিৎসাত নতুন আশাৰ সঞ্চাৰ কৰিব বুলি আশা কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us