কুৰুৱাবাহীৰ পানীত মাৰাত্মক আৰ্ছেনিকঃ কাণসাৰ নাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ

বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ কেতবোৰ গাঁৱত খোৱাপানীত তীব্ৰ ভাৱে বৃদ্ধি পাইছে আৰ্ছেনিকৰ মাত্ৰা ফলত সাধাৰণ গাঁওবাসীয়ে দৈনিক পানী ক্ৰয় কৰি ব্যৱহাৰ কৰিব লগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বোকাখাত:   বোকাখাতৰ গ্ৰামাঞ্চল সমূহত অনায়সে এগিলাছ পানী পি দিয়াতো এতিয়া আৰু নিৰাপদ হৈ থকা নাই। সেয়ে এতিয়া ডাঙৰ ডাঙৰ কণ্টেনাৰত পানী ক্ৰয় কৰি পিব লগীয়া হৈছে গাঁওবাসীয়ে।

Advertisment

বিশেষকৈ বোকাখাত সমজিলাৰ অন্তৰ্গত কুৰুৱাবাহী ৰ কিছু কিছু গাঁৱত খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে গাওঁবাসীয়ে। বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ কেতবোৰ গাঁৱত খোৱাপানীত তীব্ৰ ভাৱে বৃদ্ধি পাইছে আৰ্ছেনিকৰ মাত্ৰা ফলত সাধাৰণ গাঁওবাসীয়ে দৈনিক পানী ক্ৰয় কৰি ব্যৱহাৰ কৰিব লগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে।

এটা সময়ত কিছু অৱস্থাপন্ন লোকেহে স্বাস্থ্য সচেতনতাৰ প্ৰতি লক্ষ্য ৰাখি পানী ক্ৰয় কৰি ব্যৱহাৰ কৰিছিল যদিও সম্প্ৰতি যিকোনো অৱস্থাৰ লোকেই পানী ক্ৰয় কৰিছে কুৰুৱাবাহীত। কিন্তু তাতো এটা সমস্যা, কাৰণ ক্ৰয় কৰা পানী কিমান স্বাস্থ্যসন্মত বা বীজাণুমুক্ত সিও আন এক প্ৰশ্ন হৈ উঠিছে।

বিশেষকৈ কুৰুৱাবাহীৰ ধনশিৰিপৰীয়া ১নং চিনাকান,  ২নং চিনাকান,ৰঙাগৰা, আদৰ্শ গাওঁ আদিৰ গাওঁবাসীয়ে দৈনিক ক্ৰয় কৰিব লগীয়া হৈছে খোৱা পানী। কিছুবছৰৰ পূৰ্বে নুমলীগড় শোধনাগাৰৰ আৰ্থিক অনুদানেৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা ব্যৱস্থাপিত একোটাকৈ আৰ্ছেনিক গুচোৱা ফিল্টাৰ উক্ত গাওঁসমূহৰ পৰিয়ালবোৰৰ মাজত প্ৰদান কৰা হৈছিল যদিও সেইবোৰৰ বহুতেই বৰ্তমান ব্যৱহাৰৰ অনুপযোগী হৈ পৰিল।

লক্ষণীয় ভাৱে পৰৱৰ্তী সময়ত সেইসমূহ ব্যৱহাৰৰ উপযোগী হৈ আছেনে নাই সেই খবৰো লোৱা নহ'ল তেজপুৰ বিশ্ববিদ্যালয় আৰু নুমলীগড় শোধনাগাৰৰ তৰফৰ পৰা। আনহাতে খোৱা পানীৰ ক্ষেত্ৰত হৈ যোৱা বানপানীৰ পাছত অধিক সমস্যাত ভোগিছে কুৰুৱাবাহীৰ বানপিড়ীত গাওঁবাসীয়ে।

কাৰণ পানীৰ উৎস, যেনে টিউবেল আদি উক্ত গাওঁসমূহত বানপানীয়ে বুৰাই পেলোৱাৰ পাছত অত্যন্ত বিষাক্ত হৈ পৰিছে সেইসমূহৰ পানী। গাওঁসমূহ বানপানীয়ে বুৰাই পেলোৱাৰ পাছত মাত্ৰ কেইপেকেটমান ব্লিছিং পাওদাৰ আৰু দুটামান 'হেলজেন'ৰ বড়ি দিয়েই দায়িত্ব সামৰিলে বোকাখাত সমজিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগটোয়ে, ইফালে খোৱা পানীৰ পৰীক্ষাৰ বাবে বিভাগটোৰ এটা পৰীক্ষাগাৰো আছে যদিও সেয়া "আছে গৰু নেবায় হাল থকাতকৈ নথকাই ভাল"ৰ দৰে অৱস্থা।

ফলত প্ৰতিদিনেই খোৱা পানী ক্ৰয় কৰি জুৰুলা হোৱা ৰাইজৰ বৰ্তমান আগেয়ে আছিল ঋষিৰ সাপত, এতিয়া দিছে ধানৰ ভাপতৰ দৰে অৱস্থা। এইক্ষেত্ৰত বোকাখাতৰ বিধায়ক,মন্ত্ৰী অতুল বৰায়েও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি আহিছে গাওঁবাসীয়ে।

গাঁওবাসীৰ অভিযোগ অনুসৰি কেৱল ৰবি শস্যৰ বতৰত কেইজনমান অৱস্থাপন্ন কৃষকৰ পথাৰত 'ফটো শ্বুট'ৰ বাবেহে কুৰুৱাবাহীলৈ আহে মন্ত্ৰী অতুল বৰা। সাধাৰণ ৰাইজৰ দুঃখ-দুৰ্দশাৰ প্ৰতি সামান্যতমো কৰ্মসূচী নাই মন্ত্ৰী গৰাকীৰ।

উল্লেখযোগ্য যে, এইক্ষেত্ৰত কুৰুৱাবাহীৰ সামাজিক আৰু জাতীয় সংগঠণৰ শাখা সমূহকো বিষয়টো বিভাগীয় কৰ্তৃপক্ষপৰ দৃষ্টি গোচৰ কৰাত উদাসিনতা প্ৰদৰ্শন কৰি অহাত তীব্ৰ সমালোচনা কৰে ভুক্তভোগী ৰাইজে লগতে অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

আৰ্ছেনিক