বহু গুণৰে সমৃদ্ধ সকলোৰে প্ৰিয় আলু

আলু অবিহনে হয়তো প্ৰতিটো পাকঘৰেই খালী আৰু প্ৰতিটো ব্যঞ্জনেই আধৰুৱা। আলু ভিটামিন, খনিজ পদাৰ্থ, আইৰণ, ফছফৰাছ আদিৰে সমৃদ্ধ। জুতি লগা খাদ্য ৰন্ধাৰ উপৰিও আলু ব্যৱহাৰ কৰি আমি ছাল, চুলিৰ চিকিৎসা কৰিব পাৰো।

author-image
সংগীতা দাস
New Update
web ap potato

ডিজিটেল ডেস্ক: আলু অবিহনে হয়তো প্ৰতিটো পাকঘৰেই খালী আৰু প্ৰতিটো ব্যঞ্জনেই আধৰুৱা। আলু ভিটামিন, খনিজ পদাৰ্থ, আইৰণ, ফছফৰাছ আদিৰে সমৃদ্ধ। জুতি লগা খাদ্য ৰন্ধাৰ উপৰিও আলু ব্যৱহাৰ কৰি আমি ছাল, চুলিৰ চিকিৎসা কৰিব পাৰো। আলুয়ে হাইপাৰ পিগমেণ্টেচন প্ৰতিহত কৰে। আলুত থকা কেট চোলাচা নামৰ এনজাইমে ছাললৈ সতেজতা আৰু উজ্জ্বলতা অনাৰ লগতে মুখত ডাঠ দাগ দূৰ কৰাত সহায় কৰে।

Advertisment

আনহাতে, আলুত থকা ভিটামিন চি-য়ে ছালত কোলাজেন কোষ বৃদ্ধি কৰাৰ লগতে ছাল কোঁচ খোৱা তথা বয়স বৃদ্ধি প্ৰতিহত কৰে। আন ফলৰ ৰসৰ সতে আলুৰ ৰস মিহলাই খাই আপুনি ছালৰ ৰং উন্নত কৰিব পাৰে। মুঠতে আলু ব্যৱহাৰ কৰি আপুনি ছাল সম্পৰ্কীয় সকলো সমস্যাই দূৰ কৰিব পাৰে।

মুখত আলু আৰু কণীৰ ফেচপেক প্ৰয়োগ কৰিলে মুখৰ ছাল প্ৰসাৰিত হয় আৰু ছাললৈ যৌৱন ঘূৰি আহে। ইয়াৰ বাবে এটা কণীৰ বগা অংশ আধা আলুৰ ৰসত ভালদৰে মিহলি কৰি আধা ঘণ্টাৰ বাবে মুখত প্ৰয়োগ কৰিব। ই মুখত বয়সৰ চাপ পৰা সমস্যা দূৰ কৰে। তদুপৰি, আধা আলুৰ ৰসত দুই চাহ চামুচ গাখীৰ মিহলি কৰক আৰু মিশ্ৰণটো কপাহৰ সহায়ত গোটেই মুখ আৰু ডিঙিত প্ৰয়োগ কৰি আধা ঘণ্টাৰ পিছত পানীৰে ধুই পেলাব। ছালখনক সতেজ, উজ্জ্বল কৰি ৰাখিবলৈ এই পেষ্ট আপুনি সপ্তাহত দুবাৰকৈ ছালত প্ৰয়োগ কৰিব।

দূৰ কৰে ক'লা দাগ 

আলুয়ে ছালৰ ক'লা দাগ দূৰ কৰাতো সহায় কৰে। প্ৰাচীন কালত ছালৰ খজুৱতিৰ বাবে আলুৰ ৰস ব্যৱহাৰ কৰা হৈছিল। মুখত আলুৰ ৰস প্ৰয়োগ কৰি আপুনি মুখৰ ছালৰ জ্বলা-পোৰা আৰু মুখত বয়সৰ চাপ পৰাৰ সমস্যাৰ পৰাও বাচি থাকিব পাৰে।

উল্লেখ্য যে, আলুৰ ব্যৱহাৰে চকুৰ চাৰিওফালৰ ফুলা হ্ৰাস কৰাত সহায় কৰে। আলুৰ বাকলিবোৰে চুলিৰ ৰং ক'লা ৰাখে। ইয়াৰ বাবে আপুনি আলুৰ বাকলিবোৰ পানীত উতলাই  ঠাণ্ডা কৰি ছেম্পু কৰাৰ পিছত সেই পানীৰে মূৰ ধুব।সেয়েহে, ছালৰ প্ৰায় সকলো সমস্যা সমাধানত আলুক অতি উপকাৰী বুলি বিবেচনা কৰা হয়।