দিপাৱলীৰ বতৰত দেশত চলিব ১২হাজাৰ বিশেষ ৰে'ল...

দিপাৱলী আৰু ছট পূজাৰ  উৎসৱৰ সময়ত যাত্ৰীসকলৰ সুবিধাৰ্থে ১২ হাজাৰৰো অধিক বিশেষ ৰে’ল চলাচল কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰে’লৱেই।  বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, সাংসদ সঞ্জয় জয়ছৱাল

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল ডেস্কঃ দিপাৱলী আৰু ছট পূজাৰ  উৎসৱৰ সময়ত যাত্ৰীসকলৰ সুবিধাৰ্থে ১২ হাজাৰৰো অধিক বিশেষ ৰে’ল চলাচল কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰে’লৱেই। 

Advertisment

বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, সাংসদ সঞ্জয় জয়ছৱাল, কেন্দ্ৰীয় মন্ত্ৰী লালন সিং, আৰু সাংসদ সঞ্জয় কুমাৰ ঝাৰ সৈতে আলোচনাৰ অন্তত আগন্তুক দীপাৱলী আৰু ছট উৎসৱৰ বিশেষ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰে।  

তেওঁ লগতে  গুৰুত্ব আৰোপ কৰে যে যাত্ৰীসকলকো উভতি অহাৰ সময়ত সুবিধা প্ৰদান কৰা উচিত।  বৈষ্ণৱে  কয়, ‘জ্যেষ্ঠ জনপ্ৰতিনিধিৰ সৈতে আলোচনাৰ অন্তত সিদ্ধান্ত লোৱা হ’ল যে দীপাৱলী আৰু ছঠৰ বাবে ১২ হাজাৰৰো অধিক বিশেষ ৰে’ল চলোৱা হ’ব।একে সময়তে যাত্ৰীসকলে উভতি অহাৰ সময়ত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে যথাযথ সাৱধানতা অৱলম্বন কৰা হ’ব।

তেওঁ লগতে কয় যে,  ১৩ৰ পৰা ২৬ অক্টোবৰৰ ভিতৰত আগলৈ যাত্ৰা আৰু ১৭ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰৰ ভিতৰত উভতি অহা যাত্ৰীসকলক উভতি অহাৰ টিকটত ২০% ৰেহাই দিয়া হ’ব। 

দিপাৱলী