মকৰা জাল ভাঙি আমনি লাগিছে যদি অৱলম্বন কৰক এই উপায়

এনে কোনো ঘৰ নাই, যিখন ঘৰত মকৰাৰ জাল নাই। প্ৰত্যেকৰ ঘৰতেই মকৰাই জাল পাতি গৃহস্থক অসুবিধা দিয়ে। এই জালবোৰ নিয়মীয়াকৈ চাফা কৰিলেও ইয়াৰ পৰা ৰক্ষা পাব নোৱাৰি।

author-image
সংগীতা দাস
New Update
web ap spider

ডিজিটেল ডেস্ক: এনে কোনো ঘৰ নাই, যিখন ঘৰত মকৰাৰ জাল নাই। প্ৰত্যেকৰ ঘৰতেই মকৰাই জাল পাতি গৃহস্থক অসুবিধা দিয়ে। এই জালবোৰ নিয়মীয়াকৈ চাফা কৰিলেও ইয়াৰ পৰা ৰক্ষা পাব নোৱাৰি। কিন্তু আপুনি কেইটামান বিশেষ কাম কৰি এই মকৰাৰ জালক চিৰদিনৰ বাবে বিদায় দিব পাৰে।

প্ৰথমেই মন কৰিব এই কথা

Advertisment

মকৰা জাল চাফা কৰোতে প্ৰথমে মন কৰিবলগীয়া কথাটো এয়ে যে, জালত মকৰা লাগি নাথাকে। কাৰণ চাফা কৰিলে জালখন আঁতৰিব যদিও মকৰা থাকিলে আনখন বেৰত লাগি ধৰি আকৌ তাত জাল বনাবলৈ আৰম্ভ কৰিব পাৰে। গতিকে ইয়াৰ পৰা হাত সাৰিবলৈ প্ৰথমে মকৰাটোক ঔষধ স্প্ৰে কৰি তাৰ পিছত জালখন আঁতৰাব।

পদিনা পাত

মকৰাজালৰ পৰা ৰক্ষা পাবলৈ পদিনা পাতৰ পানী ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে প্ৰথমে মকৰাজাল আঁতৰাই তাৰ পিছত তাত পদিনা পাতৰ পানী বা তেল ছটিয়াই দিব পাৰে। পদিনাৰ গোন্ধ মকৰাৰ বাবে অপ্ৰিয়। সেয়েহে, পদিনা পাতৰ পানী ছটিওয়া ঠাইত আৰু মকৰাই জাল নাবান্ধে।

নেমু বা কমলাৰ বাকলি

মকৰা খেদিবলৈ আপুনি নেমু আৰু কমলাৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। মকৰা বেছিকৈ দেখা পোৱা ঠাইত আপুনি নেমু বা কমলাৰ বাকলি থ’ব পাৰে। ইয়াৰ গোন্ধৰ বাবেই মকৰাই সেই ঠাই ত্যাগ কৰিব।

দালচেনী

পাকঘৰত ব্যৱহৃত ডালচেনিয়েও ঘৰৰ পৰা মকৰা খেদোৱাত আপোনাক সহায় কৰিব পাৰে। ইয়াৰ বাবে মকৰাজাল থকা ঠাইত ডালচেনিৰ গুড়ি ছটিয়াই দিব লাগে। ইয়াৰ প্ৰবল গোন্ধে মকৰা খেদাত আপোনাক সহায় কৰিব।

ভিনেগাৰ

ভিনেগাৰ অৰ্থাৎ বগা ভিনেগাৰেও মকৰা ঘৰৰ পৰা আঁতৰাই ৰখাত সহায়ক হ’ব পাৰে। ইয়াৰ বাবে এটা স্প্ৰে বটলত ভিনেগাৰ দি মকৰা থকা ঠাইত স্প্ৰে কৰিব লাগে। ভিনেগাৰৰ গোন্ধৰ বাবেই মকৰা পলাব।