জেলেনস্কি-পুটিনৰ মাজত মুখামুখি বৈঠকৰ আয়োজন কৰিব আমেৰিকাই...

"মই ৰাষ্ট্ৰপতি পুটিনক ফোন কৰিলোঁ, আৰু নিৰ্ধাৰণ কৰিবলগীয়া স্থানত ৰাষ্ট্ৰপতি পুটিন আৰু ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত এখন বৈঠকৰ ব্যৱস্থা আৰম্ভ কৰিলোঁ"

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-08-19 at 1.51.31 PM

ডিজিটেল ডেস্কঃ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক মুখামুখিকৈ আলোচনা কৰোৱাৰ ব্যৱস্থা চলি আছে। সোমবাৰে এই কথা সদৰি কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। দুই দেশৰ মাজত চলি থকা প্ৰায় চাৰি বছৰীয়া যুদ্ধৰ অন্ত পেলোৱাৰ দিশত আগবাঢ়িছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী। ইয়াক “অতি ভাল, প্ৰাৰম্ভিক পদক্ষেপ” বুলি অভিহিত কৰিছে ট্ৰাম্পে।

Advertisment

ইউৰোপীয় নেতা, নাটোৰ বিষয়া আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱাইট হাউছত উচ্চ পৰ্যায়ৰ সমাৱেশৰ পিছত ট্ৰাম্পে সদৰি কৰে যে, "মই বিশিষ্ট অতিথিসকলৰ সৈতে এক বৈঠকত মিলিত হৈছিলো। বৈঠকত উপস্থিত আছিল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি, ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ, ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাব, জাৰ্মানীৰ চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জ, ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভন ডেৰ লেয়েন আৰু নাটোৰ প্ৰধান সচিব মাৰ্ক ৰুটে। এই আলোচনাত ইউক্ৰেইনৰ বাবে নিৰাপত্তাৰ নিশ্চয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াত ইউৰোপীয় ৰাষ্ট্ৰসমূহে ৱাশ্বিংটনৰ সৈতে সমন্বয়ত প্ৰদান কৰিব। ৰাছিয়া আৰু ইউক্ৰেইনৰ বাবে শান্তিৰ সম্ভাৱনাক লৈ সকলোৱে অতি সুখী" বুলিও উল্লেখ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

উল্লেখযোগ্য যে, এই বৈঠকৰ সামৰণিৰ পিছতে ট্ৰাম্পে পোনপটীয়াকৈ পুটিনক ফোন কৰিছিল। "মই ৰাষ্ট্ৰপতি পুটিনক ফোন কৰিলোঁ, আৰু নিৰ্ধাৰণ কৰিবলগীয়া স্থানত ৰাষ্ট্ৰপতি পুটিন আৰু ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত এখন বৈঠকৰ ব্যৱস্থা আৰম্ভ কৰিলোঁ" বুলিও উল্লেখ কৰে ট্ৰাম্পে।

ড'নাল্ড ট্ৰাম্প